ETV Bharat / state

ভাষা থাকিলেহে জাতি থাকিব : এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈ

author img

By

Published : Dec 18, 2021, 10:51 AM IST

Updated : Dec 18, 2021, 12:24 PM IST

Assam Jayiya Parishad Observed First Foundation Day
এবছৰীয়া হ’ল অসম জাতীয় পৰিষদ

এবছৰীয়া হ’ল অসম জাতীয় পৰিষদ ৷ অসম জাতীয় পৰিষদৰ মাজুলী জিলা সমিতিৰ উদ্যোগত ৰঙাচাহী আঞ্চলিক সমিতিৰ সহযোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণাৰীআটী মজলীয়া বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা হয় কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস (First Foundation Day of AJP) ৰ কাৰ্যসূচী ।

মাজুলী, 18 ডিচেম্বৰ : ‘ভাষা থাকিলেহে এটা জাতি জীয়াই থাকিব ৷ ভাষা থাকিলেহে সংস্কৃতি জীয়াই থাকিব ৷ ভাষা জীয়াই ৰখাৰ দায়িত্ব প্ৰতিজন স্বাভিমানী অসমবাসীৰ’- অসম জাতীয় পৰিষদ (Assam Jatiya Parishad)ৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ দ্বিতীয় দিনাৰ বৰ্ণাঢ্য কাৰ্যসূচীত অংশ লৈ এই মন্তব্য কৰে দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ৷

এবছৰীয়া হ’ল অসম জাতীয় পৰিষদ

অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ অনুষ্ঠানতেই ‘আই মুখৰ মাতষাৰ আজি বিপদাপন্ন’ বুলিও উল্লেখ কৰে জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে । চৰকাৰে অতি সোনকালে অসমৰ সকলো শ্ৰেণীৰ বিদ্যালয়তে অসমীয়া ভাষা বাধ্যতামূলক কৰিবৰ বাবে এখন আইন আনিব লাগে । আনকি সকলো অনুষ্ঠান-প্ৰতিষ্ঠান, দোকান আদি ব্যৱসায়িক প্ৰতিষ্ঠানতো অসমীয়া ভাষাৰ ব্যাপক প্ৰচাৰ হ’ব লাগে বুলি সদৰী কৰে গগৈয়ে ৷

ভাষা থাকিলেহে জাতি থাকিব : এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈ

উল্লেখ্য যে, দুদিনীয়া কাৰ্যসূচীৰে মাজুলীৰ ৰঙাচাহীত অনুষ্ঠিত হয় অসম জাতীয় পৰিষদৰ প্ৰথম বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস (Foundation Day of AJP) ৷

শুকুৰবাৰে জাতীয় পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে সভাপতি লুৰিণজ্যোতি গগৈ (Lurin Jyoti Gogoi President of AJP) য়ে ৷ শ্বহীদ তৰ্পণ কৰে জগদীশ ভূঞাই । ইয়াৰ পাচতে জাতীয় সংকল্প সমাৰোহ কাৰ্যসূচী আৰম্ভ হয় । এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম জাতীয় পৰিষদৰ প্ৰায় সকলো জিলাৰ পৰা অহা জিলা সমিতিৰ বিষয়ববীয়া তথা কেন্দ্ৰীয় নেতৃবৰ্গই ।

অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ অনুষ্ঠানৰ লগত মাজুলীৰ উপ-নিৰ্বাচনৰ একো সম্পৰ্ক নাই বুলিও মত প্ৰকাশ কৰে লুৰিণজ্যোতি গগৈয়ে । তেওঁ কয় যে, আগন্তুক উপ-নিৰ্বাচন (By election of Majuli) ত মাজুলীত অসম জাতীয় পৰিষদে উমৈহতীয়া প্ৰাৰ্থী দিব ৷ এই সন্দৰ্ভত ইতিমধ্যে দলে কৰিছে চিন্তা-চৰ্চা ৷

Foundation Day of AJP
এবছৰীয়া হ’ল অসম জাতীয় পৰিষদ

ইফালে যোৰহাট-মাজুলী সংযোগী দলং (Jorhat Majuli Bridge) সন্দৰ্ভতো মত প্ৰকাশ কৰে সভাপতিগৰাকীয়ে ৷ তেওঁ কয় যে, যোৰহাট-মাজুলী সংযোগী দলং এতিয়া ৰাইজৰ নহয়, ৰাজনীতিৰহে বিষয় ৷ যোৰহাট-মাজুলী সংযোগী দলঙক লৈ হৈ আছে বহু ৰাজনীতি ৷

লগতে পঢ়ক : Foundation Day of AJP : দুদিনীয়া কাৰ্যসূচীৰে মাজুলীত অসম জাতীয় পৰিষদৰ প্ৰতিষ্ঠা দিৱস পালন

Last Updated :Dec 18, 2021, 12:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.