ETV Bharat / state

11 বজাৰ শীৰ্ষ 10 টা বাতৰি...

author img

By

Published : Jan 27, 2022, 11:04 AM IST

11 বজাৰ শীৰ্ষ 10 টা বাতৰি...

Top 10 At 11 PM
11 বজাৰ শীৰ্ষ 10 টা বাতৰি

Covid 19 Update in Assam : অসমত যোৱা 24 ঘন্টাত 21 জনৰ মৃত্যু

ৰাজ্যত অব্যাহত আছে কৰ’ণাৰ সংক্ৰমণ (Covid 19 cases increase in Assam) ৷ বুধবাৰৰ দিনটোত অসমত ক’ৰণাত আক্ৰান্তৰ হাৰ আছিল 9.85% ৷ আনহাতে মৃত্যু হয় 21 জনকৈ লোকৰ ৷ ইফালে কামৰূপ মহানগৰীত বৃদ্ধি হৈয়ে আছে ক’ৰণাত আক্ৰান্তৰ সংখ্যা ৷

PhD Scholar Found Dead: IIT গুৱাহাটীত পুনৰ গৱেষক ছাত্ৰৰ ৰহস্যজনক মৃত্যু

আই আই টি গুৱাহাটীত গৱেষক ছাত্ৰৰ ৰহস্যজনক মৃত্যু(IIT Guwahati student mysteriously found dead in hostel room) ৷ IIT গুৱাহাটীৰ হোষ্টেলৰ বিচনাত মুৰ্মূষু অৱস্থাত উদ্ধাৰ ছাত্ৰজনৰ মৃতদেহ ৷

Padma Award to Dhaneswar Engti: জানো আহক বালিমাহীৰ কবিৰ মনৰ কথা

৭৩ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ভাৰত চৰকাৰে অসমৰ দুগৰাকীকৈ বিশেষ ব্যক্তিলৈ আগবঢ়ালে ‘পদ্মশ্ৰী’ সন্মান ৷ কাৰ্বি আংলঙৰ বিশিষ্ট কবি, সাহিত্যক আৰু গীতিকাৰ ধনেশ্বৰ ইংতি (Padma Shri award to Dhaneswar Engti)য়ে দেশৰ সৰ্বোচ্চ অসামৰিক বঁটা লাভ কৰাৰ পিছতে ইটিভি ভাৰতৰ সাংবাদিকৰ সন্মুখত নিজৰ মত ব্যক্ত কৰিলে এইদৰে...

সোণোৱালক সাগৰৰ পাৰত বান্ধি থৈ হিমন্ত ৰজা হৈছে : ভূপেন বৰা

অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পতা নাছিল, সৰ্বানন্দ সোণোৱালকহে পাতিছিল ৷ সোণোৱালক সাগৰৰ পাৰত বান্ধি থৈ ৰজা হ’ল হিমন্ত বিশ্ব শৰ্মা ৷ এই মন্তব্য ভূপেন বৰাৰ (Bhupen Bora on Assam CM)৷

Bandh-Free Republic Day: কূটাঘাত অবিহনে ৰাজ্যত পাৰ হ’ল গণতন্ত্ৰ দিৱস

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো উলহ মালহেৰে পালন কৰা হয় গণৰাজ্য দিৱস (Republic Day celebration in Guwahati)। পুৱাই পত্নী পুত্ৰসহ শ্ৰদ্ধাঞ্জলি কাননত উপস্থিত হৈ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনায় মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ।

Brahmaputra River Erosion: ধলা-ছৈখোৱাৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

৮ কোটি পঞ্চাছ লাখ টকাৰে তিনিদিনৰ ভিতৰত গৰাখহনীয়া ৰোধৰ কাম আৰম্ভ হ’ব ঢলা-ছৈখোৱাত ৷ ব্ৰহ্মপুত্ৰৰ পাৰত ৰৈ প্ৰতিশ্ৰুতি দিলে জলসম্পদমন্ত্ৰী পীযুষ হাজৰিকাই ৷ জামুগুৰিহাটতো আৰম্ভ হৈছে জীয়া ভৰলী নদীৰ বক্ষ খননৰ কাম ৷

পদ্মশ্ৰী গ্ৰহণ নকৰিলে বংগ সংগীতৰ কিংবদন্তি সন্ধ্যা মুখাৰ্জীয়ে

কেৱল বুদ্ধদেৱ ভট্টাচাৰ্যই নহয়, পদ্ম সন্মান প্ৰত্যাখান কৰিলে বংগ সংগীতৰ কিংবদন্তি সন্ধ্যা মুখাৰ্জীয়েও ৷ তেওঁ কেন্দ্ৰীয় সচিবালয়ৰ আমোলাক জনায় যে, এই সন্মান গ্ৰহণ কৰিবলৈ তেওঁ অপাৰগ ৷

পদ্মভূষণ প্ৰত্যাখান বুদ্ধদেৱ ভট্টাচাৰ্যৰ

সামাজিক ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে বুদ্ধদেৱ ভট্টাচাৰ্যলৈ আগবঢ়োৱা হৈছিল পদ্মভূষণ সন্মান (Buddhadeb Bhattacharya rejects Padma award)৷ কিন্তু এই সন্মান গ্ৰহণ নকৰে বুলি জানিবলৈ দিছে পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

RSS Chief in Tripura: আগৰতলাৰ গণৰাজ্য দিৱসত অংশগ্ৰহণ মোহন ভাগৱতৰ

চাৰিদিনীয়া কাৰ্যসূচীৰে ত্ৰিপুৰাত উপস্থিত হোৱা আৰএছএছ মুৰব্বী মোহন ভাগৱতে অংশ ল'লে আগৰতলাৰ গণৰাজ্য দিৱসত । খাইৰপুৰৰ সেৱা ধামত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে আৰএছএছ প্ৰধানগৰাকীয়ে (RSS Chief hoists the national flag in Tripura)। ভাৰতৰ জনসাধাৰণক প্ৰাচীন গণৰাজ্যসমূহৰ আদৰ্শ অনুসৰণ কৰিবলৈ আহ্বান মোহন ভাগৱতৰ ।

Siddhant Lends His Jacket To Ananya : চেঁচা বতাহছাটি গাতে মেৰিয়াই অনন্যাৰ কাৰণে জেকেট খুলি দিলে সিদ্ধান্তে

'Gehraiyaan' যুটি অনন্যা আৰু সিদ্ধান্তে ইতিমধ্যেই দৰ্শকৰ পৰা আদৰ বুটলিবলৈ সক্ষম হৈছে ৷ বিশেষকৈ দীপিকাৰ বিপৰীতে অভিনয় কৰি দৰ্শকৰ পৰা ৱাহ-ৱাহ লাভ কৰিছে সিদ্ধান্তে ৷ সোমবাৰে বিশেষ কাৰণ এটাত সিদ্ধান্তে আকৌ লাভ কৰিলে নেটিজেনৰ পৰা প্ৰশংসা ৷ জানোচোন আহক কি কৰিলে সিদ্ধান্ত চতুৰ্বেদীয়ে...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.