ETV Bharat / state

জটিল ৰূপ ধাৰণ কৰিছে গুৱাহাটীৰ খোৱাপানীৰ সমস্যাই

author img

By

Published : Sep 23, 2021, 7:07 PM IST

water crisis
জটিল ৰূপ ধাৰণ কৰিছে গুৱাহাটীৰ খোৱাপানীৰ সমস্যাই

অভিজাত গুৱাহাটীৰ প্ৰধান সমস্যা হৈছে খোৱাপানীৰ সমস্যা । বছৰ বছৰ ধৰি খোৱাপানীৰ নাটনিৰ সমস্যাই জুৰুলা কৰি আহিছে মহানগৰবাসীক । কোনো এখন চৰকাৰেও আজিলৈ খোৱাপানীৰ নাটনি দূৰ কৰিবলৈ সক্ষম হোৱা নাই । কিহৰ বাবে দীৰ্ঘদিন ধৰি গুৱাহাটীবাসীৰ এই সমস্যা সমাধান হোৱা নাই ?

গুৱাহাটী,২৩ ছেপ্টেম্বৰ : মহানগৰবাসীক খোৱাপানীৰ লগতে অন্যান্য ব্যৱহাৰযোগ্য পানীৰ নাটনিয়ে নিতৌ জুৰুলা কৰিছে । গুৱাহাটী মহানগৰীত একাংশ লোকে নিতৌ পানী ক্ৰয় কৰিবলগীয়া হয় । গুৱাহাটী পৌৰ নিগম আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সৰু সৰু আঁচনিৰ জৰিয়তে মহানগৰবাসীক পানীৰ যোগান ধৰা হৈছে যদিও জনসংখ্যা অনুপাতে সেই পানী পৰ্যাপ্ত নহয় ।

গুৱাহাটী পৌৰ নিগমৰ (GMC) এক সূত্ৰৰ পৰা পোৱা তথ্য মতে মহানগৰীত বৰ্তমান জনসংখ্যা অনুপাতে দৈনিক কমেও ৩৬৫ নিযুত লিটাৰ পানীৰ প্ৰয়োজন । পৌৰ নিগমৰ পানী যোগান আঁচনিৰ তিনিটা প্ৰকল্প হৈছে ক্ৰমে পাণবজাৰ, সাতপুখুৰী আৰু কামাখ্যা পানী যোগান প্ৰকল্প । দৈনিক প্ৰকল্প কেইটাৰ পৰা ৪৪.৫০ নিযুট লিটাৰ পানী যোগান ধৰা হয় । প্ৰকল্প তিনিটাৰ দৈনিক ৭৪ নিযুত পানী যোগান ধৰাৰ ক্ষমতা আছে যদিও প্ৰকল্প কেইটা আওপুৰণি হোৱাৰ বাবে পূৰ্বৰ তুলনাত পানী যোগানৰ ক্ষমতা হ্ৰাস পাইছে ।

পৌৰ নিগমে যোগান ধৰা পানীয়ে প্ৰায় ৩ লাখ ৩০ হাজাৰ লোকক সামৰি লৈছে বুলি সূত্ৰটোৱে প্ৰকাশ কৰে । উল্লেখ্য যে জলব'ৰ্ডৰ অধীনত ২০০৯ ৰ পৰা পৰ্যাক্ৰমে মহানগৰীত চাৰিটা বৃহৎ পানী যোগান আঁচনিৰ কাম চলি আছে । গুৱাহাটী দক্ষিণ-পশ্চিম পানী যোগান আঁচনি, দক্ষিণ-মধ্য গুৱাহাটী পানী যোগান আঁচনি , দক্ষিণ-পূব পানী যোগান প্ৰকল্প আৰু উত্তৰ গুৱাহাটী পানী যোগান প্ৰকল্পৰ কাম আজিও সম্পূৰ্ণ হৈ নুঠিল । এই পানী যোগান প্ৰকল্প কেইটা সম্পূৰ্ণ হৈ নুঠালৈকে মহানগৰীত পানীৰ নাটনি যে অব্যাহত থাকিব সেয়া নিশ্চিত ।

আনহাতে গুৱাহাটী পৌৰ নিগমে মহানগৰীৰ যিবোৰ অঞ্চলত পানীৰ যোগান ধৰি আহিছে সেই অঞ্চলসমূহত নিয়মীয়াকৈ পানী নোপোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে । বিগত ৩-৪ দিনৰ পৰা পল্টনবজাৰ অঞ্চলত জি এম চিৰ পানী নোপোৱাৰ অভিযোগ উত্থাপন হৈছে । এই বিষয় সম্পৰ্কে ইটিভি ভাৰতৰ সন্মুখত গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেবাশীষ শৰ্মাই কয় যে জি এম চিয়ে মহানগৰীৰ ২৫ শতাংশ লোকক পানীৰ যোগান ধৰে ।

পৌৰ নিগমৰ পানীৰ পাইপ, মেচিনবোৰ পুৰণি হৈছে যাৰ বাবে মাজে মাজে সমস্যাৰ সৃষ্টি হয় । তেওঁ উল্লেখ কৰা মতে চৰকাৰে জলব'ৰ্ডৰ জৰিয়তে সমগ্ৰ গুৱাহাটীত পানী যোগান ধৰাৰ ব্যৱস্থা কৰিছে । তেওঁৰ মতে জলব'ৰ্ডে পানী নিদিয়ালৈ সেইখিনিৰে চলাই থাকিব বিচাৰিছে জিএমচিয়ে ।

কিয়নো চৰকাৰে বহু কোটি টকা খৰচ কৰি পানী যোগানৰ বাবে এটা নতুন অনুষ্ঠান গঢ়িছে । তাৰ পাছত আকৌ টকা খৰচ কৰি নতুন মেচিন আনিব বিচৰা নাই । যিখিনি আছে সেইখিনিৰে জলব'ৰ্ডে পানী নিদিয়ালৈ চলাবো বিচৰা হৈছে । তদুপৰি জি এম চিয়ে পানী যোগান ধৰা মহানগৰীৰ বিভিন্ন স্থানত একাংশ নাগৰিকে পাম্প বহুৱাই জি এম চিৰ পানীৰ পাইপৰ পৰা পানী টানি লৈ যায় ।

যাৰ ফলত সেই পানীৰ লাইনত পানীৰ সোঁত কমি যায় । এনেধৰণৰ নাগৰিকৰ বিৰুদ্ধে অভিযান চলায় জি এম চিয়ে পানীৰ পাম্প জব্দ কৰাৰ লগতে জৰিমণা বিহিছে বুলিও তেওঁ জনায় । ইফালে তেওঁ পল্টনবজাৰৰ পানীৰ সমস্যাটো সম্পূৰ্ণ ভাৱে সমাধান হোৱা নাই যদিও সৰহ সংখ্যক সমস্যাই সমাধান হোৱা বুলি তেওঁ দাবী কৰে ।

লগতে পঢ়ক :ধলপুৰৰ উচ্ছেদ সন্দৰ্ভত কি ক' লে AIUDF বিধায়িনী দলে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.