ETV Bharat / state

Vice president of india : দেশৰ উন্নয়নৰ ক্ষেত্ৰত মাৰোৱাৰী সমাজৰ অৱদান অতুলনীয়; উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

author img

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 10:59 PM IST

Vice president of india
দেশৰ উন্নয়নৰ ক্ষেত্ৰত মাৰোৱাৰী সমাজৰ ভূমিকা অতুলনীয়

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক সম্বৰ্দ্ধনা জনোৱাৰ উদ্দেশ্যৰে বৃহত্তৰ গুৱাহাটী মাৰোৱাৰী সমাজে আয়োজন কৰে এক অভ্যর্থনা অনুষ্ঠানৰ ৷ ‘‘দেশৰ উন্নয়নৰ ক্ষেত্ৰত মাৰোৱাৰী সমাজে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ৷’’ উক্ত সভাত অংশগ্ৰহণ কৰি এইদৰে ক’লে উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে ৷

দেশৰ উন্নয়নৰ ক্ষেত্ৰত মাৰোৱাৰী সমাজৰ ভূমিকা অতুলনীয়

গুৱাহাটী, 30 অক্টোবৰ : এদিনীয়া অসম ভ্ৰমণ কাৰ্যসূচীৰ সোমবাৰে দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় উপস্থিত হয় গুৱাহাটীত ৷ উপ-ৰাষ্ট্ৰপতি গৰাকীক সম্বৰ্দ্ধনা জনোৱাৰ উদ্দেশ্যৰে বৃহত্তৰ গুৱাহাটী মাৰোৱাৰী সমাজে আজি আয়োজন কৰে এক অভ্যর্থনা অনুষ্ঠানৰ ৷ উক্ত অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ লগতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে ।

উপ-ৰাষ্ট্ৰপতি ধনখড়ে উক্ত সভাত অংশগ্ৰহণ কৰি কয় যে, মাৰোৱাৰী সমাজৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে । সমগ্ৰ বিশ্বতে মাৰোৱাৰী সমাজৰ অৱস্থিত আছে ।‌ তেওঁ কয়, ‘‘দেশৰ উন্নয়নৰ ক্ষেত্ৰত মাৰোৱাৰী সমাজে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে । কেৱল অর্থনৈতিক বিকাশতে নহয়, দেশৰ সাংস্কৃতিক আৰু বৌদ্ধিক বিকাশৰ দিশতো মাৰোৱাৰী সমাজৰ অৱদান অপৰিসীম ।’’

ইপিনে মুখ্যমন্ত্ৰী শৰ্মাই উপ-ৰাষ্ট্ৰপতিক কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে, ব্যস্ততাপূৰ্ণ এদিনীয়া অসম ভ্ৰমণ কাৰ্যসূচীৰ মাজতে মাৰোৱাৰী সম্প্ৰদায়ৰ লোকসকলক সাক্ষাৎ কৰি যি উৎসাহ প্ৰদান কৰিলে তাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছো । মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘‘ৰাজ্যখনত বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু বিদ্যালয় নিৰ্মাণৰ দিশত ভূমি দান কৰি শৈক্ষিক উন্নয়নৰ দিশত মাৰোৱাৰী সমাজে উল্লেখযোগ্য অৰিহণা যোগাইছে । মাৰোৱাৰী সমাজৰ বহু লোকে অসমীয়া ভাষা গ্ৰহণ কৰি অসমীয়া সাহিত্য চর্চ্চা কৰাৰ লগতে ইয়াৰ সমৃদ্ধিত বিশিষ্ট বৰঙণি যোগাই আহিছে ।’’

জনমুখী অনুষ্ঠান পৰিচালনাৰ ক্ষেত্ৰত মাৰোৱাৰী সমাজৰ ভূমিকা প্রশংসনীয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, শ্রী গৌহাটী গোশালা পৰিচালনাৰ ক্ষেত্ৰত মাৰোৱাৰী সমাজে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে । ইয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে মাৰোৱাৰী সমাজক ধন্যবাদ জ্ঞাপন কৰে । তেওঁ লগতে কয় যে ৰাজ্যখনৰ উন্নয়নৰ ক্ষেত্ৰত মাৰোৱাৰী সম্প্ৰদায়ৰ লোকসকলে অসমৰ স্থানীয় ৰাইজৰ লগত অতি আন্তৰিকতাৰে কাম কৰি আহিছে ।

এই অনুষ্ঠানত গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী অশোক সিংঘল, মাৰোৱাৰী সমাজৰ প্ৰতিনিধি বিজয় সিং দাগা, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, আৰক্ষী সঞ্চালক প্রধান জি পি সিং প্রমুখ্যে বহুকেইজন বিশিষ্ট ব্যক্তি সভাত উপস্থিত থাকে ।

লগতে পঢ়ক:Vice President Jagdeep Dhankhar : অসম ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.