ETV Bharat / state

Vice President Jagdeep Dhankhar : অসম ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি

author img

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 7:39 PM IST

Etv BharatVice President Jagdeep Dhankhar
অসম ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি

অসম ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ তৃতীয় সমাৱৰ্তন অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতিৰ অংশগ্ৰহণ ৷ নতুন শাসন ব্যৱস্থাৰ মন্ত্ৰ স্বচ্ছতা, দায়বদ্ধতা আৰু দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীলতা বুলি মন্তব্য উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়েৰ ৷

অসম ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি

গুৱাহাটী, ৩০ অক্টোবৰ : শাসন ব্যৱস্থাই এখন দেশৰ বৰ্তমান আৰু ভৱিষ্যৎ নিৰ্ধাৰণ কৰে ।‌ এই‌‌ মন্তব্য কৰে দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে । গুৱাহাটীস্থিত অসম ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ তৃতীয় সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰি সোমবাৰে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে এই মন্তব্য কৰি কয় যে নতুন শাসন ব্যৱস্থাৰ মন্ত্ৰ হৈছে স্বচ্ছতা, দায়বদ্ধতা আৰু দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীলতা ।

অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্য কৰি কয়- ‘‘সমাৱৰ্তন ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি । এয়া‌ গুৰুত্বপূৰ্ণ সন্ধিক্ষণ ।‌ সমাৱৰ্তনত প্ৰদান কৰা এই ডিগ্ৰী তেওঁলোকৰ সাধনাৰ সংমিশ্ৰণ আৰু শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰা তেওঁলোকৰ কৰ্তব্যনিষ্ঠাৰ পুৰস্কাৰ । এই সম্মানে নিশ্চয় ছাত্ৰ-ছাত্ৰীসকলৰ পিতৃ-মাতৃ আৰু আইতাক-ককাকৰ আশা আৰু আকাংক্ষাক ফলপ্ৰসূ কৰি তুলিব ।’’

‌তেওঁ কয় - "এই ডিগ্ৰীসমূহৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকল বৃহত্তৰ পৃথিৱীলৈ উৰ্ধ্বগামী হ'ব । আমাৰ যুৱক-যুৱতীসকল অতি বুদ্ধিমান, অতি উৎসাহী আৰু অতি দায়বদ্ধ । তেওঁলোক গতিশীল আৰু মই তেওঁলোকৰ এই গতিশীলতাক প্ৰশংসা কৰোঁ ।"

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে অনুষ্ঠানটোত অংশগ্ৰহণ কৰি তেওঁ অতি আনন্দিত কাৰণ সমাৱৰ্তনত পদক আৰু প্ৰমাণপত্ৰ লাভ কৰা দুই তৃতীয়াংশই ছাত্ৰী । উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্য কৰি কয় - ‘‘আমি সকলোতকৈ আগত দেশক ৰাখিব লাগিব । দেশৰ হৈ সেৱা কৰাটো আমাৰ মৌলিক কৰ্তব্য হোৱা উচিত । অনুষ্ঠানত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমাৱৰ্তনত ডিগ্ৰী গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলক শুভেচ্ছা জনাই চমু ভাষণ আগবঢ়ায় । অনুষ্ঠানত শিক্ষামন্ত্ৰী ৰণোজ পেগু, অসম ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ আচাৰ্য এ কে পানচাৰী, মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰ আদি‌ উপস্থিত আছিল ।

লগতে পঢ়ক : Vice President of India : সমাজ পৰিৱৰ্তনৰ বাবে শিক্ষা হৈছে আটাইতকৈ প্ৰভাৱশালী ব্যৱস্থা: উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.