ETV Bharat / state

Man buys a android phone with saved coins:মানুহে সপোন দেখিব লাগে, কেৱল দৃঢ় মন এটাৰ সৈতে

author img

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 12:40 PM IST

a e rickshaw driver buys a android phone with saved coins in rangia
খুচুৰা পইচাৰে মোবাইল ক্ৰয়

কেতিয়াবা ভাবিছেনে খুচুৰা পইচা গোটাই নিজৰ প্ৰিয় বস্তু কিনাৰ কথা ? আচৰিত লাগে নহয়নে খুচুৰা পইচা ! খুচুৰা পইচাৰে ই কেনেকৈ সম্ভৱ ? চকলেট, মৰ্টন, শাক-পাচলি, চিপছ্, কল্ড ড্ৰিংকছলৈকে খুচুৰা পইচাৰে ভাৱিব পাৰি, কিন্তু তাততৈ ওপৰত ভাবিবলৈয়ো মন নাযায় ৷ কিন্তু এষাৰ কথা আছে নহয়, ভিন্ন মানুহ ভিন্ন চিন্তা ৷ কথা চিন্তা কৰাৰ ধৰণ তথা সপোনৰ পৰিসৰ সকলোৰে বাবে বেলেগ বেলেগ ৷ কিন্তু আৰ্থিক অৱস্থা লাগিলে যিয়েই নহওক কিয়, মানুহে সপোন দেখিব লাগে ৷

খুচুৰা পইচাৰে মোবাইল ক্ৰয়

ৰঙিয়া, 9 নৱেম্বৰ : সপোনৰ দুনিয়াখন সঁচাই ধুনীয়া ৷ ৰীয়েল লাইফত বিচৰা ফুৰা বস্তুটো আমি তৎমুহূৰ্ততে সপোনৰ দুনিয়াত ওচৰৰ পৰা চুই চাব পাৰো ৷ আৰু কেতিয়াবা সেই সপোনেই আমাক প্ৰেৰণা যোগান সপোন বাস্তৱায়িত কৰিবলৈ ৷ আজি আপোনালোকলৈ আগবঢ়াইছো তেনে এজন যুৱকৰ কাহিনী, যিয়ে কৰি দেখুৱালে কোনেও সহজতে ভাৱিব নোৱাৰা কাম এটা ৷ নাম তেওঁৰ আবু চাহেদ আলী ৷

আবু চাহেদ আলী আজি চৰ্চালৈ অহাৰ আঁৰত আছে তেওঁ ধৈৰ্য আৰু সপোন ৷ বৰ্তমান যুগত লোন লৈ বস্তু ক্ৰয় কৰাটো একেবাৰে সহজসাধ্য হৈ পৰিছে । এনেকুৱা বহু লোক আছে যিয়ে ইনষ্টলমেণ্টত টিভি, ফ্ৰিজ, বাইক, ফোন আদি কিনি মাহে মাহে মূল্য পৰিশোধ কৰি আছে । কিন্তু মাহৰ মূৰত ই এম আইত দিব লগীয়া পইচা বা সুতৰ হাৰে কেতিয়াবা আপোনাক বিপদতো পেলাব পাৰে । বিশেষকৈ খাটি খোৱা শ্ৰেণীৰ লোকসকলৰ বাবে এয়া এক বৃহৎ প্ৰত্যাহ্বান । এনে সময়তে সোঁতৰ বিপৰীতে গৈ কেইবা বছৰো ধৈৰ্য ধৰি নিজৰ জমা পইচাৰে মন পচন্দৰ বস্তু কিনিছে ৰঙিয়াৰ বৰঘুলীৰ আবু চাহেদ আলীয়ে।

ই-ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰা চাহেদৰো এটা স্মাৰ্ট ফোন ল’বলৈ বৰ মন আছিল । কিন্তু ধনৰ অভাৱত ফোন কিনাটো অসম্ভৱ আছিল । ই এম আইৰ জৰিয়তে মোবাইল ফোন কিনাৰ কথা ভাবিলে যদিও সুতৰ হাৰ প্ৰত্যক্ষ কৰি সেই আশা তাতেই বাদ দিলে । কিন্তু ফোন কিনাৰ দুৰ্বাৰ আশা মনত পুহি যুৱকজনে পইচা জমা কৰিবলৈ আৰম্ভ কৰিলে আৰু অৱশেষত পাঁচ বছৰত দহ টকা বিশ টকাকৈ জমা কৰি যুৱকজনে ষোল্ল হাজাৰ টকা জমা কৰিলে এটা স্মাৰ্ট ফোন ক্ৰয় কৰিবলৈ ।

নিজৰ জমা পইচা লৈ যেতিয়া চাহেদ দোকানত উপস্থিত হ’ল তেতিয়া দোকানীও আচৰিত হ’ল ধনৰ টোপোলা দেখি । কাৰণ চাহেদে ফোন কিনিবলৈ কেৱল খুচুৰা পইচা লৈয়েই দোকানত উপস্থিত হৈছিল । অৱশেষত দোকানৰ আটাইকেইজন কৰ্মচাৰীয়ে লগ হৈ প্ৰায় ডেৰ ঘণ্টা ধৰি পইচা হিচাপ কৰি ষোল্ল হাজাৰ টকাৰ নতুন মোবাইল তুলি দিলে আবু চাহেদ আলীৰ হাতত ৷ মুখত হাঁহি, হাতত নতুন মোবাইল লৈ ঘৰমুৱা হ’ল চাহেদ ।

লগতে পঢ়ক : Mobile Phone bought with saved coins: সাঁচতীয়া খুচুৰা পইচাৰে পূৰালে সপোন, ক্ৰয় কৰিলে মোবাইল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.