ETV Bharat / state

Zoo Road Flyover: পূজাৰ উপহাৰ ! মহাপঞ্চমীৰ দিনা উদ্বোধন হ’ব শ্ৰদ্ধাঞ্জলি উৰণ সেতু

author img

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 10:56 AM IST

Updated : Oct 18, 2023, 11:59 AM IST

মুখ্যমন্ত্ৰীৰ গুৱাহাটীবাসীলৈ পূজাৰ উপহাৰ ৷ দুৰ্গোৎসৱৰ মহাপঞ্চমীৰ দিনা উদ্বোধন কৰা হ’ব শ্ৰদ্ধাঞ্জলি উৰণ সেতু ৷ এই উৰণ সেতুখনৰ মূল অংশ কমাৰ্চ পইণ্টৰ পৰা সুন্দৰপুৰলৈ ১.৯৮ কিলোমিটাৰ আৰু আন এটা অংশ জু তিনিআলিত জু-নাৰেংগী পথ ৰূপে পৰিচিত মাডাৰ টেৰেছা পথলৈ ৩৩০ মিটাৰ ফাটি গৈছে ৷

Zoo Road Flyover
মহাপঞ্চমীৰ দিনা উদ্বোধন হ’ব শ্ৰদ্ধাঞ্জলি উৰণ সেঁতু

মহাপঞ্চমীৰ দিনা উদ্বোধন হ’ব শ্ৰদ্ধাঞ্জলি উৰণ সেঁতু

গুৱাহাটী, ১৮ অক্টোবৰ: উত্তৰ-পূৱৰ দুৱাৰমুখ গুৱাহাটী মহানগৰত মুকলি হ’ব আন এখন নতুন ফ্লাই অভাৰ । মুকলি হ’ব গুৱাহাটী মহানগৰীৰ জু ৰোডৰ উৰণ সেতুখন ৷ ১৯ অক্টোবৰ দুৰ্গোৎসৱৰ পঞ্চমীৰ দিনা উদ্বোধন কৰা হ’ব 'শ্ৰদ্ধাঞ্জলি উৰণ সেতু’ নামেৰে নামকৰণ কৰা এই উৰণ সেতুখন ৷ উদ্বোধন কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷

বুধবাৰে নিশা বাজপেয়ী ভৱনত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰী শৰ্মাই সদৰী কৰা মৰ্মে বৃহস্পতিবাৰে সন্ধিয়া ৫-৩০ বজাত ৰাজ্য চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ তৰফৰ পৰা জু তিনিআলিৰ বৃন্দাবন গাৰ্ডেনত আয়োজন কৰা হৈছে উদ্বোধনী অনুষ্ঠানৰ । ক্ৰমবৰ্ধমান যানজঁটৰ পৰা মহানগৰবাসীক সকাহ দিয়াৰ উদ্দেশ্যৰে মহানগৰখনত একাধিক স্থানত নতুনকৈ নিৰ্মাণ কৰা হৈছে উৰণ সেতু । ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ হাতত আছে মহানগৰীৰ বুকুত নতুন একাধিক ফ্লাই অভাৰৰ অনুমোদিত প্ৰকল্প ৷ তাৰ মাজতেই মুকলি হ’ব ২.২৮ কিল’মিটাৰ দৈৰ্ঘৰ শ্ৰদ্ধাঞ্জলি উৰণ সেতুখন ৷

ইয়াৰ মূল অংশ কমাৰ্চ পইণ্টৰ পৰা সুন্দৰপুৰলৈ ১. ৯৮ কিলোমিটাৰ আৰু আন এটা অংশ জু তিনিআলিত জু-নাৰেংগী পথ ৰূপে পৰিচিত মাদাৰ টেৰেছা পথলৈ ৩৩০ মিটাৰ ফাটি গৈছে ৷ ২.২৮ কিল’মিটাৰ দৈৰ্ঘৰ এই উৰণ সেতুখনৰ মুঠ খৰচ ৩১৮ কোটি টকা ৷ লোকনিৰ্মাণ বিভাগে মুঠ ১৯ মাহ সময়ৰ ভিতৰত সম্পূৰ্ণ কৰি তুলিছে এই উৰণ সেতুখনৰ নিৰ্মাণৰ কাম ৷

আশা কৰা হৈছে এই উৰণ সেতুখন হোৱাৰ পাচত যান-জঁটৰ পৰা কিছু পৰিমাণে হ’লেও সকাহ পাব মহানগৰবাসীয়ে ।

লগতে পঢ়ক: Loksabha election 2024: নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কিয় BPF ক কাষত বিচাৰিলে মুখ্যমন্ত্ৰীয়ে !

Last Updated :Oct 18, 2023, 11:59 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.