ETV Bharat / state

ড্ৰাগছ মাফিয়াৰ টোপনিৰ কাঢ়িছে নামৰূপৰ এগৰাকী আৰক্ষী বিষয়াই

author img

By

Published : Aug 6, 2021, 10:45 PM IST

ড্ৰাগছ মাফিয়াৰ টোপনিৰ কাঢ়িছে নামৰূপৰ উপ-আৰক্ষী অধীক্ষক নৱ কুমাৰ বৰাই
ড্ৰাগছ মাফিয়াৰ টোপনিৰ কাঢ়িছে নামৰূপৰ উপ-আৰক্ষী অধীক্ষক নৱ কুমাৰ বৰাই

নামৰূপৰ উপ-আৰক্ষী অধীক্ষক নৱ কুমাৰ বৰাই প্ৰতিদিনে আটক কৰিছে ড্ৰাগছ সৰবৰাহকাৰী ৷ আৰক্ষী বিষয়া গৰাকীয়ে এক প্ৰকাৰ জেহাদ ঘোষণা কৰিছে ড্ৰাগছ নিৰ্মূল কৰাৰ বিৰুদ্ধে ৷

মৰাণ, 6 আগষ্ট : ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা ডিব্ৰুগড়ৰ এজন আৰক্ষী বিষয়াৰ । সাহিত্য চৰ্চা কৰি ভালপোৱা আৰক্ষী বিষয়াজনে এতিয়া টোপনি কাঢ়িছে ড্ৰাগছ মাফিয়াৰ । তৈল নগৰী দুলীয়াজানত যিদৰে পূৰ্বৰ তুলনাত অপৰাধীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে ঠিক সেইদৰে ডিব্ৰুগড় জিলাৰ নামৰূপস্থিত উপ-আৰক্ষী অধীক্ষক নৱ কুমাৰ বৰাৰ অধীনত থকা আৰক্ষী থানাৰ আৰক্ষী চকী সমূহৰ অন্তৰ্গত বিভিন্ন ঠাইত চলি থকা দুষ্কাৰ্য বন্ধ আৰু অপৰাধ মুক্ত কৰিবৰ বাবে উঠি পৰি লগা পৰিলক্ষিত হৈছে ।

উল্লেখযোগ্য যে, উপ-আৰক্ষী অধীক্ষক নৱ কুমাৰ বৰাৰ অধীনত থকা আৰক্ষীৰ এটা দলে জিলাখনত যোগদান কৰাৰে পৰা ড্ৰাগছ, ভাং, কানি, নাৰীদেহ ব্যৱসায়, জুৱা খেল, আদি ব্যৱসায় আৰু নিচা সেৱন কৰাৰ অপৰাধত বহু কেইজন লোকক আদালতলৈ প্ৰেৰণ কৰিছে । প্ৰতিদিনে উৎখাত কৰিছে ড্ৰাগছৰ ঘাটি । ইফালেদি উপ-আৰক্ষী অধীক্ষক নৱ কুমাৰ বৰাই অপৰাধী কৰায়ত্ত কৰাৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি বৃহস্পতিবাৰে নিশা দুলীয়াজানৰ বিভিন্ন ঠাইৰ পৰা গোপন সূত্ৰৰ পম খেদি বৰবিহ সদৃশ ড্ৰাগছ সেৱন কৰাৰ অপৰাধত সাত জনক আটক কৰি শুকুৰবাৰে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ।

ড্ৰাগছ মাফিয়াৰ টোপনিৰ কাঢ়িছে নামৰূপৰ উপ-আৰক্ষী অধীক্ষক নৱ কুমাৰ বৰাই
ড্ৰাগছ মাফিয়াৰ টোপনিৰ কাঢ়িছে নামৰূপৰ উপ-আৰক্ষী অধীক্ষক নৱ কুমাৰ বৰাই

মুঠৰ ওপৰত অপৰাধীৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে আৰক্ষী বিষয়া গৰাকীয়ে । ড্ৰাগছৰ ব্যৱসায় সম্পূৰ্ণকৈ বন্ধ কৰা সম্ভৱ নহয় যদিও ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিদিনে অভিযান চলিব বুলি জানিবলৈ দিয়ে বিষয়া গৰাকীয়ে । উল্লেখযোগ্য যে, ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে ড৹ হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব গ্ৰহণ কৰিয়েই ৰাজ্যৰ পৰা ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰীৰ বেহা উৎখাত কৰিবলৈ অসম আৰক্ষীক নিৰ্দেশ প্ৰদান কৰিছিল ৷

ড্ৰাগছ মাফিয়াৰ টোপনিৰ কাঢ়িছে নামৰূপৰ উপ-আৰক্ষী অধীক্ষক নৱ কুমাৰ বৰাই

তাপাছতে ৰাজ্যজুৰি অভিযান চলাই অসম আৰক্ষীয়ে কোটি কোটি টকাৰ ড্ৰাগছকে ধৰি নিচাজাতীয় সমাগ্ৰী উদ্ধাৰ কৰিছিল ৷ লগতে এই বেহাৰ সৈতে জড়িত সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ৷ আজিও এই নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে ৷

লগতে পঢ়ক : সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই জ্বলালে অখিল গগৈৰ পুত্তলিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.