ETV Bharat / state

Sarat Barkataki passes away:প্ৰাক্তন শিক্ষামন্ত্ৰী শৰৎ বৰকটকীৰ দেহাৱসানৰ পাচত শোকাকুল পৰিৱেশ সোণাৰিৰ গৃহত

author img

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 1:06 PM IST

Veteran Congress leader Sarat Barkataki
প্ৰাক্তন শিক্ষামন্ত্ৰী শৰৎ বৰকটকীৰ দেহাৱসান

প্ৰাক্তন শিক্ষামন্ত্ৰী শৰৎ বৰকটকীৰ দেহাৱসানৰ পাচতেই শোকাকুল পৰিৱেশ সোণাৰিৰ গৃহত ৷ প্ৰবীণ ৰাজনীতিবিদ গৰাকীৰ মৃত্যুত শোকস্তব্ধ সোণাৰি ৷ কাইলৈ সোণাৰিৰ গৃহত ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন হ’ব ৰাজনীতিবিদ গৰাকীৰ ৷

প্ৰাক্তন শিক্ষামন্ত্ৰী শৰৎ বৰকটকীৰ দেহাৱসান

ডিব্ৰুগড়, 30 অক্টোবৰ : ৰাজ্যখনৰ এগৰাকী প্ৰবীণ বৰ্ষীয়ান ৰাজনীতিবিদ শৰৎ বৰকটকীৰ দেহাৱসানত মৰ্মাহত সকলো । অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ লগতে কংগ্ৰেছ দলৰ বটবৃক্ষ স্বৰূপ প্ৰাক্তন শিক্ষামন্ত্ৰী শৰৎ বৰকটকীৰ দেহাৱসানত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে । ১৬ অক্টোবৰৰ পৰা GMCH ত চিকিৎসাধীন হৈ আছিল তেওঁ । প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীয়ে ৮৮ বছৰ বয়সত দেওবাৰে নিশা ১.৩৬ বজাত শেষ নিশ্বাস ত্যাগ কৰে ।

চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ পাঁচবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল তেওঁ ৷ চিকিৎসাধীন হৈ থকা জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীৰ শৰীৰৰ বিভিন্ন অংগ বিকল হৈ আছিল । অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা অৱসৰপ্ৰাপ্ত শিক্ষক শৰৎ বৰকটকীৰ দেহাৱসানৰ পাচতেই শোকাকুল পৰিৱেশৰ সৃষ্টি হয় সোণাৰিৰ গৃহত । চৰাইদেউ জিলাখনৰ লগতে বিশেষকৈ সোণাৰিৰ প্ৰতিটো অনুষ্ঠান- প্ৰতিষ্ঠানৰ লগত জড়িত প্ৰবীণ ৰাজনীতিবিদগৰাকীৰ মৃত্যুত শোক স্তব্ধ সোণাৰি ৷

কাইলৈ সোণাৰিৰ গৃহত ৰাজ্যিক মৰ্য্যদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব ৰাজনীতিবিদগৰাকীৰ । মৃত্যুৰ পূৰ্বে ৰাজনীতিবিদগৰাকীয়ে নিজৰ চকু দান কৰি যোৱা বুলিও জানিব পৰা গৈছে । গুৱাহাটীৰ ৰাজীৱ ভৱনত অসম কংগ্ৰেছ কমিটীয়ে শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাচতে সোণাৰিৰ গৃহলৈ অনাৰ পথত কংগ্ৰেছ দলৰ জিলা সমিতিসমূহে পথত তেওঁক শেষ শ্ৰদ্ধা জনাব বুলি জানিব পৰা গৈছে । প্ৰবীণ ৰাজনীতিবিদগৰাকীয়ে ৰাজনৈতিক পৰিধি ভাঙি সু্স্থ সমাজ গঢ়িবলৈ আপ্ৰাণ চেষ্টা চলাইছিল । ফলত তেওঁ সকলোৰে আদৰ্শ স্বৰূপ হৈ পৰিছিল । চৰাইদেউ জিলাখনক জিলা হিচাপে গঢ় দিয়াত মুখ্য ভূমিকা লৈ তেওঁ সফল হৈছিল । এনে এগৰাকী ৰাজনীতিবিদক হেৰুৱাই চৰাইদেউ জিলাৰ সোণাৰিৰ ৰাইজ মৰ্মাহত ।

লগতে পঢ়ক : Veteran Congress leader Sarat Barkataki: প্ৰবীণ ৰাজনীতিবিদ-শিক্ষাবিদ শৰৎ বৰকটকীৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.