ETV Bharat / state

সন্ধিয়া সাত বজাৰ শীৰ্ষ দহটা বাতৰি...

author img

By

Published : Feb 18, 2021, 7:01 PM IST

সন্ধিয়া সাত বজাৰ শীৰ্ষ দহটা বাতৰি...

top ten news at 7 pm
সন্ধিয়া সাত বজাৰ শীৰ্ষ দহটা বাতৰি...

ভাৰ্চুৱেল মাধ্যমেৰে ধুবুৰী ফুলবাৰী দলঙৰ আধাৰশিলা স্থাপন মোডীৰ

ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অসম আৰু মেঘালয়ক সংযোগ কৰি নিৰ্মাণ হ'বলগীয়া ফুলবাৰী দলংখনৰ ভাৰ্চুৱেল মাধ্যমেৰে আজি আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ এই উপলক্ষে বৃহস্পতিবাৰে ধুবুৰীৰ আদাবাৰীত এখন ৰাজহুৱা সভাৰ আয়োজন কৰা হয় ৷

মহাজোঁটত মহা অথন্তৰ: বিধায়ক আমিনুলক কাৰণ দৰ্শোৱাৰ জাননী

'কা' ক লৈ মহাজোঁটত মহা অথন্তৰ ৷ 'কা' ক কেন্দ্ৰ কৰি কংগ্ৰেছ আৰু এ আই ইউ ডি এফে গঠন কৰা মহাজোঁটত লাগিছে কেনা ৷ ৰাজহুৱাকৈ মহাজোঁটৰ এটা অন্যতম অংশীদাৰ দল কংগ্ৰেছৰ ভিতৰুৱা কথাত মাত মাতি নিজ দলতেই বিপদত পৰিছে বিধায়ক আমিনুল ইছলাম ৷ কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱক লৈ কৰা মন্তব্যৰ পাছতে এ আই ইউ ডি এফৰ শীৰ্ষ নেতৃত্বই আমিনুল ইছলামলৈ প্ৰেৰণ কৰিছে কাৰণ দৰ্শোৱাৰ জাননী ৷

অবড়োৰ মোহ এৰিলে নৱ শৰণীয়াই !

বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত জিএছ পি আৰু অবড়ো সুৰক্ষা সমিতিৰ মাজত সৃষ্টি হৈছে তীব্ৰ সংঘাত ৷ পৰিষদীয় নিৰ্বাচনৰ পিচত সাংসদ নৱ কুমাৰ শৰণীয়াই অবড়ো ৰাইজৰ কোনো খবৰ নোলোৱাৰ অভিযোগ একাংশ অবড়ো নেতাৰ ৷

SI নিযুক্তি: একে গাঁৱৰে 7 গৰাকী আৰু একে পৰিয়ালৰে 3 গৰাকীয়ে পালে নিযুক্তি

সম্প্ৰতি ঘোষণা কৰা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদত নিযুক্তি লাভ কৰিলে একেখন গাঁৱৰে সাত গৰাকীকৈ যুৱক আৰু যুৱতীয়ে ৷ সম্পূৰ্ণ যোগ্যতা আৰু দক্ষতাৰ ভিত্তিত নিযুক্তি লাভ কৰি সুখী এইসকল যুৱক যুৱতী ৷ পশ্চিম যোৰহাটৰ সকাই খঙীয়া গাঁৱৰ এই যুৱক যুৱতীৰ দলটোৱে পৰীক্ষাৰ বাবে একেলগে চলাইছিল প্ৰস্তুতি ৷ ইয়াৰ তিনিগৰাকী একেটা পৰিয়ালৰ ৷ যুৱক যুৱতী কেইগৰাকীৰ এই সফলতাত সুখী গাঁওবাসীৰ লগতে সকলো ৰাইজ ৷

তিনিচুকীয়াত ৭টা আপুৰুগীয়া বনৰৌ সহ দুজনক আটক

তিনিচুকীয়াত আপুৰুগীয়া 7 টা বনৰৌ উদ্ধাৰ হোৱাৰ লগতে আটক হৈছে দুজন লোক ৷ এখন হোটেলৰ পৰা বৃহস্পতিবাৰে অভিযান চলাই এগৰাকী যুৱতী আৰু এজন যুৱকক আটক কৰাৰ লগতে 7 টা বনৰৌ উদ্ধাৰ কৰে তিনিচুকীয়া আৰক্ষীয়ে ।

ভূপেশ বাঘেলৰ সভাত উৰিল ক’লা পতাকা

দক্ষিণ কামৰূপৰ সোণতলীত কংগ্ৰেছৰ বুথ সংকল্প শিবিৰত মুখ্য অতিথিৰূপে উপস্থিত থাকে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী তথা অসম বিধানসভা নিৰ্বাচনৰ জ্যেষ্ঠ নিৰীক্ষক ভূপেশ বাঘেল ৷

মাংগলিক কাৰ্যৰে মাজুলী-যোৰহাট সংযোগী দলঙৰ ভূমি পূজন

কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা আৱণ্টিত 925 কোটি টকাৰে নিৰ্মাণ হ'বলগীয়া মাজুলী-যোৰহাট সংযোগী দলঙৰ আজি ভূমি পূজন কৰা হয় ৷ এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানত ভিডিঅ' কনফাৰেন্স যোগে অংশগ্ৰহণ কৰে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

দিল্লীত কেইবাহাজাৰ গুলীসহ আটক ৬ জন লোক

দিল্লী আৰক্ষীয়ে বুৰাৰী অঞ্চলত অভিযান চলাই ৪ হাজাৰ ৫০০ টা গুলী জব্দ কৰাৰ লগতে আটক কৰে ৬ জনকৈ অস্ত্ৰ-শস্ত্ৰ সৰবৰাহকাৰী ।

বাজেট অধিৱেশনক লৈ উত্তৰ প্ৰদেশ বিধানসভাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা

বৃহস্পতিবাৰৰ পৰা উত্তৰ প্ৰদেশত আৰম্ভ হ'ল বাজেট অধিৱেশন ৷ বাজেট অধিৱেশনৰ প্ৰাকক্ষণত উত্তৰ প্ৰদেশ বিধানসভাৰ বাহিৰত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ৷ প্ৰথম বাৰৰ বাবে বিধানসভাত উত্তৰ প্ৰদেশ স্পেচিয়েল প্ৰটেকশ্যন ফৰ্চ মোতায়েন ৷ অধিৱেশনৰ প্ৰথম দিনটোতেই শস্য ভৰ্তি টেক্টৰত উঠি সমাজবাদী দলৰ কৰ্মীৰ প্ৰতিবাদ ৷

‘লাইফ ইন্‌ এ পাপেট’ৰ আন এক সাফল্য

দক্ষিণ আমেৰিকাৰ ৰাষ্ট্ৰ চিলি আৰু ইউৰোপীয় ৰাষ্ট্ৰ ছুইডেনত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমাৰোহত উজলি উঠিছে অসমৰ পুতলা নাচ ভিত্তিক চলচ্চিত্ৰ লাইফ ইন্‌ এ পাপেট ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.