ETV Bharat / state

মহানগৰীত বনৰীয়া গাহৰিৰ সন্ত্ৰাস

author img

By

Published : Aug 8, 2020, 5:14 PM IST

wild-boar-terror-in-guwahati
মহানগৰীত বনৰীয়া গাহৰিৰ সন্ত্ৰাস

বনৰীয়া গাহৰিৰ সন্ত্ৰাসৰ পিছতে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ গাহৰি দুটাক বিচাৰি অভিযান চলায় যদিও এতিয়ালৈকে সন্ধান উলিয়াব পৰা নাই বনৰীয়া গাহৰি দুটাৰ ৷

গুৱাহাটী, 8 আগষ্ট : গুৱাহাটী মহানগৰীত বন গাহৰিৰ সন্ত্ৰাস। দুটাকৈ বনৰীয়া গাহৰিৰ আক্ৰমণত আহত হৈছে চাৰিজন লোক। শনিবাৰে সংঘটিত হৈছে এই আক্ৰমণৰ ঘটনা।

মহানগৰীৰ গুৱাহাটী প্ৰেছ ক্লাব আৰু তাৰ কাষতে থকা হস্ততাঁঁত বস্ত্ৰশিল্প বিভাগৰ কাৰ্যালয়ত অতৰ্কিতে প্ৰৱেশ কৰে প্ৰকাণ্ড বনৰীয়া গাহৰি দুটাই। প্ৰৱেশ কৰিয়েই আক্ৰমণ চলায় কেইবাজনো লোকক ৷ গাহৰিৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় গুৱাহাটী প্ৰেছ ক্লাবৰ চাফাই কৰ্মী ৰাজেন্দ্ৰ লহকৰ, টেক্সটাইলৰ কৰ্মচাৰী লক্ষী বড়ো, পুৰাতত্ব বিভাগৰ দুই কৰ্মচাৰী মকলেছ আলী আৰু কৰুণা বৰ্মন। লগে লগে আহত ১ জনক ভৰ্তি কৰোৱা হয় মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত, ১জনক গুৱাহাটী মেডিকেল কলেজ হাস্পতাল আৰু ২জনক উইনট্র'ব চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

মহানগৰীত বনৰীয়া গাহৰিৰ সন্ত্ৰাস

বনৰীয়া গাহৰিৰ সন্ত্ৰাসৰ পিছতে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ গাহৰি দুটাক বিচাৰি অভিযান চলায় যদিও এতিয়ালৈকে সন্ধান উলিয়াব পৰা নাই বনৰীয়া গাহৰি দুটাৰ ৷

লগতে পঢ়ক : ৰাজ্যত পুনৰ সাংবাদিকৰ হত্যাকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.