ETV Bharat / state

5 বজাৰ সংবাদ শীৰ্ষ

author img

By

Published : Dec 28, 2021, 5:15 PM IST

5 বজাৰ সংবাদ শীৰ্ষ

TOP 10 AT 5PM
5 বজাৰ সংবাদ শীৰ্ষ

Flight cancelled due to Covid 19 : বৰদিনৰ প্ৰাকমূহুৰ্তৰ পৰা বৰ্তমানলৈকে ১১,৫০০ খন বিমানৰ যাত্ৰা বাতিল

ক'ভিড সৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিশ্বৰ বিভিন্ন দেশত বাতিল কৰা হৈছে যাত্ৰীবাহী বিমান । বৰদিনৰ প্ৰাকমূহুৰ্তৰ পৰা বৰ্তমানলৈকে ১১,৫০০ খন বিমানৰ যাত্ৰা বাতিল কৰা হৈছে (11,500 flights cancelled worldwide since Christmas eve) ।

পৰাজয় স্বীকাৰ কৰিব নোৱাৰি ছাত্ৰ পৰিষদৰ কৰ্মীক আক্ৰমণ কৰিছিল নেকি আছুৱে ?

ডিব্ৰু মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ নিৰ্বাচনত আছুৱে পৰাজয় মানি ল'ব নোৱাৰিহে ছাত্ৰ পৰিষদৰ চাৰিজনকৈ ছাত্ৰৰ ওপৰত চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ অভিযোগ ছাত্ৰ পৰিষদৰ (ACP reacts on recent AASU ACP clash) ৷

দালাই লামাক নিৰাপত্তা দিয়া প্ৰাক্তন ভাৰতীয় সেনা জোৱান নৰেন চন্দ্ৰ দাসৰ মৃত্যু

অসম ৰাইফলচৰ প্ৰাক্তন সেনা জোৱান নৰেন চন্দ্ৰ দাসৰ মৃত্যু(Demise of former Assam Rifles soldier Naren Chandra Das) ৷ দালাই লামাই চীন সীমান্ত হৈ ভাৰতলৈ পলাই অহাৰ সময়ত নিৰাপত্তা প্ৰদান কৰিছিল এইগৰাকী সেনা জোৱানে ৷ তেখেতৰ মৃত্যুত সমগ্ৰ চাৰিদুৱাৰ-বালিপৰা অঞ্চলত শোকৰ ছাঁ পৰে ।

Man returns from Pakistan : সুদীৰ্ঘ ২৯ বছৰ পাকিস্তানৰ পৰা জন্মভূমিলৈ উভতিল কুলদীপ সিং

অনুপ্ৰৱেশৰ অভিযোগত ২৯ বছৰে পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ আছিল জম্মু-কাশ্মীৰৰ কুলদীপ সিং (Kuldeep spent 29 years in a Pakistani jail)। আইনী যুঁজত জয়ী হৈ অৱশেষত কাৰাগাৰৰ পৰা মুকলি কৰা হয় ভাৰতীয় কুলদীপক । দীৰ্ঘদিনৰ অন্তত বাসগৃহত উপস্থিত হোৱাৰ লগে লগে আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰে সমগ্ৰ অঞ্চলত ।

Asam Sahitya Sabha Founfation Day : নাওবৈচাত অসম সাহিত্য সভাৰ 105 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

সোমবাৰে নাওবৈচাত অনুষ্ঠিত হয় অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস (Asam Sahitya Sabha Foundation Day) ৷ এই সভাত উপস্থিত থাকে নাওবৈচা শাখা সাহিত্য সভাৰ সভাপতি তথা সভাৰ সভাপতি তিলেশ্বৰ শইকীয়া ৷

সুৰাসক্ত চালকৰ বিৰুদ্ধে কঠোৰ হৈছে কলিয়াবৰৰ পৰিবহণ বিভাগ

সুৰাপান কৰি বাহন চলোৱা চালকৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্যৰ পৰিবহন বিভাগ ৷ দেওবাৰ আৰু সোমবাৰে কলিয়াবৰত চলিল পৰিবহণ বিভাগ আৰু আৰক্ষীৰ অভিযান (Kaliabor traffic police strict against drink and drive) ৷ 37 আৰু 38 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত কৰা গধুৰ বাহনক জৰিমনা বিহাৰ ব্যৱস্থা আৰক্ষীৰ ৷

NEET PG Exam : দিল্লীত চিকিৎসা সেৱা বৰ্জনৰ হুংকাৰ চিকিৎসকৰ

NEET(স্নাতকোত্তৰ) ৰ কাউঞ্চেলিং পলম হোৱাক লৈ ক্ষোভ প্ৰকাশ কৰি সোমবাৰে আবেলি দিল্লীত প্ৰতিবাদী সমদল বাহিৰ কৰে ফেডাৰেচন অৱ ৰেচিডেণ্ট ডক্টৰ্ছ এছ'চিয়েছনে (Resident doctors protest in delhi) । কিন্তু প্ৰতিবাদকাৰীৰ দলটো উচ্চতম ন্যায়ালয়ৰ দিশে আগবাঢ়ি যোৱাৰ সময়তে আৰক্ষীয়ে আটক কৰে একাংশ প্ৰতিবাদী চিকিৎসকক । ইয়াৰ পাচতে ক্ষুদ্ধ হৈ চিকিৎসা সেৱা বৰ্জনৰ হুংকাৰ দি মাজনিশা পৰ্যন্ত প্ৰতিবাদ সাব্যস্ত কৰে চিকিৎসকসকলে ।

Elections amid Omicron scare : উত্তৰ প্ৰদেশত উপস্থিত নিৰ্বাচন আয়োগৰ দল

বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত তিনিদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ প্ৰদেশত উপস্থিত হৈছে নিৰ্বাচন আয়োগৰ দল (ECI team visit UP before assembly election)। ৰাজ্যখনৰ সমাগত নিৰ্বাচন সম্পৰ্কে বিভিন্ন বিভাগৰ সৈতে বৈঠকত মিলিত হ'ব দলটো । দলটোৰ নেতৃত্বত আছে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰ ।

Nitesh Rane in Controversy : মুখ্যমন্ত্ৰীৰ পুত্ৰক উপহাস কৰি বিপদত বিজেপি বিধায়ক

মহাৰাষ্ট্ৰৰ কেবিনেট মন্ত্ৰী আদিত্য ঠাকৰেক উপহাস কৰি বিতৰ্কৰ মাজত সোমাই পৰিছে বিজেপি বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী নাৰায়ণ ৰাণেৰ পুত্ৰ নিতেশ ৰাণে (Nitesh Rane in controversy) । আদালতত আগতীয়া জামিন বিচাৰি আবেদন নিতেশ ৰাণেৰ ।

Vikram Misri appointed as Deputy NSA : বিক্ৰম মিছৰীক উপ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হিচাপে নিযুক্তি

চীনত কাৰ্যনিৰ্বাহ কৰা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰদূত বিক্ৰম মিছৰীক উপ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা হিচাপে নিযুক্তি(Vikram Misri is new Deputy NSA) । ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া মিছৰীয়ে চলিত মাহৰ আৰম্ভণিতে ৰাষ্ট্ৰদূতৰ দায়িত্ব এৰিছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.