ETV Bharat / state

তিনি বছৰৰ ভিতৰত সমাধান হ’ব মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা: অশোক সিংঘাল

author img

By

Published : May 14, 2022, 11:30 AM IST

বিগত তিনিদিন ধৰি কৃত্ৰিম বানৰ কৱলত মহানগৰীৰ অভিজাত্য(Artificial flood in Guwahati) । গুৱাহাটীৰ বিভিন্ন প্ৰান্তত ধাৰাবাহিকভাৱে হৈ থকা বৰষুণৰ ফলতেই পানী জমা হৈ বুৰ গৈছে বিস্তৃৰ্ণ অঞ্চল ৷ গুৱাহাটীৰ কৃত্ৰিম বান সমাধান কৰোতো 100 শতাংশই সম্ভৱ নহয় যদিও মহানগৰীৰ দীৰ্ঘদিনীয়া এই সমস্যাটো তিনিবছৰৰ ভিতৰত সমাধানৰ আশ্বাস দিছে মহানগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘালে ৷

Artificial flood in Guwahati
আকৌ কৃত্ৰিম বান

গুৱাহাটী, 14 মে’ : মহানগৰীত কৃত্ৰিম বানৰ সংহাৰ । এজাক বৰষুণতে উটি গ’ল মহানগৰীৰ অভিজাত্য (Artificial flood in Guwahati)। পুৱাৰে পৰা অহা মুষলধাৰ বৰষুণত মহানগৰীৰ বিভিন্ন স্থানত সৃষ্টি হৈছে কৃত্ৰিম বানৰ (Guwahati Flood News) ।

Artificial flood in Guwahati
এজাক বৰষুণতে বুৰিল মহানগৰীৰ অভিজাত্য

মহানগৰীৰ হাতীগাঁও, চানমাৰি ভঙাগড়, লাখটকীয়া, অনিল নগৰ, নবীন নগৰ, ৰাজগড় আদিকে ধৰি বিভিন্ন স্থান এতিয়া পানীৰ । ফলত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে মহানগৰবাসী । মহানগৰীৰ বাসিন্দাসকল তথা ছাত্ৰ-ছাত্ৰীসকলে বিপদ সংকুলভাৱে যাবলগীয়া হৈছে নিজ নিজ গন্তব্য স্থানলৈ ।

কেৱল শনিবাৰেই নহয়, শুক্ৰবাৰেও পুৱাৰ ভাগত অহা বৰষুণজাকত মহানগৰীত সৃষ্টি হৈছিল কৃত্ৰিম বানৰ । অৱশ্যে কৃত্ৰিম বান মহানগৰীৰ এক দীৰ্ঘ দিনীয়া সমস্যা । চৰকাৰ আহে আৰু যায় ৷ কিন্তু মহানগৰবাসীৰহে কৃত্ৰিম বানৰ সমস্যা সমাধান হোৱা নাই । নিৰ্বাচনৰ পূৰ্বে সকলোৱে মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা সমাধান কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে ।

Artificial flood in Guwahati
আকৌ কৃত্ৰিম বান

লগতে পঢ়ক : Guwahati Civic Issues : এশ এবুৰি সমস্যাৰ মাজত গুৱাহাটী মহানগৰবাসী

কিন্তু নিৰ্বাচনৰ পিছত সকলো প্ৰতিশ্ৰুতি উঠে ধোঁৱা চাঙত ৷ তদুপৰি জি এম চিয়ে বিজ্ঞান সন্মতভাৱে নলা নৰ্দমা নিষ্কাষণ নকৰাৰ বাবেও কৃত্ৰিম বানৰ সৃষ্টি হৈছে বুলি অভিযোগৰ আঙুলিটোৱাইছে মহানগৰবাসীয়ে (Artificial flood problem in Guwahati) । সকলোৰে এটাই প্ৰশ্ন, কেতিয়া সমাধান হ’ব এই সমস্যা ?

Artificial flood in Guwahati
মহানগৰীত কৃত্ৰিম বানৰ সংহাৰ

আনহাতে, এই সন্দৰ্ভত মহানগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘালে কয়, ‘‘মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা তিনি বছৰৰ ভিতৰত সমাধন হ’ব ৷ চৰকাৰে তিনি বছৰৰ ভিতৰত কৃত্ৰিম বানৰ সমস্যা সমাধান কৰিবলৈ পৰিকল্পা লৈছে । তাৰে এবছৰ গ’ল আৰু দুবছৰৰ ভিতৰত গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা কিছু পৰিমাণে হ’লেও সমাধান কৰিব পাৰিম । কিয়নো 100 শতাংশ গুৱাহাটীৰ কৃত্ৰিম বান সমাধান কৰোতো অসম্ভৱ’’ ৷

লগতে পঢ়ক : পানীৰ তলত ডুব গ'ল স্মাৰ্ট মহানগৰখন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.