ETV Bharat / city

আদানী গ্ৰুপৰ হাতত বিমান বন্দৰ : সূচনা হৈছে ইটোৰ পিছত সিটো বিতৰ্কৰ

author img

By

Published : Dec 18, 2021, 5:51 PM IST

দেশৰ অন্যতম লাভজনক বিমান বন্দৰ হিচাপে পৰিচিত গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰটো যোৱা অক্টোবৰত আদানি গ্রুপলৈ হস্তান্তৰ কৰাৰ পিছত এতিয়া সৃষ্টি হৈছে নানান বিতৰ্কৰ ৷ জানো আহক আদানী গ্ৰুপৰ বিমান বন্দৰ পৰিচালনাক লৈ কি কি অভিযোগ উত্থাপিত হৈছে (Airport management by Adani group) ৷

lokpriya-gopinath-bordoloi-international-airport-in-controversy
আদানী গ্ৰুপৰ হাতত বিমান বন্দৰ : সূচনা হৈছে ইটোৰ পিছত সিটো বিতৰ্কৰ

গুৱাহাটী, 18 ডিচেম্বৰ : দেশৰ অন্যতম লাভজনক বিমান বন্দৰ হিচাপে পৰিচিত গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰটো(Lokpriya Gopinath Bordoloi International Airport) যোৱা অক্টোবৰত আদানি গ্রুপলৈ হস্তান্তৰ কৰাৰ পিছত বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰটোৰ আন্তঃগাথঁনিৰ বিশেষ উন্নয়ন হোৱা নাই । বৰং বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰটোৰ পূৰ্বতে থকা আন্তঃগাথঁনিৰ অৱস্থা বেয়াৰ ফালে গতি কৰিছে ।

বিমানবন্দৰটোৰ বাণিজ্যিক বাহনৰ পাৰ্কিং মাচুল পূৰ্বতকৈ বৃদ্ধি পাইছে (Parking fee hike in LGBI airport ) । যাৰ বাবে বিমানবন্দৰটোৰ পৰা ভাড়া মৰা বানিজ্যিক বাহনবোৰে গাড়ীৰ ভাড়া বৃদ্ধি কৰিছে । বিমান বন্দৰটোৰ বানিজ্যিক বাহনৰ পাৰ্কিং মাচুল পূৰ্বতকৈ বৃদ্ধি কৰাৰ বাবে পৰোক্ষ প্ৰভাৱ যাত্ৰী সকলৰ মূৰৰ ওপৰত পৰিছে । দেশৰ অন্যতম লাভজনক বিমান বন্দৰ হিচাপে পৰিচিত গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰটো যোৱা অক্টোবৰত আদানি গ্রুপলৈ হস্তান্তৰ কৰাৰ পিছত বিমান বন্দৰটোৰ এখন বানিজ্যিক বাহনৰ পাৰ্কিং মাচুল বৃদ্ধি কৰি ৮৫ টকা কৰা হৈছে ।

পূৰ্বতে বিমান বন্দৰটোৰ এখন বানিজ্যিক বাহনৰ পাৰ্কিং মাচুল ৬০ টকা আছিল । নাম প্ৰকাশত অনিচ্ছুক বিমানবন্দৰত থকা একাংশ বানিজ্যিক বাহনৰ চালকে কয় যে, বিমানবন্দৰটো আদানি গ্রুপে লোৱাৰ পিছত বিমান বন্দৰৰ ভিতৰত আৰু চৌহদৰ বাহিৰত কোনেও সংবাদ মাধ্যমৰ ওচৰত মুখ খুলিব নোৱাৰা হৈছে । যিয়ে মুখ খোলে তাকে আৰক্ষীৰ দ্বাৰা আটক কৰা হয় । জানিব পৰা মতে, কিছুদিন পূৰ্বে আদানি গ্রুপৰ স্বৈৰাচছাৰীতাৰ বিৰুদ্ধে এজন কেব চালকে বিমানবন্দৰত প্ৰতিবাদ কৰি সংবাদ মাধ্যমৰ ওচৰত বক্তব্য প্ৰদান কৰাৰ অপৰাধত আৰক্ষীয়ে আটক কৰিছিল ।

উল্লেখ্য যে, বিমানবন্দৰৰ চৌহদত থকা সকলো প্ৰস্ৰাৱগাৰ আৰু শৌচাগাৰ ব্যৱহাৰ কৰিব নোৱাৰি । বহুদিন ধৰি বিমানবন্দৰৰ চৌহদত থকা সকলো প্ৰস্ৰাৱগাৰ আৰু শৌচাগাৰ বেয়া হৈ পৰি আছে । নাম প্ৰকাশত অনিচ্ছুক একাংশ বিমান বন্দৰৰ কৰ্মচাৰীয়ে কয় যে, বিমান বন্দৰৰ বাহিৰত যাত্ৰীৰ বাবে থকা বহুসংখ্যক আসন উঠাই নিয়া হৈছে । যাৰ বাবে বিমানবন্দৰৰ বাহিৰত অপেক্ষা কৰা লোকসকল যথেষ্ট সমস্যাৰ সম্মুখীন হৈছে ।

কৰ্মচাৰীসকলে জনায় যে, বিমানবন্দৰত পূৰ্বতে থকা বহু কৰ্মচাৰী আদানী গ্ৰুপে কামৰ পৰা চাটাই কৰিছে(Adani group fired employees of LGBI airport) । মাত্ৰ কেইজনমান পুৰণি কৰ্মচাৰী আছে । কিন্তু তেওঁলোকক ছমাহৰ বাবে casual post ৰখা হৈছে । কাৰণ তেওঁলোকে এতিয়াও আদানী গ্ৰুপৰ অধীনত কাম কৰিবলৈ মান্তি হোৱা নাই । ছমাহৰ ভিতৰত এই কৰ্মচাৰী সকলে যদি আদানী গ্ৰুপৰ অধীনত কাম কৰিবৰ বাবে মান্তি হৈ লিখিতভাৱে জনায়, তাৰ পিছতহে এই কৰ্মচাৰী সকলৰ চাকৰি বাহাল ৰখা হ'ব । অন্যথা চাকৰিৰ পৰা বিদায় দিয়া হ'ব এইসকলকো । প্ৰাপ্ত তথ্য মতে বিমান বন্দৰৰ পৰা দৈনিক যাত্ৰা কৰা বিমানৰ সংখ্যা বৃদ্ধি হোৱা নাই । বিমান বন্দৰৰ পৰা এতিয়াও দৈনিক ৫০ খন বিমানে যাত্ৰা কৰে ।

লগতে পঢ়ক : ৰহস্যজনকভাৱে তিনিমাহে প্ৰৱঞ্চক মৃদুপৱন নেওগৰ সন্ধান উলিওৱাত ব্যৰ্থ আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.