ETV Bharat / state

পশু চিকিৎসা বিভাগৰ তৎপৰতাত অসমে ৰোধ কৰিছে আফ্ৰিকান ছোৱাইন ফিভাৰ- অতুল বৰা

author img

By

Published : May 26, 2020, 8:36 PM IST

'উজনি অসমৰ কেইবাখনো জিলাত আফ্ৰিকান ছোৱাইন ফিভাৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল । এই ৰোগত আক্ৰান্ত হৈ লখিমপুৰ, বিশ্বনাথ, শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়, গোলাঘাট আৰু নগাঁৱত প্ৰায় 15,867 টা গাহৰিৰ মৃত্যু হয় । ইয়াৰ পিছতে ৰাজ্যত গাহৰি মাংসৰ বিক্ৰী বন্ধ কৰি দিয়া হয় । যদিও পশু চিকিৎসা বিভাগৰ তৎপৰতাৰ বাবে আফ্ৰিকান ছোৱাইন ফিভাৰ সংক্ৰমণ ৰোধ কৰিবলৈ সক্ষম হৈছে অসমে ।' - অতুল বৰা

With the help of vetenary department Assam succeed to prevent African Swine Fever-Atul Bora
পশু চিকিৎসা বিভাগৰ তৎপৰতাত অসমে ৰোধ কৰিছে আফ্ৰিকান ছোৱাইন ফিভাৰ- অতুল বৰা

গুৱাহাটী, 26 মেঃ মঙলবাৰে ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই সম্বোধন কৰে সংবাদমেল । সংবাদমেলযোগে মন্ত্ৰী গৰাকীয়ে কয় যে, উজনি অসমৰ কেইবাখনো জিলাত আফ্ৰিকান ছোৱাইন ফিভাৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল । এই ৰোগত আক্ৰান্ত হৈ লখিমপুৰ, বিশ্বনাথ, শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়, গোলাঘাট আৰু নগাঁৱত প্ৰায় 15,867 টা গাহৰিৰ মৃত্যু হয় । ইয়াৰ পিছতে ৰাজ্যত গাহৰি মাংসৰ বিক্ৰী বন্ধ কৰি দিয়া হয় । যদিও পশু চিকিৎসা বিভাগৰ তৎপৰতাৰ বাবে আফ্ৰিকান ছোৱাইন ফিভাৰ সংক্ৰমণ ৰোধ কৰিবলৈ সক্ষম হৈছে ।

কৃষিমন্ত্ৰী অতুল বৰাৰ সংবাদমেল

ইয়াৰ উপৰিও এই ছোৱাইন ফিভাৰ ঘৰচীয়া গাহৰিৰ পৰা যাতে বনৰীয়া গাহৰিলৈ সংক্ৰমিত নহয় তাৰ বাবে ৰাজ্যৰ বন বিভাগে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনৰীয়া গাহৰি সমূহ যাতে চুবুৰীয়া গাঁও সমূহলৈ যাব নোৱাৰে তাৰ বাবে গাঁত খান্দি নলা বনোৱা হৈছে । গাহৰিৰ বিক্ৰীৰ ফলত ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে ৰাজ্যৰ গাহৰি পালক সকল । ইয়াৰ বাবে চৰকাৰে ছোৱাইন ফিভাৰ প্ৰভাৱিত অঞ্চলসমমূহৰ 10 কিলোমিটাৰ নিলগত গাহৰিৰ বিক্ৰীৰ বাবে অনুমতি প্ৰদান কৰিছে ।

কৃষিমন্ত্ৰী অতুল বৰাৰ সংবাদমেল

উল্লেখ্য যে, ৰাজ্য চৰকাৰে আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত গাহৰি সমূহক কন্টেইনমেন্ট জ'নত ৰখাৰ ব্যৱস্থা কৰিছে । আনহাতে এখন জিলাৰ পৰা অন্য জিলালৈ গাহৰি নিয়াৰ লগতে বহিঃৰাজ্যৰ পৰা গাহৰি অনাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰিছে বুলি সংবাদমেলত ব্যক্ত কৰে ।

লগতে পঢ়ক- তেজপুৰ বিশ্ববিদ্যালয়ৰ মাণ্ডলিক কোৱাৰেণ্টাইন কেন্দ্ৰ পৰিদৰ্শন ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.