ETV Bharat / state

UBPO Annual Conference: গুৱাহাটীত অহা 5 জানুৱাৰীৰ পৰা সংযুক্ত বড়ো গণমঞ্চৰ নৱম বাৰ্ষিক অধিৱেশন

author img

By

Published : Jan 2, 2023, 5:07 PM IST

অহা 5 জানুৱাৰীৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব UBPOৰ নৱম বাৰ্ষিক অধৱেশন (UBPO Annual Conference in Guwahati) ৷ দেওবাৰে স্থাপন কৰা হয় অধিৱেশনৰ লাই খুঁটা ৷ অধিৱেশত অংশগ্ৰহণ কৰিব কেইবাখনো ৰাজ্যৰ তিনি সহস্ৰাধিক প্ৰতিনিধিয়ে ৷ লগতে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

UBPO Annual Conference
গুৱাহাটীত 5জানুৱাৰীৰ পৰা সংযুক্ত বড়ো গণমঞ্চৰ নৱম বাৰ্ষিক অধিৱেশন

গুৱাহাটীত 5জানুৱাৰীৰ পৰা সংযুক্ত বড়ো গণমঞ্চৰ নৱম বাৰ্ষিক অধিৱেশন

জোনাই, ২ জানুৱাৰী: সোমবাৰে সংযুক্ত বড়ো গণমঞ্চৰ (UBPO) নৱম বাৰ্ষিক অধিৱেশনৰ লাই খুঁটা পোতা হয় ৷ অহা ৫,৬ আৰু ৭ জানুৱাৰীত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বৰ্ণাঢ্য আৰু বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব UBPOৰ নৱম বাৰ্ষিক অধিৱেশন (UBPO 9th annual conference) ৷ সোমবাৰে মাংগলিক কাৰ্যসূচীৰে লাই খুঁটা স্থাপন কৰে UBPOৰ উপদেষ্টা বিপিন গয়াৰীয়ে ৷

বড়োসকলৰ পৰম্পৰা ৰণচণ্ডী নৃত্য পৰিৱেশনেৰে লাই খুঁটা স্থাপন কৰা কাৰ্যসূচীত উপস্থিত থাকে UBPOৰ সভাপতি মনোৰঞ্জন বসুমতাৰী, উপদেষ্টা শুক্ৰেশ্বৰ গয়াৰী,সহকাৰী সাধাৰণ সম্পাদক অমিত কুমাৰ বসুমতাৰী, সম্পাদক অবিৰাম বড়ো, কোষাধ্যক্ষ বিষ্টুৰাম নাৰ্জাৰী, কামৰূপ মহানগৰ জিলা সমিতিৰ সভাপতি প্ৰদীপ বসুমতাৰী, সাধাৰণ সম্পাদক চনী বড়ো,সহকাৰী সাধাৰণ সম্পাদক ব্ৰজেন বড়োকে ধৰি সংগঠনটোৰ আন আন বিষয়ববীয়া সকল ৷

উল্লেখ্য যে, ইউবিপিঅ’ৰ(United Bodo Peoples Organization) আগন্তুক অধিৱেশনত অসম, অৰুণাচল প্ৰদেশ,পশ্চিমবংগ, মেঘালয়, ত্ৰিপুৰাৰ লগতে বাংলাদেশ আৰু নেপালৰ পৰা তিনি হাজাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব ৷ সংবাদমাধ্যমৰ আগত এই কথা সদৰি কৰিছে ইউবিপিঅৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে । প্ৰতিনিধি সভাত বিশেষকৈ বিটিআৰৰ(BTR) বাহিৰৰ প্ৰাক্তন বিএলটি সদস্যসকলক (Ex BLT caders) আৰ্থিক সাহাৰ্য্য প্ৰদান কৰাৰ লগতে পুনঃসংস্থাপনৰ ব্যৱস্থা কৰা, কাৰ্বি আংলং আৰু ডিমাহাচাও জিলাৰ বড়োসকলক পাহাৰীয়া জনজাতিৰ মৰ্যাদা প্ৰদান কৰা, বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ গাঁও চিনাক্তকৰণ কৰি সমষ্টি গঠনৰ লগতে নিৰ্বাচন অনুষ্ঠিত কৰা, শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ বড়ো গাঁৱসমূহ বিটিআৰত অন্তৰ্ভুক্ত কৰা হ'ব নে নহয় সেই সন্দৰ্ভত বিটিআৰ চুক্তি(BTR Accord) স্বাক্ষৰকাৰী সংগঠন আৰু কেন্দ্ৰীয়-ৰাজ্য চৰকাৰক স্পষ্ট কৰা আদি বিষয় সন্দৰ্ভত আলোচনা কৰা হ’ব ৷

ইয়াৰ লগতে, তৃতীয় বড়ো শান্তি চুক্তিৰ(Bodo peace accord) ৫.৩ দফা অনুসৰি অসম চৰকাৰৰ অনুসূচিত জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত আৰু বনাঞ্চলত পৰম্পৰাগতভাৱে থকা লোকসকলক ২০০৬ বন অধিকাৰ আইন অনুসৰি বিটিএডিৰ(BTAD) বাহিৰত ৰৈ যোৱা লোকসকলক থাকিবলৈ অধিকাৰ প্ৰদান কৰা, তৃতীয় বড়ো শান্তি চুক্তিৰ ৬.৩ দফা অনুসৰি অসম চৰকাৰে বিটিএডিৰ অধীনৰ অমঞ্জুৰীপ্ৰাপ্ত বড়ো ভাষাৰ বিদ্যালয় আৰু মহাবিদ্যালয় আৰু বিটিএডিৰ বাহিৰৰ বড়ো ভাষাৰ বিদ্যালয় আৰু মহাবিদ্যালয় সমূহ প্ৰয়োজন সাপেক্ষে মঞ্জুৰীপ্ৰাপ্ত কৰাৰ লগতে বিটিএডিৰ বাহিৰৰ মহাবিদ্যালয় সমূহত বড়ো ভাষাৰ প্ৰৱক্তা নিযুক্তিৰ ব্যৱস্থা কৰা আদি বিষয়ৰ ওপৰতো সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে বুলি সদৰি কৰে UBPOৰ নেতৃত্বই ৷

অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি অনিল বসুমতাৰীয়ে অধিৱেশন সন্দৰ্ভত কয় যে, ‘‘ইউবিপিঅৰ নৱম বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি ইতিমধ্যে ব্যাপকভাৱে চলাই থকা হৈছে ৷ মঞ্চ, তোৰণ, ভোজনালয়, স্মৃতিগ্ৰন্থ, প্ৰচাৰ আদি বিভিন্ন কামকাজ নিয়াৰিকৈ আগবাঢ়িছে ।’’

এই অধিৱেশনত প্ৰতিনিধি সভা, আলোচনা চক্ৰ আদিও আয়োজন কৰা হৈছে ৷ লগতে অধিৱেশনত উপস্থিত থাকিব মুখ্যমন্ত্ৰী, অসম বিধানসভাৰ অধ্যক্ষ, কেবাগৰাকীও মন্ত্ৰী, ভাৰত চৰকাৰৰ ন্যায় আৰু সবলীকৰণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামদাস আঠাৱালকে ধৰি বহু কেইগৰাী সমল ব্যক্তি ৷ লগতে আয়োজন কৰা হ’ব সাংস্কৃতিক অনুষ্ঠান ৷ য’ত সংগীত পৰিৱেশন কৰিব কেইবাগৰাকীও জনপ্ৰিয় কণ্ঠশিল্পীয়ে ৷

লগতে পঢ়ক: Protest Against the cut of Tamulpur district: তামুলপুৰ জিলা কৰ্তনৰ বিৰুদ্ধে গোৰেশ্বৰত চাৰি সংগঠনৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.