ETV Bharat / sitara

Ayush Sharma Opens up About His Marriage : অৰ্পিতা খানৰে বিয়াৰ ৰহস্য ফাদিল কৰিলে আয়ুষ শৰ্মাই

author img

By

Published : Jan 15, 2022, 2:28 PM IST

সাতবছৰীয়া বিবাহৰ ৰহস্যৰ পৰিছে ওৰ ৷ ছলমানৰ ভনীয়েক অৰ্পিতাৰ সৈতে কিয় বিয়া পাতিছিল আয়ুষে, ক’লে নিজ মুখেৰে ৷

marriage
অৰ্পিতা খানৰে বিয়াৰ আঁৰৰ ৰহস্য নিজেই মুখ খুলি ক’লে আয়ুষ শৰ্মাই

চিটাৰা ডেস্ক, 15 জানুৱাৰী : বিয়াৰ সাত বছৰৰ পিছতো সমালোচনাই লগ এৰা নাই আয়ুষ শৰ্মাক ৷ ছলমানৰ ভনীয়েক অৰ্পিতা খানক বিয়া পতাৰ পিছতেই আয়ুষ শৰ্মাই বলীউডত ভূমুকি মৰাৰ সুবিধা পাইছিল ৷

বৰ্তমানলৈকে দুখন চিনেমা কৰা আয়ুষে বিয়াৰ পিছতেই নেটিজেনৰ পৰা তুমুল সমালোচনাৰ সন্মুখীন হৈছিল ৷ অভিযোগ উত্থাপন হৈছিল যে, বলীউডত নিজৰ বাট মুকলিৰ বাবেই আয়ুষে অৰ্পিতাক বিয়া কৰাইছিল ৷ সকলো সমালোচনাক প্ৰত্যাহ্বান জনাই আয়ুষে কৈছিল, নিজৰ কামৰ বাহিৰে অন্য কথাত React কৰিব লাগে বুলি তেওঁ নাভাবে ৷

Loveyatri ৰে বলীউডত ভূমুকি মৰা আয়ুষৰ সদ্য মুক্তিপ্ৰাপ্ত ছবিখন হৈছে Antim : The Final truth ৷ ছলমান খানৰ বেনাৰৰ বাহিৰত ছবি লাভ কৰিবলৈ এতিয়াও বাকী আয়ুষৰ ৷ নেটিজেনৰ মতে এই কথাই আয়ুষে অৰ্পিতাক বিয়া পতাতো স্বাভাৱিক প্ৰেম যে নহয়, তাকে সূচায় ৷ অৱশ্যে শৰ্মাই এই কথা একেবাৰে মিছা বুলি অভিহিত কৰে ৷

শেহতীয়া এটা ইণ্টাৰভিউত এই বিষয়ে সোধা প্ৰশ্নৰ উত্তৰত আয়ুষে কয়, "They also questioned why I married Arpita. Everyone assumed that I married her for the films. I would wonder if they really think my wife is that amateur who doesn’t know me well ?

But then I thought why should I disrespect my relationship with Arpita by giving importance to this conversation. তেওঁ লগতে আৰু কয় যে "I only need to explain my work but beyond that, I cannot control anything. I love to spend time with Salman bhai because he comes with a lot of work experience, so that helps me as an actor."

উল্লেখ্য যে, আহিল আৰু আয়াত নামেৰে দুটাকৈ সন্তান থকা আয়ুষ আৰু অৰ্পিতাই 2014 ৰ নৱেম্বৰত বিয়া পাতিছিল ৷

লগতে পঢ়ক : Bigg Boss 15: শামিতাৰ সৈতে জোকাই কৰণৰ পৰা গালি খালে তেজস্বীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.