ETV Bharat / state

আৰক্ষী বিভাগৰ ভুৱা নিযুক্তিপত্ৰ দিয়া এজন লোকক আটক

author img

By

Published : Aug 7, 2021, 9:39 AM IST

Updated : Aug 8, 2021, 1:38 PM IST

fake police apoitment
আৰক্ষীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

ছয়গাঁৱত আৰক্ষীৰ জালত ভুৱা আৰক্ষী প্ৰাৰ্থী ৷ আটকাধীন লোকজন কালাতলীৰ মইনুল খান ৷

ছয়গাঁও, 7 আগষ্ট : এইবাৰ কেনা লাগিছে অসম আৰক্ষীত ৷ নিচাযুক্ত সামগ্ৰী, ড্ৰাগছ, গাঞ্জা তথা অবৈধ কাৰ্যৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷ এই অভিযানৰ মাজতে বৃহস্পতিবাৰে কামৰূপ আৰক্ষীয়ে খোদ কামৰূপ আৰক্ষীৰ বিৰুদ্ধে চলাই অভিযান ৷ অভিযোগ অসম আৰক্ষীত সংঘটিত হৈছে ভুৱা নিযুক্তি প্ৰক্ৰিয়া ৷ ঘটনাৰ সম্ভেদ লাভ কৰি কামৰূপ আৰক্ষীয়ে চলাই অভিযান ৷ এই অভিযানত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে এজন ব্যক্তিক ৷ প্ৰাপ্ত তথ্য অনুসৰি, আটকাধীন ব্যক্তিগৰাকী হৈছে গৰৈমাৰীৰ কালাতলী গাঁৱৰ পৰা মইনুল খান ৷

লগতে পঢ়ক: বিলাসীপাৰাত বৃহত্‍ পৰিমাণৰ বিলাতী সুৰা-চুলাই মদ জব্দ

অভিযোগ অনুসৰি, মইনুল খানে আৰক্ষী বিভাগৰ চাকৰিৰ ভুৱা নিযুক্তি পত্ৰ লৈ আৰক্ষীৰ চাকৰিত যোগদান কৰিবৰ বাবে যো-জা চলাই আছিল ৷ গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত ভুৱা নিযুক্তি প্ৰক্ৰিয়াৰ সন্দৰ্ভত এই তথ্য লাভ কৰে কামৰূপ আৰক্ষীয়ে আৰু আটক কৰিবলৈ সক্ষম হয় মইনুল খানক ৷ অৱশ্যে গোটেই বিষয়টো তদন্তৰ খাতিৰত কামৰূপ আৰক্ষীয়ে প্ৰত্যক্ষভাৱে সদৰী কৰা নাই কোনো তথ্য ৷ মইনুল খান নামৰ আটকাধীন লোকজন পেচাগতভাৱে এম ই মাদ্ৰাছাৰ শিক্ষক ৷ এগৰাকী শিক্ষকৰ এই কু-কৰ্মই এতিয়া চকু কপালত তুলিছে সাধাৰণ ৰাইজৰ ৷ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷

লগতে পঢ়ক: ড্ৰাগছ মাফিয়াৰ টোপনিৰ কাঢ়িছে নামৰূপৰ এগৰাকী আৰক্ষী বিষয়াই

Last Updated :Aug 8, 2021, 1:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.