ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Dec 18, 2021, 7:06 PM IST

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

top 10 at 7pm
7 বজাৰ শীৰ্ষ 10 টা বাতৰি

আদানী গ্ৰুপৰ হাতত বিমান বন্দৰ : সূচনা হৈছে ইটোৰ পিছত সিটো বিতৰ্কৰ

দেশৰ অন্যতম লাভজনক বিমান বন্দৰ হিচাপে পৰিচিত গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰটো যোৱা অক্টোবৰত আদানি গ্রুপলৈ হস্তান্তৰ কৰাৰ পিছত এতিয়া সৃষ্টি হৈছে নানান বিতৰ্কৰ ৷ জানো আহক আদানী গ্ৰুপৰ বিমান বন্দৰ পৰিচালনাক লৈ কি কি অভিযোগ উত্থাপিত হৈছে (Airport management by Adani group) ৷

IAS Officer Deputation: আই এ এছ বিষয়াক নিয়ন্ত্ৰণৰ চেষ্টা চৰকাৰৰ

অহা পাঁচ বছৰলৈ আন্তঃ কেডাৰ বদলিৰে কোনো আই এ এছ বিষয়া ডেপুটেশ্বনত যাব নোৱাৰিব (IAS officers will not be able to go deputation)। ১৫ ডিচেম্বৰত ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে এই সংক্ৰান্তত জাৰি কৰিছে এখন জাননী ।

ভাষা থাকিলেহে জাতি থাকিব : এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈ

এবছৰীয়া হ’ল অসম জাতীয় পৰিষদ ৷ অসম জাতীয় পৰিষদৰ মাজুলী জিলা সমিতিৰ উদ্যোগত ৰঙাচাহী আঞ্চলিক সমিতিৰ সহযোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণাৰীআটী মজলীয়া বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা হয় কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস (First Foundation Day of AJP) ৰ কাৰ্যসূচী ।

First sports university in Assam : অসমৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয়ৰ নিৰ্মাণকাৰ্য আৰম্ভ

শুকুৰবাৰে চাবুৱাত অসমৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয় নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰা হয় (First sports university in Assam) ৷ সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে স্থাপন কৰা হয় বিশ্ববিদ্য়ালয়খনিৰ লাইখুঁটা (Laying of the foundation stone of sports university) ৷

Dispur Police Firing : দিশপুৰ আৰক্ষীৰ গুলীত আহত ইৰাণী গ্ৰুপৰ সদস্য

ৰাজ্যত পুনৰ সংঘটিত হৈছে গুলীচালনাৰ ঘটনা ৷ দিশপুৰ আৰক্ষীৰ গুলীত (Dispur Police Firing) আহত হৈছে ইৰাণী গ্ৰুপৰ সদস্য অমৰ গোৱালা ৷

BTC Council anniversary : কোকৰাঝাৰত আই টি পাৰ্ক মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে

বিটিআৰ পৰিষদীয় চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি (BTC Council anniversary) উপলক্ষে কোকৰাঝাৰৰ চান্দামাৰীত মুকলি আই টি পাৰ্ক । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে এই আই টি পাৰ্কখন (Assam CM inaugurates IT park at Chandamari)। অনুষ্ঠানত উপস্থিত কেন্দ্ৰীয় ৰে'লমন্ত্ৰী দৰ্শনা জাৰদোশ ।

Controversial statement of Asaduddin Owaisi: মহিলাৰ বিবাহৰ বয়স ২১ বছৰলৈ বৃদ্ধি কৰাক লৈ অসন্তুষ্ট আছাদউদ্দিন ওৱেচি

শেহতীয়াকৈ চৰকাৰে মহিলাৰ বিবাহৰ বয়সৰ সীমা ২১ বছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । এই সিদ্ধান্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে AIMIMৰ অধ্যক্ষ আছাদউদ্দিন ওৱেচিয়ে (Owaisi statement on legal marriage age)। ইয়াৰ পৰিৱৰ্তে বিবাহৰ ক্ষেত্ৰত ল'ৰাৰ বয়সৰ সীমা ১৮ লৈ হ্ৰাস কৰিব লাগে ।

Sex ratio improved in India : দেশত পুৰুষ-মহিলাৰ অনুপাত 1000:1020

লোকসভাত এক লিখিত প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ভাৰতী প্ৰবীণ পাৱাৰে কয় যে পূৰ্বতকৈ দেশত লিংগৰ অনুপাত বৃদ্ধি হৈছে (Sex ratio in India has improved) । ৰাষ্ট্ৰীয় পাৰিবাৰিক স্বাস্থ্য জৰীপ অনুসৰি, সম্প্ৰতি প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে আছে ১০২০ গৰাকী মহিলা ।

লৈছিল তিনিপালি ভেকছিন, তাৰপিছতো আক্ৰান্ত অ’মিক্ৰণত

অ'মিক্ৰণৰ দ্বাৰা সংক্ৰমিত হোৱা লোকৰ সংখ্যা বৃদ্ধিয়ে পুনৰ দেশত মহামাৰীৰ ভয়াৱহতা বৃদ্ধি কৰিছে (US returnee tests positive for Omicron) । এইবাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা উভতি অহা মুম্বাইৰ এজন লোকৰ দেহত ধৰা পৰিছে অ'মিক্ৰণৰ অৱস্থিতি । লোকজনে ফাইজাৰ ভেকচিনৰ তিনিওটা পালি গ্ৰহণ কৰিছিল ।

Happy Birthday Richa Chadha : এসময়ত আলোচনীত ইণ্টাৰ্ণ হিচাপে কাম কৰিছিল ৰিছা চড্ডাই

35 বছৰীয়া হ’ল বলীউডৰ অভিনেত্ৰী ৰিছা চড্ডা ৷ আলোচনীত ইণ্টাৰ্ণ হিচাপে কাম কৰি কেৰিয়াৰ আৰম্ভ কৰা ৰিছা বৰ্তমান বলীউডৰ এগৰাকী সফল অভিনেত্ৰী ৷ 2008 চনত মুক্তি লাভ কৰা "ঐ লাকী লাকী ঐ" ছবিৰ জৰিয়তে অভিনয় জীৱনৰ কেৰিয়াৰৰ পাতনি মেলিছিল ৰিছাই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.