ETV Bharat / city

দালাই লামাক নিৰাপত্তা দিয়া প্ৰাক্তন ভাৰতীয় সেনা জোৱান নৰেন চন্দ্ৰ দাসৰ মৃত্যু

author img

By

Published : Dec 28, 2021, 4:52 PM IST

অসম ৰাইফলচৰ প্ৰাক্তন সেনা জোৱান নৰেন চন্দ্ৰ দাসৰ মৃত্যু(Demise of former Assam Rifles soldier Naren Chandra Das) ৷ দালাই লামাই চীন সীমান্ত হৈ ভাৰতলৈ পলাই অহাৰ সময়ত নিৰাপত্তা প্ৰদান কৰিছিল এইগৰাকী সেনা জোৱানে ৷ তেখেতৰ মৃত্যুত সমগ্ৰ চাৰিদুৱাৰ-বালিপৰা অঞ্চলত শোকৰ ছাঁ পৰে ।

Ex Assam Rifles soldier Naren chandra das
Ex Assam Rifles soldier Naren chandra das

ৰঙাপৰা, 28 ডিচেম্বৰ : অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে অসম ৰাইফলছৰ প্ৰাক্তন সৈনিক নৰেন চন্দ্ৰ দাসে (Demise of former Assam Rifles soldier Naren Chandra Das)। বিগত কিছুদিন ধৰি বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ প্ৰাক্তন সৈনিক গৰাকী নিজা বাসগৃহতে শয্যাগত হৈ আছিল । মঙলবাৰে পুৱা নিজা বাসগৃহত প্ৰায় ৮৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে নৰেন চন্দ্ৰ দাসে ।

হলিৰাম কোঁচ আৰু কলি কোঁচৰ চতুৰ্থ পুত্ৰ নৰেন চন্দ্ৰ দাসে ১৯৫৭ চনত অসম ৰাইফলছৰ পঞ্চম বেচেলিয়নত (5th Battalion Assam Rifles) যোগদান কৰিছিল ৷ ১৯৮২ চনত নিজ কৰ্মক্ষেত্ৰখনৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল । তেখেতৰ মৃত্যুত সমগ্ৰ চাৰিদুৱাৰ-বালিপৰা অঞ্চলত শোকৰ ছাঁ পৰে । ৰঙাপৰা প্ৰেছ ক্লাৱ, সদৌ অসম সাংবাদিক সন্থা, বালিপৰা আঞ্চলিক আছু, বালিপৰা আঞ্চলিক উন্নতি সভা, অসম সেনা, জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চসহ বৃহত্তৰ অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু দল-সংগঠন সমূহে শোক প্ৰকাশ কৰিছে ।

প্ৰাক্তন ভাৰতীয় সেনা জোৱান নৰেন চন্দ্ৰ দাসৰ মৃত্যু

অসম ৰাইফলছে সামাৰিক মৰ্যাদাৰে তেখেতক অন্তিম শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত তেখেতৰ নশ্বৰ দেহ শ্মশানত সৎকাৰ কৰা হয় ।

উল্লেখ্য যে ১৯৫৯ চনৰ ১৭ মাৰ্চত শান্তিৰ নোবেল বঁটা বিজয়ী তথা তিব্বতীয় আধ্যাত্মিক গুৰু চতুৰ্দশ দালাই লামাই (14th Dalai Lama) তিব্বতৰ পৰা চীন সীমান্ত হৈ ভাৰতলৈ পলাই অহাৰ সময়ত অসম ৰাইফলছৰ এটা দলে ধৰ্মগুৰু গৰাকীক কঠোৰ নিৰাপত্তা দি লৈ আহিছিল । উক্ত দলটোত শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত উদমাৰী গাঁৱৰ নিৱাসী তথা সৈনিক নৰেন চন্দ্ৰ দাস আছিল (Naren Chandra Das protected Dalai Lama)।

সেই গৰাকী ধৰ্মগুৰু দালাই লামাৰ সৈতে নৰেন চন্দ্ৰ দাসৰ সুদীৰ্ঘ ৫৮ বছৰৰ পিছত গুৱাহাটীত অনুষ্ঠিত হোৱা নমামি ব্ৰহ্মপুত্ৰত মহামিলন ঘটিছিল । ধৰ্মগুৰু আৰু প্ৰাক্তন সৈনিক গৰাকীৰ মহামিলনৰ বীৰল মূহুৰ্তৰ সমগ্ৰ দেশবাসী সাক্ষী হৈ ৰৈছিল ।

লগতে পঢ়ক : NEET PG Exam : দিল্লীত চিকিৎসা সেৱা বৰ্জনৰ হুংকাৰ চিকিৎসকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.