IAS Officer Deputation: আই এ এছ বিষয়াক নিয়ন্ত্ৰণৰ চেষ্টা চৰকাৰৰ

author img

By

Published : Dec 18, 2021, 4:29 PM IST

IAS Officer Deputation

অহা পাঁচ বছৰলৈ আন্তঃ কেডাৰ বদলিৰে কোনো আই এ এছ বিষয়া ডেপুটেশ্বনত যাব নোৱাৰিব (IAS officers will not be able to go deputation)। ১৫ ডিচেম্বৰত ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে এই সংক্ৰান্তত জাৰি কৰিছে এখন জাননী । ডেপুটেশ্বনত গৈ কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগত সেৱা আগবঢ়াই থকাৰ উপৰিও অসম মেঘালয় কেডাৰৰ বহুকেইগৰাকী আই এ এছ বিষয়াই কেডাৰ সলনি কৰি ভিন ভিন ৰাজ্যত কৰ্মৰত হৈ থকাত অসমৰ প্ৰশাসন ব্যৱস্থাত এক বিৰূপ প্ৰভাৱ পৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷

গুৱাহাটী, ১৮ ডিচেম্বৰ: অসমত সেৱা আগবঢ়াবলৈ ইচ্ছা নথকা একাংশ আই এ এছ বিষয়াই দিল্লীৰ প্ৰভাৱ খটুৱাই নিজৰ গৃহ ৰাজ্য বা দিল্লীলৈ ডেপুটেশ্বনত যোৱাৰ পৰম্পৰা বন্ধ কৰিবলৈ শেহতীয়াকৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত । সেই অনুসৰি এতিয়াৰে পৰা অহা পাঁচ বছৰলৈ আন্তঃ কেডাৰ বদলিৰে কোনো আই এ এছ বিষয়া ডেপুটেশ্বনত যাব নোৱাৰিব (IAS officers will not be able to go deputation)। যোৱা ১৫ ডিচেম্বৰত ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে এই সংক্ৰান্তত এখন জাননীও জাৰি কৰিছে ।

তাৎপৰ্যপূৰ্ণ বিষয়টো হ'ল অসমত নিয়োজিত বহু আই এ এছ বিষয়া(Officer of Indian Administrative Service)ই ডেপুটেশ্বনত গৈ কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগত সেৱা আগবঢ়াই থকাৰ উপৰিও অসম মেঘালয় কেডাৰৰ বহুকেইগৰাকী আই এ এছ বিষয়াই কেডাৰ সলনি কৰি ভিন ভিন ৰাজ্যত কৰ্মৰত হৈ আছে । যাৰ ফলত অসমৰ প্ৰশাসন ব্যৱস্থাত এক বিৰূপ প্ৰভাৱ পৰিছে । একোজন আই এ এছ বিষয়াৰ ওপৰতে চৰকাৰে ন্যস্ত কৰিবলগীয়া হৈছে কেইবাটাও বিভাগৰ দায়িত্ব ।

আনহাতে চেন্ট্ৰেল ডেপুটেশ্বনত গৈ এতিয়াও অসমলৈ ঘূৰি নহা আই এ এছ বিষয়াসকলৰ তালিকাখন ক্ৰমাৎ দীঘল হৈ গৈ আছে । উদাহৰণস্বৰূপে এল এছ চাংছন, ৰবি কোটা, বীৰেন্দ্ৰ মিট্টাল, নাৰায়ণ কোঁৱৰ, ৰাজীৱ যোশী, প্ৰতীক হাজেলা, সঞ্জয় লোহিয়া, দিবাকৰ নাথ মিশ্ৰ, আশুতোষ অগ্নিহোত্ৰী, জে বালাজী, পি অশোকবাবু, সমীৰ খাৰে, প্ৰমোদ তিৱাৰী, অজয় তিৱাৰী, ড৹ এম অংগমুথু, ছোলাংকি বিশাল বসন্ত, জে ভি নাগাসুব্ৰমনিয়ম, ডাঃ ওমপ্ৰকাশ, পুৰু গুপ্তা, শ্যাম জগন্নাথ আদি হৈছে এই তালিকাত থকা অন্যতম কেইগৰাকীমান আই এ এছ বিষয়া ।

একমাত্ৰ দুগৰাকী আই এ এছ বিষয়াইহে বিগত ২৯ জুন আৰু ২৫ অক্টোবৰত ডেপুটেশ্বন শেষ কৰি অসমলৈ উভতি আহিছে । এই দুগৰাকী বিষয়া হ'ল জয়ন্ত নাৰ্লিকাৰ আৰু বিজয়েন্দ্ৰ । মন কৰিবলগীয়া যে, পূৰ্বৰ সোণোৱাল চৰকাৰৰ কাৰ্যকালত আঠগৰাকী আই এ এছ বিষয়া ডেপুটেশ্বনত গৈছিল । বৰ্তমান ড৹ হিমন্তবিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালত এতিয়ালৈকে ডেপুটেশ্বনত গৈছে তিনিগৰাকী আই এ এছ বিষয়া ।

লগতে পঢ়ক: আৰক্ষীক ইন্ধনৰ যোগান বন্ধ কৰি দিয়াৰ পিছতে বিত্ত বিভাগে মুকলি কৰি দিলে ৮ কোটি টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.