ETV Bharat / state

দ্বীপজ্যোতি গগৈৰ গ্ৰেপ্তাৰ সন্দৰ্ভত উপমন্যু হাজৰিকাৰ প্ৰতিক্ৰিয়া

author img

By

Published : Jul 22, 2020, 5:24 PM IST

এয়া মাত্ৰ দ্বীপজ্যোতি গগৈৰ ক্ষেত্ৰতে আৰম্ভ হোৱা নাই । সামাজিক মাধ্যমত সোণোৱালক সমালোচনা কৰা সকলক একেধৰণে আইনৰ সম্পূৰ্ণ অপ-ব্যৱহাৰ কৰি ভুৱা গোচৰ তৰি এক উদাহৰণ হিচাপে প্ৰস্তুত কৰি সকলোৰে মুখ বন্ধ কৰিবলৈ চেষ্টা চলাই অহা হৈছে ৷ আইনৰ অপ-ব্যৱহাৰৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ বিভিন্ন ৰায়দানৰ পৰা স্পষ্ট যে, কোনো এগৰাকী নেতাক সমালোচনা কৰিলে অপৰাধী গোচৰটো বাদেই আনকি এটা সাধাৰণ মানহানি আবেদনে স্বীকাৰ্য নহয় । ২০১৫ চনত উচ্চতম ন্যায়ালয়ত শ্ৰেয়া শৃংঘালৰ আবেদনৰ ভিত্তিত এনে গোচৰ ৰুজু আৰু গ্ৰেপ্তাৰ কৰাটো অ-সাংবিধানিক আৰু অবৈধ বুলি ঘোষণা কৰি Information Technology Act ৰ অন্তৰ্গত 66(A) অনুচ্ছেদ বাতিল কৰা হৈছিল ।

Upamanyu hazaraikas reaction on dipjyoti gogoi arrest case assam etv bharat news
উপমন্যু হাজৰিকাৰ প্ৰতিক্ৰিয়া

নিউজ ডেস্ক,22 জুলাই: "যদি দ্বীপজ্যোতি গগৈক মাত্ৰ যোৱা বছৰৰ এটা বাৰ্তা সামাজিক মাধ্যমত আগবঢ়াই দিয়া আৰু অখিল গগৈৰ সমৰ্থনত কবিতা আবৃত্তি কৰাৰ বাবে গ্ৰেপ্তাৰ কৰিছে তেন্তে ই গণতন্ত্ৰৰ বাবে সংকটৰ সংকেত"- বুধবাৰে এক বিবৃতিৰ জৰিয়তে এই মন্তব্য কৰিছে প্ৰব্ৰজন বিৰোধী মঞ্চৰ নেতা উপমন্যু হাজৰিকাই ৷ হাজৰিকাই বিবৃতিটোৰ জৰিয়তে প্ৰশ্ন উত্থাপন কৰি কয় যে,দ্বীপজ্যোতি গগৈ এনেকুৱা ঘোৰ অপৰাধী নহয় যে সামাজিক মাধ্যমত দিয়া প’ষ্টক কেন্দ্ৰ কৰি মাজনিশা আৰক্ষীয়ে বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিব লাগে ৷

উপমন্যু হাজৰিকাৰ প্ৰতিক্ৰিয়া

যিটো সময়ত জন সাধাৰণ কৰ’ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ লগতে বানত ককবকাই আছে, তেনেস্থলত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰা তৰল মন্তব্য অনুসৰি ৰাজ্যৰ প্ৰতি আটাইতকৈ ডাঙৰ ভাবুকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী সাধাৰণ ছাত্ৰই কৰা কবিতা আবৃত্তি আৰু সামাজিক মাধ্যমত দিয়া প’ষ্টৰ পৰাহে আহিল। যিটো সময়ত শতাধিক মানুহ বানত মৃত্যুবৰণ কৰিলে সেই সকলক বচাবলৈ আৰক্ষী প্ৰশাসনক মোতায়েন কৰিব নোৱাৰিলে ৷ কিন্তু এনেকুৱা অৰ্থবিহীন কামৰ বাবে আৰক্ষীক ঠিকেই মোতায়েন কৰিলে চৰকাৰে ৷ অসমীয়া জাতি আৰু আহোম সম্প্ৰদায়ক অপমান কৰা গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰিব নোৱাৰা অসম চৰকাৰ আৰু আৰক্ষী-প্ৰশাসনে কিন্তু খিলঞ্জীয়াৰ ওপৰত বীৰত্ব প্ৰদৰ্শন কৰিব পাৰিছে বুলি বিবৃতিটোত আঙুলিয়াই দিয়ে হাজৰিকাই ৷

এয়া মাত্ৰ দ্বীপজ্যোতি গগৈৰ ক্ষেত্ৰতে আৰম্ভ হোৱা নাই । সামাজিক মাধ্যমত সোণোৱালক সমালোচনা কৰা সকলক একেধৰণে আইনৰ সম্পূৰ্ণ অপ-ব্যৱহাৰ কৰি ভূৱা গোচৰ তৰি এক উদাহৰণ হিচাপে প্ৰস্তুত কৰি সকলোৰে মুখ বন্ধ কৰিবলৈ চেষ্টা চলাই অহা হৈছে ৷ আইনৰ অপ-ব্যৱহাৰৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ বিভিন্ন ৰায়দানৰ পৰা স্পষ্ট যে, কোনো এগৰাকী নেতাক সমালোচনা কৰিলে অপৰাধী গোচৰটো বাদেই আনকি এটা সাধাৰণ মানহানি আবেদনে স্বীকাৰ্য নহয় । ২০১৫ চনত উচ্চতম ন্যায়ালয়ত শ্ৰেয়া শৃংঘালৰ আবেদনৰ ভিত্তিত এনে গোচৰ ৰুজু আৰু গ্ৰেপ্তাৰ কৰাটো অ-সাংবিধানিক আৰু অবৈধ বুলি ঘোষণা কৰি Information Technology Act ৰ অন্তৰ্গত 66(A) অনুচ্ছেদ বাতিল কৰা হৈছিল । এইক্ষেত্ৰত আইনৰ ৰক্ষকসকল অৱগত। সংবিধান অনুসৰি, অন্য ৰাজ্যৰ দৰে অসমতো চৰকাৰৰ মহাধিবক্তা আছে,যিসকল চৰকাৰৰ মুখ্য অধিবক্তা তথা আইন উপদেষ্টা ৷ কিন্তু এইসকল বিষয়ায়ো চৰকাৰক কিয় সঠিক পৰামৰ্শ প্ৰদান নকৰে বুলি প্ৰশ্ন উত্থাপন কৰে হাজৰিকাই ৷

সৰ্বানন্দ সোণোৱালে যি দৰে নিৰ্বাচনৰ সময়ত খিলঞ্জীয়া ৰাইজৰ আশা-আকাংক্ষাৰ ওপৰত ভিত্তি কৰি প্ৰতিশ্ৰুতি দি প্ৰৱঞ্চনা কৰিলে, তেনেস্থলত সোণোৱালৰ সমালোচনা হোৱাটো স্বাভাৱিক। যিহেতু ৰাজপাট চলোৱাৰ নুন্যতম জ্ঞানো সোণোৱালৰ নাই আৰু সেয়ে নিজৰ বিৰুদ্ধে কৰা সমালোচনা সহ্য কৰিব নোৱাৰে ৷ কিয়নো মুখ্যমন্ত্ৰীগৰাকীয়ে গণতন্ত্ৰৰ মূল অধিকাৰ বুজি নাপায় । যেনেকৈ কৃষক মুক্তিৰ নেতা অখিল গগৈৰ বিৰুদ্ধে তৰা বিভিন্ন গোচৰত যুঁজিবলৈ প্ৰতিষ্ঠিত সংগঠন, বিশিষ্ট অধিবক্তাসকলৰ সমৰ্থন আছে কিন্তু এগৰাকী সাধাৰণ পৰিয়ালৰ ছাত্ৰ হোৱাৰ বাবে দ্বীপজ্যোতি গগৈৰ এই অন্যায়ৰ বিৰুদ্ধে যুঁজিবলৈ সামৰ্থ নাই ।

"মই আৰু মোৰ সতীৰ্থ অধিবক্তাসকলে আহ্বান জনাইছো যে বাক স্বাধীনতা আৰু মৌলিক অধিকাৰ উলংঘনৰ যিকোনো ভুক্তভোগীৰ কাৰণে আমি আইনী সাহায্য আগবঢ়াবলৈ প্ৰস্তুত আছো বুলি হাজৰিকাই বিবৃতিটোৰ জৰিয়তে প্ৰকাশ কৰে ৷

লগতে চাওকঃ অখিল গগৈৰ মুক্তিৰ দাবীত গোলাঘাটত অভিনৱ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.