ETV Bharat / state

Vice President of India : সমাজ পৰিৱৰ্তনৰ বাবে শিক্ষা হৈছে আটাইতকৈ প্ৰভাৱশালী ব্যৱস্থা: উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

author img

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 3:39 PM IST

Vice President Jagdeep Dhankhar in Guwahati
উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়

কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু শিক্ষাৰ্থীসকলৰ সৈতে হোৱা বাৰ্তালাপ অনুষ্ঠানত দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় ৷ সোমবাৰে গুৱাহাটীত উপস্থিত হয় দেশৰ উপ-ৰাষ্ট্ৰপতিগৰাকী ।

কটন বিশ্ববিদ্যালয়ত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

গুৱাহাটী, 30 অক্টোবৰ : "‌সমাজত‌ অসমতা দূৰ কৰিবলৈ সমাজ পৰিৱৰ্তনৰ বাবে শিক্ষা হৈছে আটাইতকৈ প্ৰভাৱশালী, স্থায়ী, পৰিৱৰ্তনৰ প্ৰণালী ৷ অসমতাৰ বিৰুদ্ধে যুঁজিবলৈ যদি আমি গুণগত মানদণ্ডৰ শিক্ষা লাভ কৰিবলৈ সক্ষম হওঁ তেন্তে সমাজ অগ্ৰগতিৰ দিশে ধাৱমান হ'ব ৷" সোমবাৰে গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু শিক্ষাৰ্থীসকলৰ সৈতে হোৱা বাৰ্তালাপ অনুষ্ঠানত এই দৰে মন্তব্য কৰে দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে ৷

তেওঁ কয় যে শিক্ষা প্ৰতিষ্ঠানসমূহে সাধাৰণ কাম কৰাৰ প্ৰয়োজন নাই ৷ তেওঁ লগতে কয় যে শিক্ষা প্ৰতিষ্ঠানসমূহে উদ্ভাৱন, গৱেষণা আৰু উন্নয়নত গুৰুত্ব দিব লাগিব ৷ তেতিয়াহে তেওঁলোকে পৰিৱৰ্তন সাধন কৰিব পাৰিব ৷ তেওঁ কয় যে ভাৰত ক্ৰমবৰ্ধমান গতিপথত আগবাঢ়ি গৈছে ৷ ভাৰতৰ এই উত্থান অবিৰত হৈ থাকিব ৷

ভাষণ প্ৰসংগত তেওঁ কয় - বিশ্বই আমাৰ বিকাশ প্ৰত্যক্ষ কৰিছে ৷ আমাৰ 'অমৃত কাল' গৌৰৱ কাল হৈ পৰিছে কাৰণ আমি আমাৰ সভ্যতা অনুসৰি এক পথত আগবাঢ়িছো ৷ ভাৰতৰ উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে মহিলা সবলীকৰণৰ কথা উল্লেখ কৰি কয় যে সংসদে মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰিছে ৷ ইয়াৰ বাবে বহু সময় অপেক্ষা কৰিবলগীয়া হৈছিল ৷ সংৰক্ষণ প্ৰদান কৰি এই দেশৰ আধা জনসংখ্যাৰ সৈতে ন্যায় কৰা হৈছে ৷

তেওঁ কয় - "আমি সেই সময় দেখিছো যেতিয়া বিশ্বাস কৰা হৈছিল যে আইন কিছুমান লোকৰ ওচৰলৈ যাব নোৱাৰে ৷ চৰকাৰী কাৰ্যালয়বোৰ মধ্যস্থতাকাৰীৰ শাসনৰ অধীনত আছিল, আৰু দুৰ্নীতি ব্যাপক আছিল ৷ এতিয়া সেই সকলোবোৰৰ অন্ত পৰিছে |" অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, শিক্ষা মন্ত্ৰী ৰণোজ পেগু আৰু কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰমেশ চন্দ্ৰ ডেকা উপস্থিত আছিল ৷

লগতে পঢ়ক : Sarat Barkataki passes away:প্ৰাক্তন শিক্ষামন্ত্ৰী শৰৎ বৰকটকীৰ দেহাৱসানৰ পাচত শোকাকুল পৰিৱেশ সোণাৰিৰ গৃহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.