ধলপুৰৰ উচ্ছেদ সন্দৰ্ভত কি ক' লে AIUDF বিধায়িনী দলে ?

author img

By

Published : Sep 23, 2021, 4:34 PM IST

Dhalpur

দৰং জিলাৰ ধলপুৰৰ উচ্ছেদ অভিযানক লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে । ইয়াৰ মাজতে দৰঙৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক এআইইউডিএফ বিধায়িনী দলে সাক্ষাৎ কৰি উচ্ছেদ সম্পৰ্কে কি ক'লে ?

দৰং,২৩ ছেপ্টেম্বৰ : শেহতীয়াকৈ দৰং জিলাৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ধলপুৰত উচ্ছেদ অভিযান চলাইছে প্ৰশাসনে । চৰকাৰী ভূমিৰ বেদখলকাৰীৰ বিৰুদ্ধে চলোৱা এই অভিযানৰ পাছতে গৃহহীন হৈ পৰিছে বহু লোক । যাৰ বাবে সেইসকলৰ লোকৰ পুনৰ সংস্থাপনৰ দাবীত ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে ।

ধলপুৰৰ উচ্ছেদ সন্দৰ্ভত কি ক' লে AIUDF বিধায়িনী দলে

বিৰোধী নেতাসকলেও চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ মন্তব্য দিয়া দেখা গৈছে । বহুতে আকৌ চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনাও কৰিছে । ইয়াৰ মাজতে এ আই ইউ ডি এফ (AIUDF) বিধায়িনী দলে মঙলদৈৰ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে উচ্ছেদ সম্পৰ্কে আলোচনাত মিলিত হয় । আলোচনাৰ পাছতে সংবাদমাধ্যমৰ সন্মুখত মন্তব্য প্ৰদান কৰে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইচলামে । বিধায়কগৰাকীয়ে বিজেপি চৰকাৰক সমালোচনা কৰি কয় যে বিজেপি চৰকাৰে মানৱীয় প্ৰমূল্যবোধ পাহৰি হিটলাৰী শাসন চলাইছে ।

ইফালে উচ্ছেদিত লোকসকলক অতি শীঘ্ৰে বিশুদ্ধ খোৱা পানী, শৌচালয়, ত্ৰিপাল আদিৰ ব্যৱস্থা কৰি দিবলৈও দৰঙৰ উপায়ুক্তক দাবী জনাই এ আই ইউ ডি এফৰ বিধায়কগৰাকীয়ে । তাৎক্ষণিকভাৱে তেওঁ প্ৰতি গৰাকী ব্যক্তিৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ ব্যৱস্থা কৰিব লাগে বুলিও উল্লেখ কৰে । আমিনুল ইচলামকে ধৰি এ আই ইউ ডি এফৰ ৫ গৰাকী বিধায়ক উপস্থিত থাকে এই আলোচনাত ।

লগতে পঢ়ক :ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত ৫৭ জন চোৰাং চিকাৰীৰ আত্মসমৰ্পণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.