ETV Bharat / state

জাৰি হ'ল নতুন SOP: শিথিল হ'ল সান্ধ্য আইনৰ সময়

author img

By

Published : Aug 9, 2021, 3:58 PM IST

সোমবাৰে ৰাজ্য চৰকাৰে পুনৰ জাৰি কৰিলে নতুন SOP ৷ মঙলবাৰে পুৱা 5 বজাৰ পৰা কাৰ্যকৰী হ’ব নতুন SOP ৷

as_ghy_03_new_sop_7206058
জাৰি হ'ল নতুন SOP: শিথিল হ'ল সান্ধ্যআইনৰ সময়

গুৱাহাটী, ৯ আগষ্ট : সোমবাৰে পুনৰ জাৰি হ'ল ক'ভিড সংক্ৰান্তীয় নতুন নিয়ম (SOP) । ৰাজ্য চৰকাৰে জাৰি কৰা এই নতুন SOP কাৰ্যকৰী হ’ব মঙলবাৰ অৰ্থাৎ কাইলৈ পুৱা ৫ বজাৰ পৰা । সুদীৰ্ঘ সময়জুৰি বন্ধ হৈ থকা আন্তঃজিলা যাতায়ত খুলি দিয়াৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত লোৱা হোৱা নাই নতুন SOPত ।

as_ghy_03_new_sop_7206058
জাৰি হ'ল নতুন SOP

অৱশ্যে মঙলবাৰে জাৰি কৰা নতুন SOP অনুসৰি ৰাজ্যত বলৱৎ হৈ থকা সান্ধ্য আইনৰ সময় কিছু পৰিমাণে শিথিল কৰা হৈছে । সেই মৰ্মে কাইলৈৰ পৰা সকলো জিলাতে সন্ধিয়া ৬ বজাৰ পৰাহে বলৱৎ হ’ব সান্ধ্য আইন । একেদৰে, সকলো দোকান পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, কাৰ্যালয় আদি সন্ধিয়া ৫ বজাপৰ্যন্ত খোলা ৰাখিব পাৰিব ।

as_ghy_03_new_sop_7206058
জাৰি হ'ল নতুন SOP

কিন্তু বিদ্যালয় বা শৈক্ষিক প্ৰতিষ্ঠানসমূহ পুনৰ খুলি দিয়াৰ কোনো নিৰ্দেশনা দিয়া হোৱা নাই নতুন SOPত । পূৰ্বৰ দৰে অব্যাহত থাকিব অনলাইন পাঠদান ।

as_ghy_03_new_sop_7206058
জাৰি হ'ল নতুন SOP

অৱশ্যে মুকলি ঠাইত সভা-সমিতি অনুষ্ঠিত কৰা বা অধিক লোকৰ সমাৱেশ এতিয়াও নিষিদ্ধ কৰি ৰখা হৈছে । ধৰ্মীয় স্থানসমূহ পুনৰ খোলাৰো কোনো নিৰ্দেশনা দিয়া হোৱা নাই সোমবাৰে জাৰি হোৱা নতুন SOPত ।

as_ghy_03_new_sop_7206058
জাৰি হ'ল নতুন SOP

উল্লেখ্য যে, বৰ্তমানলৈকে লখিমপুৰ আৰু গোলাঘাট জিলাত দিনৰ 2 বজাৰ পৰা পুৱা 5 বজালৈ বলৱৎ হৈ আছিল সান্ধ্য আইন ৷ এই দুয়োখন জিলাতে দিনৰ 1 বজালৈ দোকান-পোহাৰ খোলা ৰাখিবলৈ অনুমতি প্ৰদান কৰা হৈছিল ৷ এই দুখন জিলাক বাদ দি বাকী সকলো জিলাতে সান্ধ্য আইন সন্ধিয়া 5 বজাৰ পৰা পুৱা 5 বজালৈ অব্যাহত আছিল ৷

লগতে পঢ়ক: ৰাজ্যত দুসপ্তাহৰ বাবে পুনৰ জাৰি হ’ল নতুন SOP

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.