ETV Bharat / state

Mobile Phone bought with saved coins: সাঁচতীয়া খুচুৰা পইচাৰে পূৰালে সপোন, ক্ৰয় কৰিলে মোবাইল

author img

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 3:45 PM IST

ডিব্ৰুগড়ৰ এখন মোবাইল প্ৰতিষ্ঠানত আজৱ দৃশ্য । খুচুৰা পইচাৰে ভৰি পৰিছে দোকানখন । প্ৰায় ১৮,৫০০ খুচুৰা পইচাৰে মোবাইল ক্ৰয় কৰিবলৈ আহিল এগৰাকী মহিলা । দৃশ্য দেখি হতবাক সকলো ।

Bought Mobile Phone with saved coins
খুচুৰা পইচাৰে পূৰালে সপোন, ক্ৰয় কৰিলে মোবাইল

খুচুৰা পইচাৰে পূৰালে সপোন, ক্ৰয় কৰিলে মোবাইল

ডিব্ৰুগড়,২২ ছেপ্টেম্বৰ: আজিৰ তাৰিখত এটা এনড্ৰইড ফোন আপোনাৰ মোৰ বাবে তেনেই সাধাৰণ কথা । কিন্তু, এতিয়াও এনে কিছু লোক আছে যাৰ বাবে এটা এনড্ৰইড ফোন ক্ৰয় কৰি এখন ফটো উঠাটো ডাঙৰ সপোন । বহুতৰে ঘৰে ঘৰে লুকাই থাকে তেনে বহু কাহিনী । এনে এটি কাহিনী মৰাণৰ । এটি পৰিয়ালৰ দীৰ্ঘদিনীয়া এটি সপোন পূৰ্ণ হ'ল । ঘৰলৈ আহিল এটা এনড্ৰইড ফোন ।

ৰ'ব, আপুনি হয়তো ভাবিছে, এনড্ৰইড ফোন ক্ৰয় কৰাটো এনে কি ডাঙৰ কথা ? এই খবৰে কিয় সংবাদ শিৰোনাম দখল কৰিছে । ইয়াৰ আঁৰত আছে এটি হৃদয়স্পৰ্শী কাহিনী । ধৈৰ্য, হেঁপাহ থাকিলে অসম্ভৱো সম্ভৱ । খুচুৰা পইচাৰে ক্ৰয় কৰিলে এনড্ৰইড ফোন । দোকানীক দিলে ১৮,৫০০ খুচুৰা পইচা । ডিব্ৰুগড় চহৰৰ মন পৰশা এই কাহিনী । চহৰখনৰ মাজমজিয়াত থকা 'মোবাইল চিটি' নামৰ প্ৰতিষ্ঠানখলৈ আহিছিল এগৰাকী সাধাৰণ মহিলা । হাতত এটা বেগ । উদ্দেশ্য আছিল এটা এনড্ৰইড ফোন ক্ৰয় কৰা ।

মানুহগৰাকীৰ নাম হেমন্তী চেতিয়া লাহন । তেওঁৰ বেগত আছিল প্ৰায় ২০০০০ খুচুৰা পইচা । সেয়া আছিল দীৰ্ঘদিনীয়া সাঁচতীয়া ধন । আন বহুতৰে তেওঁৰো সপোন আছিল এটা এনড্ৰইড ফোন ক্ৰয় কৰিব, একপি ফটো উঠিব । সেয়ে, বহুদিন পূৰ্বৰে পৰা এটকা, দুটকাকৈ সাঁচি গৈছিল হেমন্তীয়ে । দীৰ্ঘদিনৰ ধৈৰ্যৰ ফল লাভ কৰিলে তেওঁ । এটকা, দুটকা,পাঁচ টকা আৰু দহ টকা কৰি মুঠ ১৮,৫০০ খুচুৰা পইচা আৰু কাগজৰ নোট দি ক্ৰয় কৰিলে মুঠ ২১০০০ টকা দামৰ এটা আটক ধুনীয়া মোবাইল ফোন ।

প্ৰথমে দুখনকৈ প্ৰতিষ্ঠানত মোবাইল ক্ৰয় কৰিবলৈ প্ৰৱেশ কৰিছিল যদিও প্ৰতিষ্ঠান দুখনে খুচুৰা পইচা ল'বলৈ অমান্তি হোৱাত হতাশ হৈ পৰিছিল হেমন্তী চেতিয়া লাহন । অৱশেষত মোবাইল চিটি নামৰ প্ৰতিষ্ঠানখনৰ স্বতাধিকাৰী মান্তি হ'ল মন পচন্দৰ মোবাইল ফোনটো দিবলৈ । জীৱনত কোনোদিনে এনে গ্ৰাহকৰ সন্মুখীন নোহোৱা প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰীগৰাকীয়েও মাৰিলে সন্তুষ্টিৰ হাঁহি । এখন সৰু দোকান, বাৰীৰ শাক-পাচলি, হাঁহ-কুকুৰা, বিক্ৰী কৰি পোৱা টকাৰে নিজৰ পৰিয়াল পোহপাল দিয়াৰ উপৰিও সপোন পূৰাবলৈ তেওঁ যি সংগ্ৰাম অতিক্ৰম কৰিলে সেয়া সঁচাকৈয়ে প্ৰশংসনীয় । সঞ্চয় কিদৰে কৰিব পাৰি তাকেই যেন শিকাই গ'ল হেমন্তী চেতিয়া লাহনে ।

লগতে পঢ়ক: Curfew reimpose in West Imphal: মণিপুৰৰ পশ্চিম ইম্ফলত সম্পূৰ্ণৰূপে সান্ধ্য আইন জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.