Illegal Cattle Smuggling : জখলাবন্ধা আৰক্ষীয়ে জব্দ কৰিলে বিশটাকৈ গো-ধন

By

Published : Jan 15, 2022, 3:07 PM IST

thumbnail

ৰাজ্যত পশুধনৰ চোৰাং সৰবৰাহ (Cattle smuggling in Assam) অব্যাহত থকা বিষয়টো তেনেই পুৰণি ৷ আৰক্ষীয়ে যিমানে ইয়াক নিৰ্মূল কৰিবলৈ বাবে চেষ্টা নকৰক কিয়, এই ব্যৱসায়ত জড়িত অসাধু লোকসকলে সদায়ে সলনি কাৰবাৰটোৰ কৌশল সলনি কৰি আহিছে ৷ সেয়ে আৰক্ষীয়েও নতুন পন্থা অৱলম্বন কৰি সময়ে সময়ে জব্দ কৰিছে চোৰাংকৈ অনা পশুধনসমূহ ৷ শেহতীয়াকৈ শুকুৰবাৰে নিশা জখলাবন্ধা আৰক্ষীয়ে কলিয়াবৰত AS 02 E 4638 নম্বৰৰ এখন বাহনত অভিযান চলাই উদ্ধাৰ কৰে বিশটাকৈ গো-ধন (Cattle trafficking at Kaliabor) ৷ উজনিৰ পৰা নামনিলৈ কোনো নথি-পত্ৰ অবিহনে নগাঁৱৰ চামগুৰি এলেকালৈ এই বাহনখনত বিশটাকৈ গো-ধন সৰবৰাহ কৰি আনি থকা অৱস্থাত জখলাবন্ধা আৰক্ষীয়ে জব্দ কৰে (Jakhalabandha police seize trucks carrying cattle at Kaliabor) ৷ ঘটনা সন্দৰ্ভত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে আটক কৰে গো-ধন সৰবৰাহ কৰা বাহনখনৰ কৰ্মচাৰী তথা চামগুৰি বৰমাৰ বাসিন্দা নিজামউদ্দিনক ৷ উল্লেখ্য যে, বিগত দিনকেইটাত কলিয়াবৰ মহকুমাৰ বাগৰি, জখলাবন্ধা আৰু কলিয়াবৰ থানাৰ জালত পৰিয়েই আছে গো-ধনৰ অবৈধ সৰবৰাহকাৰীৰ লগতে গো-ধন ভৰ্তি বাহন ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.