ETV Bharat / state

ULFA I Replies to Assam DGP: গুপ্তহত্যাৰ পৰা জোনমণিৰ মৃত্যুলৈকে জিপি সিঙক সাঙুৰিলে আলাফা(স্বা)ই

author img

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 6:43 PM IST

Updated : Oct 29, 2023, 6:52 PM IST

ULFA I Replies to Assam DGP
জিপি সিঙৰ বিৰুদ্ধে সৰৱ আলফা স্বা

ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে আলফা(স্বা) ৷ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ শেহতীয়া কেতবোৰ মন্তব্যৰ উত্তৰত সংবাদ মাধ্যমলৈ এক প্ৰেছ বিজ্ঞপ্তি প্ৰেৰণ কৰে বিদ্ৰোহী সংগঠনটোৱে ৷

নিউজ ডেস্ক, 29 অক্টোবৰ : দেওবাৰে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে আলফা(স্বা)ই প্ৰত্যুত্তৰ দিয়ে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানৰ মন্তব্যৰ ৷ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে বিদ্ৰোহী সংগঠনটোৰ শেহতীয়া কেতবোৰ চৰম সিদ্ধান্তৰ বিৰোধিতা কৰি একাধিক টুইট কৰিছিল পৰেশ বৰুৱাৰ লগতে সংগঠনটোক উদ্দেশ্যি ৷ ইয়াৰ পাচতে দেওবাৰে জিপি সিঙৰ বিৰুদ্ধে কেতবোৰ মন্তব্য কৰি সংবাদ মাধ্যমলৈ বিবৃতি প্ৰেৰণ কৰিছে সংগঠনটোৱে ৷

উল্লেখ্য যে আলফা(স্বা)ৰ দুই কেডাৰক সংগঠনটোৰ শিবিৰত হত্যা কৰা ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে ৷ অজ্ঞাত স্থানত থকা শিবিৰ ত্যাগ কৰি দুই কেডাৰ ওলাই যাবলৈ লওঁতেই জ্যেষ্ঠ আলফা নেতা এ জেদ শিৰোনাম অসমে গুলীয়াই হত্যা কৰিছিল ৷ কিন্তু পৰৱৰ্তী সময়ত আলফা(স্বা)ৰ বিচাৰ অনুসৰি শিৰোনাম অসমকো সংগঠনটোৰ শিবিৰত মৃত্যুদণ্ড বিহা হয় ৷

সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত শনিবাৰে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে আলফা(স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ উদ্দেশ্য টুইট কৰিছিল যে পৰেশ বৰুৱাই কেডাৰ দুগৰাকীক হত্যা কৰাৰ পৰিৱৰ্তে ঘৰলৈ যাবলৈ দিব লাগিছিল ৷ ইয়াৰোপৰি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৰাজ্যৰ যুৱ প্ৰজন্মক উদ্দেশ্যি টুইট কৰিছিল যে- ‘‘অসমৰ ডেকা বন্ধুসকল, স্বৈৰাচাৰী সংগঠনৰ বাবে জীৱন নষ্ট নকৰিব ৷ তাত তোমাৰ জীৱনৰ কোনো মূল্য নাই ।’’ ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলফা(স্বা)ই ৷

আলফা(স্বা)ৰ প্ৰচাৰ বিভাগৰ সদস্য ৰুমেল অসমৰ স্বাক্ষৰিত প্ৰেছ বিবৃতিত কোৱা হয় যে- বিগত বৰ্ষৰ ১৭ ছেপ্তেম্বৰত আলফা(স্বা)ৰ ভ্ৰাম্যমান মুখ্য কাৰ্যালয়ৰ পৰা দ্বীপ অসম আৰু প্ৰণৱ অসমে শিবিৰৰ পৰা পলায়ন কৰিছিল আৰু ১৮ চেপ্তেম্বৰত শিবিৰটোৰ পহৰাৰ দায়িত্বত থকা সদস্যৰ দ্বাৰা দুয়োকে আটক কৰা হৈছিল ৷ আটক হোৱাৰ পাচত দুয়োকে শিবিৰলৈ ঘুৰাই অনাৰ পৰিবৰ্তে এ জেদ শিৰোনাম অসমে শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰে ৷ পৰৱৰ্তী সময়ত এ জেদ শিৰোনাম অসমকো আলফা(স্বা)এ মৃত্যুদণ্ডৰে দণ্ডিত কৰে ৷

বিবৃতিটোত লগতে কোৱা হয় যে আলফা(স্বা)ত উদ্ভৱ হোৱা এনেবোৰ আসোঁৱাহ দূৰ কৰিবলৈ সংগঠনৰ সংবিধান আৰু বিচাৰ বিধিৰ দ্বাৰা যথোচিৎ প্ৰচেষ্টা হাতত লৈ তাক কাৰ্যকৰী কৰা হৈছে ৷ ইয়াৰ বিপৰীতে অসম আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে কি কৰিছে বুলি প্ৰশ্ন কৰে সংগঠনটোৱে ৷

ডি জি পিগৰাকীৰ প্ৰতি আলফা(স্বা)এ প্ৰশ্ন যে তেওঁ দায়িত্বভাৰ লোৱাৰ পাচত অসম আৰক্ষীত ক’ত-কিমান ভুৱা এনকাউন্টাৰ, আৰক্ষীৰ দ্বাৰা যৌন নিৰ্যাতন, শাৰীৰিক নিৰ্যাতন, আৰক্ষীৰ ক’লা টকা-নকল সোণ, ড্ৰাগছৰ ব্যৱসায়, আৰক্ষীৰ দ্বাৰা ধনদাবী, আৰক্ষী সদস্যৰ আত্মহত্যা ইত্যাদি ঘটনা সংঘতিত হ’ল সেয়া খবৰ ৰাখিছেনে ? অসম আৰক্ষীৰ কু-কৃৰ্তী কুলাই-পাচিয়ে নধৰাকৈ কোনটো অপৰাধৰ সৈতে জড়িত নাই বুলিও প্ৰশ্ন কৰে আলফা(স্বা)এ ৷ আনহাতে আলফা(স্বা)ৰ বিবৃতি তথা বাৰ্তাসমূহৰ চৰ্চা নকৰি নিজৰ বিভাগটো নিকা আৰু স্বচ্ছ কৰাৰ প্ৰতি গুৰুত্ব দিবলৈও জিপি সিঙক আহ্বান জনায় বিদ্ৰোহী সংগঠনটোৱে ৷

আনহাতে ডিজিপি জ্ঞানেন্দ্ৰ প্ৰসাদ সিঙৰ মুখত ‘খিলঞ্জীয়া’ শব্দটো “ঘঁৰিয়ালৰ চকুপানীসদৃশ” বুলি উল্লেখ কৰি আলফা(স্বা)এ কয় যে এই শব্দটো তেওঁৰ মুখত শোভা নাপায় ৷ তদুপৰি কেব/ কা বিৰোধী আন্দোলনৰ সময়ত বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৈ থকাৰ অৱস্থাত জিপি সিঙেই ছয়জনকৈ যুৱকক গুলীয়াই হত্যা কৰা বুলি অভিযোগ তুলি আলফা(স্বা)এ কয় যে ১৯৯৬ চনৰ পৰা ২০০০ চনলৈ অসম ৰক্তাক্ত কৰা তদানীন্তন ডিজিপি শ্ৰীবাস্তৱৰ সৈতে লগ হৈ গুপ্তহত্যাৰ চৰ্দাৰ আছিল জিপি সিং ৷

কিছুমাহ পূৰ্বে ৰহস্যজনক দুৰ্ঘটনাত মৃত্যুক সাৱটি লোৱা আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাও ভূমিপুত্ৰ অথবা খিলঞ্জীয়া নাছিল জানো বুলি প্ৰশ্ন তুলি আলফা(স্বা)এ অভিযোগ উত্থাপন কৰে যে জোনমণি ৰাভাক হত্যা কৰিবলৈ জিপি সিঙে উত্তৰ প্ৰদেশৰ পৰা ট্ৰাক ড্ৰাইভাৰ ভাড়ালৈ আনিছিল ৷ এই পৰ্যন্তও জোনমণিৰ পৰিয়ালক ন্যায় প্ৰদান কৰা নাই বুলি উল্লেখ কৰি আলফা(স্বা)এ জিপি সিঙক প্ৰশ্ন কৰে যে এয়া খিলঞ্জীয়াৰ প্ৰতি কেনেধৰণ প্ৰীতি ? ইয়াৰোপৰি প্ৰাক্তন ডিজিপি শ্ৰীবাস্তৱে অসমৰ পৰা পলাই যাবলৈ বাধ্য হৈছিল বুলি উল্লেখ কৰি আলফা(স্বা)এ কয় যে তেনে এটা দিন জিপি সিঙৰো আহিব ৷

লগতে পঢ়ক : ULFA I killed yet another cader : আলফা(স্বা)ৰ শিবিৰত পুনৰ আন দুজন কেডাৰক মৃত্যুদণ্ড !

Last Updated :Oct 29, 2023, 6:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.