ETV Bharat / state

Guwahati Civic Issues : এশ এবুৰি সমস্যাৰ মাজত গুৱাহাটী মহানগৰবাসী

author img

By

Published : Apr 19, 2022, 9:54 PM IST

Guwahati Civic Issues
এশ এবুৰি সমস্যাৰ মাজত গুৱাহাটী মহানগৰবাসী

গুৱাহাটীৰ অন্যতম পুৰণি অঞ্চল হিচাপে জনাজাত ১৫ নম্বৰ ৱাৰ্ডৰ অন্তৰ্গত মাছখোৱা, কুমাৰপাৰা আৰু আঠগাঁও অঞ্চল বছৰ বছৰ ধৰি খোৱাপানী, জাৱৰ আৰু কৃত্ৰিম বান এশ এবুৰি সমস্যাৰে জৰ্জৰিত হৈ আহিছে (Guwahati civic issues)। নিৰ্বাচনৰ সময়ত সকলো ৰাজনৈতিক দলে ৱাৰ্ডটোৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে । কিন্তু নিৰ্বাচনত জয়ী হোৱাৰ পাছত সকলো পাহৰি যায় আৰু সমস্যাবোৰ যেন সমাধান নোহোৱাকৈ ৰৈ যায় ।

গুৱাহাটী, 17 এপ্ৰিল: ‘‘পৌৰ নিগমৰ নিৰ্বাচনৰ সময়ত সকলো ৰাজনৈতিক দলে ৱাৰ্ডটোৰ সমস্যাসমূহ সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে । নিৰ্বাচনত জয়ী হোৱাৰ পাছত সকলো পাহৰি যায় আৰু ৱাৰ্ডটোৰ সমস্যাবোৰ সমাধান নোহোৱাকৈ ৰৈ যায়’’ ৷ এই মন্তব্য গুৱাহাটী পৌৰ নিগমৰ ১৫ নম্বৰ ৱাৰ্ডৰ বাসিন্দা তথা বৃহত্তৰ গুৱাহাটী নাগৰিক সমম্বয়ৰক্ষী সমিতিৰ আহ্বায়ক মছদ্দৰ হুছেইনৰ । উত্তৰ-পূবৰ দুৱাৰমুখ হিচাপে জনাজাত ৰাজধানী চহৰ গুৱাহাটী মহানগৰী খোৱাপানী, জাৱৰ আৰু নলা নৰ্দমা আদি বিভিন্ন সমস্যাৰে জৰ্জৰিত । গুৱাহাটী পৌৰ নিগমৰ ১৫ নম্বৰ ৱাৰ্ডো এই ক্ষেত্ৰত ব্যতিক্ৰমী নহয় (Guwahati civic issues)।

উল্লেখ্য যে, গুৱাহাটীৰ অন্যতম পুৰণি অঞ্চল হিচাপে জনাজাত মাছখোৱা, কুমাৰপাৰা আৰু আঠগাঁও অঞ্চল এই ১৫ নম্বৰ ৱাৰ্ডৰ অন্তৰ্গত । ১৫ নম্বৰ ৱাৰ্ডটোত প্ৰায় ১৩ হাজাৰ ভোটাৰ আছে । মছদ্দৰ হুছেইনে কয়, এই ৱাৰ্ডৰ হাজাৰ হাজাৰ মানুহ বছৰ বছৰ ধৰি খোৱাপানীৰ সমস্যাত জৰ্জৰিত হৈ আহিছে (Drinking water problem in Guwahati)। খোৱাপানীৰ সমস্যা অকল এই ৱাৰ্ডটোৰে সমস্যা নহয়, বৃহত্তৰ গুৱাহাটীৰে এক জটিল সমস্যা । ৱাৰ্ডটোৰ একাংশ মানুহে গুৱাহাটী পৌৰ নিগমৰ খোৱাপানীৰ যোগান পায় । কিন্তু সেয়া খোৱাৰ যোগ্য নহয় । সেই পানী শৌচাগাৰতহে ব্যৱহাৰ কৰিব পাৰি ।

এশ এবুৰি সমস্যাৰ মাজত গুৱাহাটী মহানগৰবাসী

গুৱাহাটী পৌৰ নিগমৰ খোৱাপানীৰ সকলো পানীৰ পাইপ ফুটা । যাৰ বাবে সেই পাইপেৰে মানুহে গেলা পানীহে পায় । তেওঁ লগতে কয়, গুৱাহাটী পানী যোগান প্ৰকল্পৰ জৰিয়তে ২০১২ চনতে এই অঞ্চলত পানী যোগান ধৰাৰ কথা আছিল (Guwahati Water Supply Project) । আজি ১২ বছৰ হ'ল এই অঞ্চলত পানীৰ পাইপ বহুওৱাৰ । কিন্তু পাইপেৰে আজিলৈকে পানী নাহিল । খোৱাপানীৰ দৰেই জাৱৰৰ সমস্যা ৱাৰ্ডটোৰ আন এক জটিল সমস্যা হিচাপে গঢ় লৈ উঠিছে । এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গুৱাহাটী পৌৰ নিগমৰ ১৫ নম্বৰ ৱাৰ্ডৰ বাসিন্দা ছফিকুৰ ৰহমানে কয়, এই অঞ্চলটোৰ জাৱৰৰ সমস্যাটো বহু দিনৰ পৰা চলি আহিছে ।

এই ক্ষেত্ৰত পৌৰ নিগমৰ কোনো গুৰুত্ব নাই (Guwahati municipal corporation)। পৌৰ নিগমৰ ৭-৮ টা ৱাৰ্ডৰ সমস্ত জাৱৰ আনি এই ৱাৰ্ডৰ মাছখোৱাৰ ইদগাহৰ ওচৰতে দ’ম কৰি থৈ দিয়ে । যাৰ ফলত সমগ্ৰ অঞ্চলটোৰ বায়ু প্ৰদূষিত হৈ পৰিছে । বয়োজ্যেষ্ঠৰ পৰা আৰম্ভ কৰি কণকন ল'ৰা-ছোৱালীৰ স্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে । ৱাৰ্ডটোৰ আন এগৰাকী বাসিন্দা জামালুৰু ৰছিদে কয় যে, খোৱাপানী আৰু জাৱৰৰ সমস্যাৰ লগতে ৱাৰ্ডটোৰ কৃত্ৰিম বানপানী আৰু নলা নৰ্দমাৰ সমস্যাই জটিল ৰূপ লৈছে ।

তেওঁ কয়, ‘‘এজাক বৰষুণ আহিলেই মোৰ ঘৰত পানী সোমায় । বাৰিষাৰ সময়ত ভয়ংকৰ সমস্যাৰ সৃষ্টি হয় । কৃত্ৰিম বানৰ বাবে মোৰ লগতে ওচৰ চুবুৰীয়াৰ সা-সম্পত্তিৰ বিস্তৰ ক্ষতি সাধন হৈছে (Artificial flood in Guwahati) । পৌৰ নিগমে বিজ্ঞানসন্মত নলা নিৰ্মাণ নকৰাৰ বাবে আমাৰ এই দুৰ্দশা হৈছে । এই সন্দৰ্ভত পৌৰ নিগমক বহুত আৱেদন কৰা হৈছে যদিও কোনো গুৰুত্ব দিয়া নাই ।’’

লগতে পঢ়ক: মুখ্যমন্ত্ৰী সমষ্টিৰ ৭নং ৱাৰ্ডত ১২ বছৰে সমাধান নহ'ল খোৱাপানীৰ সমস্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.