ETV Bharat / state

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ শাসনত আৰক্ষী দায়বদ্ধতা আয়োগত ২৪৩ টা গোচৰ ৰুজু

author img

By

Published : Jan 15, 2022, 5:32 PM IST

ৰাজ্যত বৃদ্ধি পাইছে আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন গোচৰ ৷ ৰাজ্যত সুশাসনৰ কথা কৈ থকা বিজেপি চৰকাৰৰ কাৰ্যকালৰ সময়তে ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগত (Increasing public complaints on various counts were received against police personnel) আৰক্ষীৰ বিৰুদ্ধে সৰ্বাধিক গোচৰ ৰুজু হৈছে ৷

Increasing case in police accountability commission of Assam
আৰক্ষী দায়বদ্ধতা আয়োগত ২৪৩ টা গোচৰ ৰুজু

গুৱাহাটী, 15 জানুৱাৰী : ৰাজ্যত বৃদ্ধি পাইছে আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন গোচৰ ৷ ৰাজ্যত সুশাসনৰ কথা কৈ থকা বিজেপি চৰকাৰৰ কাৰ্যকালৰ সময়তে ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগত (Increasing public complaints on various counts were received against police personnel ) আৰক্ষীৰ বিৰুদ্ধে সৰ্বাধিক গোচৰ ৰুজু হৈছে ৷

আৰক্ষী দায়বদ্ধতা আয়োগৰ পৰা পোৱা তথ্য মতে, আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা, আৰক্ষীয়ে মহিলাৰ শ্লীলতা হানি, ধৰ্ষণ কৰা, কোনো লোকক অবৈধভাৱে গ্ৰেপ্তাৰ কৰি ৰখা, ভীতিগ্ৰস্ত কৰি ধন আদায় কৰা, এজাহাৰ পঞ্জীয়ন নকৰা আদি আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত গোচৰৰ সংখ্যা আয়োগ গঠন হোৱাৰ আৰম্ভণিৰ পৰা অৰ্থাৎ ২০০৮ চনত ৬৭ টা, ২০০৯ চনত ২৬ টা, ২০১০ চনত ৫২ টা, ২০১১ চনত ৬৬ টা, ২০১২ চনত ৭৯ টা, ২০১৩ চনত ৯৩ টা, ২০১৪ চনত ৭৮ টা, ২০১৫ চনত ৮৪ টা, ২০১৬ চনত ১৮২ টা, ২০১৭ চনত ১৬০ টা, ২০১৮ চনত ৩২৫ টা, ২০১৯ চনত ৩৮৫ টা, ২০২০ টা ২৩০ টা, ২০২১ চনত ২৪৩ টা আৰু চলিত বৰ্ষৰ ১৩ জানুৱাৰীলৈ ১২ টা গোচৰ আয়োগত ৰুজু হৈছে ৷

Increasing case in state police accountability commission of Assam
ৰাজ্যত বৃদ্ধি পাইছে আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন গোচৰ

এই গোচৰবোৰৰ ভিতৰত আৰক্ষীয়ে গোচৰৰ তদন্ত সম্পূৰ্ণকৈ নকৰা, হাৰাশাস্তি কৰা, গোচৰ পঞ্জীয়ন নকৰা, ভীতিগ্ৰস্ত কৰি ধন আদায় কৰা, আইনমতে গ্ৰেপ্তাৰ নকৰা, আৰক্ষীৰ ভূমি বেদখল সম্পৰ্কীয় গোচৰবোৰে সৰ্বাধিক ৷ মানুহৰ নিৰাপত্তাৰ দায়িত্ব থকা আৰক্ষী বিভাগটো স্বচ্ছ আৰু নিকা কৰাৰ বাবে ৰাজ্য চৰকাৰখনে কোনো গুৰুত্ব প্ৰদান কৰা নাই ৷ বৰং ৰাজ্যত আৰক্ষীৰ দ্বাৰা ভূৱা একাউণ্টাৰৰ ঘটনা বৃদ্ধি পাইছে ৷

আৰক্ষীৰ দ্বাৰা ধৃত বিভিন্ন ড্ৰাগছ সৰবৰাহকাৰী, চোৰ আৰু ডকাইতৰ বিৰুদ্ধে সঘনাই ভূৱা একাউণ্টাৰৰ ঘটনা সংঘটিত হোৱাৰ খবৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে ৷ ইপিনে ৰাজ্য চৰকাৰৰ চৰম গুৰুত্বহীনতাৰ বাবে আৰক্ষীৰ দায়বদ্ধতা আয়োগৰ অৱস্থাৰ কোনো উন্নতি হোৱা নাই ৷ আয়োগৰ কাম-কাজ চোৱা আৰু পৰিচালনা কৰাৰ বাবে এজন অধ্যক্ষসহ চাৰিজন সদস্য থাকিব লাগে ৷ কিন্তু দীৰ্ঘদিন ধৰি আয়োগৰ এজন সদস্যৰ পদ খালী হৈ পৰি আছে ৷

আয়োগত কৰ্মৰত সচিবৰ পৰা আৰম্ভ কৰি তদন্তকাৰী বিষয়াসহ মুঠ ১৩ জন বিষয়া কৰ্মচাৰীৰ পদসমূহ অস্থায়ী ৷ আয়োগত পূৰ্বতকৈ আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত গোচৰৰ সংখ্যা ক্ৰমাৎ বাঢ়ি গৈ আছে যদিও আয়োগত তদন্তকাৰী বিষয়া আৰু আন কৰ্মচাৰীৰ সংখ্যা বঢ়া নাই ৷ যাৰ বাবে আয়োগৰ বোজা বাঢ়ি যোৱাৰ লগে লগে আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত গোচৰবোৰ সময়মতে তদন্ত কৰি গোচৰ নিস্পত্তি কৰাত বিলম্ব হৈ আহিছে ৷

আয়োগৰ তথ্য মতে, এতিয়াও ৩০০ টা অধিক গোচৰ নিস্পত্তি নোহোৱাকৈ পৰি আছে ৷ আয়োগৰ সচিব দেৱ কুমাৰ নাথে কয়- ‘আমাৰ তৰফৰ পৰা আয়োগক শক্তিশালী কৰা বাবে চৰকাৰক কেইবাবাৰো আবেদন জনায় আহিছো ৷ শেহতীয়াভাৱে মুখ্যমন্ত্ৰীক আয়োগৰ ২০২১ বৰ্ষৰ বছৰেকীয়া প্ৰতিবেদন অৰ্পণ কৰা হৈছে ৷ এই প্ৰতিবেদনখন অহা বিধানসভাত উত্থাপন কৰা হ'ব ৷ আয়োগৰ প্ৰতিবেদনত আয়োগে আগবঢ়োৱা প্ৰস্তাৱবোৰ মানি ল'লে আয়োগৰ অস্থায়ী পদবোৰ স্থায়ী হ'ব বুলি আশা কৰিব পাৰি ৷

উল্লেখ্য যে, আয়োগক শক্তিশালী কৰা আৰু আয়োগৰ পদবোৰ স্থায়ী কৰাৰ আবেদন জনাই প্ৰস্তুত কৰা ২০১৫-১৬ চনৰ আয়োগৰ বছৰেকীয়া প্ৰতিবেদন যোৱা ২০১৬ চনৰ আৰম্ভণিতে তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক অৰ্পণ কৰা হৈছিল ৷ আক্ষেপৰ কথা যে এই প্ৰতিবেদন বিধানসভাত উত্থাপন নহ’ল ৷ তাৰপিছত একে বিষয় সন্নিবিষ্ট কৰি ২০১৬-১৭ চনৰ আয়োগৰ বছৰেকীয়া প্ৰতিবেদনখন যোৱা ২০১৭ চনৰ ১৭ মে’ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অৰ্পণ কৰা হৈছিল ৷

আক্ষেপৰ কথা যে, এই প্ৰতিবেদন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও বিধানসভাত উত্থাপনে নকৰিলে ৷ ২০১৮ চনৰ পৰা ২০২০ চনলৈ আয়োগৰ বছৰেকীয়া প্ৰতিবেদন প্ৰস্তুত কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অৰ্পণ কৰা হৈছিল ৷ কিন্তু এইবাৰো বিধানসভা অধিৱেশনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও আয়োগৰ বছৰেকীয়া প্ৰতিবেদন বিধানসভাত উত্থাপনে নকৰিলে ৷

আৰম্ভণিৰ পৰা ভাৰাঘৰত কাম চলাই অহা আয়োগৰ স্থায়ী কাৰ্যালয় স্থাপনৰ বাবে ৰাজ্য চৰকাৰে এতিয়ালৈ কোনো ভূমিৰ বাবে আৱণ্টন দিয়া নাই ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ডিজিটেল ইণ্ডিয়াৰ কথা কৈ থকাৰ সময়তে আয়োগৰ ৱেবছাইটটো দুই-তিনি বছৰ ধৰি কোনো অস্তিত্বই নাই ৷ আয়োগৰ সচিব দেৱ কুমাৰ নাথে কয় যে, যোৱা দুবছৰ আয়োগত ক’ভিড পৰিস্থিতিৰ বাবে গোচৰৰ সংখ্যা কমিছে ৷

লগতে চাওক: ক'ভিডত আক্ৰ‍ান্ত অসম-নাগালেণ্ডৰ ৰাজ্যপালৰ পত্নী

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.