ETV Bharat / state

ৰঙিয়াত আৰক্ষীৰ জালত পৰিল মানৱ সৰবৰাহকাৰী

author img

By

Published : Aug 9, 2021, 9:12 PM IST

a-human-trafficker-fell-into-the-trap-of-police-in-rangia
ৰঙিয়াত আৰক্ষীৰ জালত পৰিল মানৱ সৰবৰাহকাৰী

মানৱ সৰৱৰাহকীৰ বিৰুদ্ধে অসম চৰকাৰ তথা অসম আৰক্ষী কঠোৰ হোৱাৰ মাজতো ৰাজ্যত অব্যাহত আছে মানৱ সৰৱৰাহৰ ঘটনা ৷ এইবাৰ ৰঙিয়াত আৰক্ষীৰ জালত পৰিছে মানৱ সৰবৰাহকাৰী এটা চক্ৰ ৷

ৰঙিয়া, 9 জুলাই : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পাছতে মানৱ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অব্যাহত ৰাখিছে কঠোৰ অভিযান ৷ ইয়াৰ মাজতে সোমবাৰে ৰঙিয়া ৰেল জংচনত সেনাৰ জালত পৰে এটা মানৱ সৰবৰাহকাৰী এটা চক্ৰ ৷ গোপন সূত্ৰৰ খবৰৰ ভিত্তিত চলা অভিযানত ভূটান সীমান্তৰ পৰা গুজৰাট অভিমুখে যাবলৈ ওলোৱা শিশু, কিশোৰ সহ 14 গৰাকী লোকক উদ্ধাৰ কৰে ৰঙিয়া এছ এছ বিয়ে ৷

ৰঙিয়াত আৰক্ষীৰ জালত পৰিল মানৱ সৰবৰাহকাৰী

প্ৰাপ্ত খবৰ মতে, অভিযান কালত উদ্ধাৰ হৈছে এটি চাৰি বছৰীয়া শিশু, 2 গৰাকী কিশোৰ সহ 9 গৰাকী যুৱক-যুৱতীৰ এটা বৃহৎ দল ৷ গুজৰাটৰ কোম্পানীত কাম দিয়াৰ প্ৰলোভনেৰে তেওঁলোকক ৰেলেৰে নিয়াৰ যো-জা চলাইছিল সৰবৰাহকাৰীয়ে ৷ ঘটনা সংক্ৰান্তত সঞ্জীৱ বড়ো নামৰ এজন সৰবৰাহকাৰীক আটক কৰি ৰেল আৰক্ষীক চমজাই দিছে এছ এছ বিয়ে ৷ ৰঙিয়া ৰেল জংচনত ৰেলৰ বাবে অপেক্ষা কৰি থকা অৱস্থাতে অভিযানকাৰী দলটোৱে আটাইকেইগৰাকী যুৱক-যুৱতীক সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ কৰে ।

ৰেলৱে আৰক্ষীয়ে জনোৱা মতে, এইসকল লোকক বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ বিভিন্ন অঞ্চলৰ পৰা লৈ অনা হৈছিল ৷ সম্প্ৰতি ৰঙিয়া ৰেলৱে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷ তদন্তৰ পাছত ঘটনাৰ সমগ্ৰ ৰহস্য পোহৰলৈ অহাৰ লগতে ঘটনাত জড়িত আৰু অধিক ব্যক্তি জালত পৰাৰ সন্দেহ প্ৰকাশ কৰিছে ৰেলৱে আৰক্ষীয়ে ৷

উল্লেখ্য যে, কভিড পৰিস্থিতি আৰু দৰিদ্ৰতাৰ সুযোগ গ্ৰহণ কৰি ৰাজ্যত সক্ৰিয় হৈ উঠিছে একাংশ মানৱ সৰৱৰাহকাৰী চক্ৰ ৷ বিষয়টোৰ সন্দৰ্ভত ইতিমধ্যেই বিশেষভাৱে আৰোপ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰী গৰাকীৰ কঠোৰ নিৰ্দেশ তথা অসম আৰক্ষীৰ তৎপৰতাত শেহতীয়াকৈ ছিকিমৰ পৰা উদ্ধাৰ কৰা হৈছে 42 টাকৈ শিশু ৷ লগতে সন্ধানহীন হৈ আছে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা নিৰুদ্দেশ হোৱা আন 38 টাকৈ শিশু ৷ উক্ত ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ তদন্ত অব্যাহত আছে ৷

লগতে পঢ়কঃ জাৰি হ'ল নতুন SOP: শিথিল হ'ল সান্ধ্য আইনৰ সময়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.