ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Jan 15, 2022, 7:16 PM IST

top-ten-news-at-7-pm
সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

'' ইয়ে ক্যা নাটক হ্যে ? '': নগাঁৱৰ উপায়ুক্তক মুখ্যমন্ত্ৰীৰ ধমক

কেবাটাও কাৰ্য্যসূচী হাতত লৈ শনিবাৰে নগাঁৱত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা হঠাৎ খঙত অগ্নিশৰ্মা হৈ পৰে(CM Himanta Bishwa Sarma angry) । খঙতে মুখ্যমন্ত্ৰীয়ে নগাঁও জিলাৰ উপায়ুক্তক দিলে ধমক (CM Himanta Bishwa Sarma angry on Nagaon DC ) ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ শাসনত আৰক্ষী দায়বদ্ধতা আয়োগত ২৪৩ টা গোচৰ ৰুজু

ৰাজ্যত বৃদ্ধি পাইছে আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন গোচৰ ৷ ৰাজ্যত সুশাসনৰ কথা কৈ থকা বিজেপি চৰকাৰৰ কাৰ্যকালৰ সময়তে ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগত (Increasing public complaints on various counts were received against police personnel) আৰক্ষীৰ বিৰুদ্ধে সৰ্বাধিক গোচৰ ৰুজু হৈছে ৷

শান্তি আলোচনা প্ৰক্ৰিয়া সন্দৰ্ভত ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক গৌতম বৰুৱালৈ পৰেশ বৰুৱাৰ ফোন

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আলফা (স্বাধীন) ৰ সৈতে আলোচনাৰ এক পৰিবেশ সৃষ্টি কৰাৰ বাবে চলাই অহা প্ৰচেষ্টাক লৈ যথেষ্ট আশাবাদী পৰেশ বৰুৱা (ULFA chief Paresh Baruah on peace process)। কিন্তু আলোচনাৰ নামত চাৰ্কাছত থকাৰ দৰে দন্তহীন বাঘ হব নোখোজে বিদ্ৰোহী নেতাজন । ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক গৌতম বৰুৱাৰে হোৱা এক টেলিফোনিক বাৰ্তালাপত এই কথা স্পষ্ট কৰি দিছে পৰেশ বৰুৱাই (ULFA chief Paresh Baruah phone call to Etv Bharat) ।

ন্যায়ালয়ৰ নিৰ্দেশ অমান্য : পৰম্পৰা ৰক্ষা কৰি কামপুৰত অনুষ্ঠিত ম'হ যুঁজ

মাঘৰ পহিলা দিনটোতে ন্যায়ালয়ৰ বাধাৰ পাছতো পৰম্পৰা ৰক্ষা কৰি কামপুৰত অনুষ্ঠিত হ'ল ম'হ যুঁজ (traditional buffalo fights is organise in Kampur) ৷ কৰ’ণা পৰিস্থিতিৰ বাবে ঐতিহাসিক আঁহতগুৰিত এইবাৰ ম'হযুঁজ অনুষ্ঠিত নহ'ল, যদিও পৰম্পৰা ৰক্ষা কৰিলে কামপুৰবাসীয়ে ৷ ভোগালী বিহুৰ লগত সংগতি ৰাখি কামপুৰৰ গোৱাল আৰু ম'হৰ মালিকসকলে অনুষ্ঠিত কৰে এই যুঁজ ৷

উত্তৰ প্ৰদেশৰ বিধানসভাৰ নিৰ্বাচন : বিজেপিয়ে ঘোষণা কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা

বিজেপিয়ে শনিবাৰে উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰে (BJP announces first candidate list for UP polls) ৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত বিজেপি নেতা ধৰ্মেন্দ্ৰ প্ৰধানে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অযোধ্যাৰ সলনি গোৰখপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি সদৰী কৰে ৷

কংগ্ৰেছৰ ডাঙৰ নেতাই গোপনে সম্পৰ্ক ৰাখিছে মুখ্যমন্ত্ৰী হিমন্তৰ সৈতে : বিধায়ক শশীকান্ত দাস

বিজেপিত যোগদান কৰাৰ পূৰ্বেই হিমন্তৰ প্রশংসাত পঞ্চমুখ ৰহাৰ বিধায়ক শশীকান্ত দাস (MLA Sashikanta Das praises CM Himanta) । এতিয়াও কংগ্ৰেছৰ বহু ডাঙৰ ডাঙৰ নেতাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত শৰ্মাৰ সৈতে গোপনে সম্পৰ্ক ৰখা বুলিও বিস্ফোৰক অভিযোগ আনে বিধায়ক দাসে ।

India corona update : দেশত 1,54,542 গৰাকী লোক বিগত 24 ঘণ্টাত নতুনকৈ আক্ৰান্ত

বিগত 24 ঘণ্টাত দেশত কৰ’ণাত আক্ৰান্ত হৈছে 1,54,542 গৰাকী লোক (India reports 1,54,542 new covid cases in last 24 hours) ৷ শনিবাৰে পুৱা দেশৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই তথ্য (Covid 19 update in India) ৷ বৰ্তমান দেশত সক্ৰিয় আক্ৰান্তৰ হাৰ হৈছে 3.48 শতাংশ ৷

Armed Forces chiefs pay tribute at National War Memorial : দিল্লীৰ যুদ্ধ স্মাৰকত সশস্ত্ৰ বাহিনীৰ মুৰব্বীৰ শ্ৰদ্ধাঞ্জলি

আজি ভাৰতীয় সেনা দিৱস (India celebrates Army day) উপলক্ষে ভাৰতীয় সেনা প্ৰধান জেনেৰেল এম এম নাৰাৱন, ভাৰতীয় বায়ু সেনাৰ মুৰব্বী এয়াৰ চীফ মাৰ্শ্বেল ভি আৰ চৌধুৰী, নৌ সেনাপ্ৰধান এডমাইৰেল আৰ হৰি কুমাৰে ভাৰতীয় সেনা দিৱস উপলক্ষে দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত প্ৰণাম জনাই সেনাৰ শ্বহীদসকললৈ শ্ৰদ্ধা নিবেদন কৰে ৷

Illegal Cattle Smuggling : জখলাবন্ধা আৰক্ষীয়ে জব্দ কৰিলে বিশটাকৈ গো-ধন

ৰাজ্যত পশুধনৰ চোৰাং সৰবৰাহ (Cattle smuggling in Assam) অব্যাহত থকা বিষয়টো তেনেই পুৰণি ৷ আৰক্ষীয়ে যিমানে ইয়াক নিৰ্মূল কৰিবলৈ বাবে চেষ্টা নকৰক কিয়, এই ব্যৱসায়ত জড়িত অসাধু লোকসকলে সদায়ে সলনি কাৰবাৰটোৰ কৌশল সলনি কৰি আহিছে ৷ সেয়ে আৰক্ষীয়েও নতুন পন্থা অৱলম্বন কৰি সময়ে সময়ে জব্দ কৰিছে চোৰাংকৈ অনা পশুধনসমূহ ৷ শেহতীয়াকৈ শুকুৰবাৰে নিশা জখলাবন্ধা আৰক্ষীয়ে কলিয়াবৰত AS 02 E 4638 নম্বৰৰ এখন বাহনত অভিযান চলাই উদ্ধাৰ কৰে বিশটাকৈ গো-ধন (Cattle trafficking at Kaliabor) ৷

Ayush Sharma Opens up About His Marriage : অৰ্পিতা খানৰে বিয়াৰ ৰহস্য ফাদিল কৰিলে আয়ুষ শৰ্মাই

সাতবছৰীয়া বিবাহৰ ৰহস্যৰ পৰিছে ওৰ ৷ ছলমানৰ ভনীয়েক অৰ্পিতাৰ সৈতে কিয় বিয়া পাতিছিল আয়ুষে, ক’লে নিজ মুখেৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.