ETV Bharat / state

Arrested For Bribery in Guwahati: গুৱাহাটীত ক’লা ধন লৈ পানী গুলপীয়া কৰিলে ছেবাৰ দুই লুভীয়াই

author img

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 9:10 PM IST

Seba Officials arrested
ঘোচ লৈ গ্ৰেপ্তাৰ ছেবাৰ বিষয়া

শুকুৰবাৰে আছিল শিক্ষা বিভাগৰ পাল ৷ জ্ঞান বিলোৱা বিভাগত কৰ্মৰত তিনি লুভীয়া বিষয়া হামখুৰি খাই পৰিল দুৰ্নীতি নিবাৰক শাখাৰ জালত ৷ ইয়াৰে দুই বিষয়াই গুৱাহাটীত আৰু আনগৰাকীয়ে গহপুৰত কৰিলে পানী গুলপীয়া, ফটোৰ বাবে প’জ দিলে হাত দাঙি ৷

গুৱাহাটী, 6 অক্টোবৰ : যেন ঘোচ খোৱাৰ প্ৰতিযোগিতাহে চলিছে ৰাজ্যৰ চৰকাৰী কাৰ্যালয়ে কাৰ্যালয়ে ৷ মেডেল লাভ কৰি নহয় নহয়, ঘোচৰ টকা সন্মুখত লৈ হাত দাঙিয়েই আছে চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে ৷ মুখ্যমন্ত্ৰী অথবা দুৰ্নীতি নিবাৰক শাখা কঠোৰতকৈও কঠোৰ হৈ ইজনৰ পাছত সিজনক গ্ৰেপ্তাৰ কৰিয়েই আছে যদিও যৱনিকা পৰা নাই ঘোচখোৱা সংস্কৃতিৰ ৷ টেবুলৰ তলেৰে ক’লা ধন লৈ শুকুৰবাৰে পুনৰ তিনি চৰকাৰী বিষয়াই দুহাত দাঙিলে ৷ ইয়াৰে দুই ঘোচখোৰ চৰকাৰী কৰ্মচাৰীয়ে হাত ডাঙি, দুই হাত দুৰ্নীতি নিবাৰক শাখাৰ লোকৰ হাতত হাত থৈ ফটোৰ বাবে প’জ দিলে গুৱাহাটীত৷

শুকুৰবাৰে ঘোচৰ টকা লৈ পানী গুলপীয়া কৰিলে ছেবাৰ দুই কৰ্মচাৰীয়ে ৷ দুৰ্নীতি নিবাৰক শাখাই পতা জালত মেৰ খালে খঁকুৱা কৰ্মচাৰী দুগৰাকী ৷ দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে কৰায়ত্ব কৰিলে অসমৰ মাধ্যমিক শিক্ষা পৰিষদৰ পঞ্জীয়ক শাখাৰ ভাৰপ্ৰাপ্ত অধীক্ষক দীনবন্ধু কলিতা আৰু সহকাৰী অধীক্ষক চৈয়দ আৰিছুদ্দিন আহমেদক৷ অভিযোগ অনুসৰি সহকাৰী অধীক্ষক চৈয়দ আৰিছুদ্দিন আহমেদৰ সহযোগত অবৈধ ধন চপাইছিল দুখীয়াৰ বন্ধু নামধাৰী দীনবন্ধু কলিতাই ৷ জানিবপৰা মতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰমাণপত্ৰৰ নামত ঘোচ লৈছিল দুই বিষয়াই ৷

কেৱল গুৱাহাটীতেই নহয়, শুকুৰবাৰে বিশ্বনাথৰ গহপুৰতো দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল এগৰাকী খণ্ড প্ৰাথমিক বিষয়া ৷ বাকী দুজনৰ দৰেই টেবুলৰ তলেৰে ক’লাধন লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত হামখুৰি খাই পৰিল ছয়দুৱাৰ খণ্ড প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা বিষয়া হৰিপ্ৰসাদ দাস ৷ পূৰ্বেও বহু দুৰ্নীতিৰ অভিযোগত অভিযুক্ত শিক্ষা বিষয়াগৰাকীয়ে ৩ হাজাৰ টকাৰ উৎকোচ লৈ হাতে-লোটে ধৰা পৰে৷ উল্লেখ্য যে, দুৰ্নীতিৰ বিৰুদ্ধে হিমন্ত বিশ্ব চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিছে যদিও একাংশ ঘোচখোৰ চৰকাৰী বিষয়াই লোভ সামৰিব নোৱাৰি উৎকোচ লৈ সঘনাই দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে ৷

লগতে পঢ়ক: Forest Officers Arrested For Taking Bribes: ধুবুৰীত দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত গ্ৰেপ্তাৰ বন বিষয়াসহ দুই বন পালক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.