ETV Bharat / state

1 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 24, 2022, 1:07 PM IST

top 10
top 10

1 বজাৰ 10 টা শীৰ্ষ বাতৰি

Assam CM at Tingkhong: টিংখাঙত শিলান্যাস আৰু উদ্বোধন ১০০০ কোটি টকীয়া প্ৰকল্পৰ

আজি টিংখাঙত সমাপ্ত হ'ব অসম চৰকাৰৰ বিকাশৰ বাবে এটা পষেক কাৰ্যসূচী (Bikashar Babe Eta Poshek will end today)। ডিব্ৰুগড় জিলাখনত প্ৰায় ১০০০ কোটি টকীয়া প্ৰকল্পৰ শিলান্যাস আৰু শুভ উদ্বোধন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে । ফেব্ৰুৱাৰী মাহত পুনৰ বিকাশৰ বাবে এটা পষেক কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায়ৰ আৰম্ভ হ'ব ।

Kumily road accident: কেৰালাত শোকাৱহ দুৰ্ঘটনাত নিহত 8 গৰাকী তীৰ্থযাত্ৰী

কেৰালাত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা (Kumily road accident)৷ তীৰ্থস্থান সবৰীমালালৈ গৈ থকা অৱস্থাত পাহাৰৰ পৰা বহু ফুট তলত থকা নদীত বাগৰি পৰিল তীৰ্থযাত্ৰী কঢ়িয়া নিয়া এখন বাহন ৷ ফলত ঘটনাস্থলীতে নিহত হৈছে আঠ গৰাকীকৈ তীৰ্থযাত্ৰী ৷ গুৰুতৰভাৱে আহত 2 গৰাকী যাত্ৰী (Eight Sabarimala pilgrims killed in Kumily road accident) ৷ আহত দুজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ ৷

Assam assembly winter session: এঘন্টাৰ বাবে স্থগিত বিধানসভাৰ অধিবেশন

অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ অন্তিম দিনা সদনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় (Assam assembly winter session)। যাৰ‌ বাবে শনিবাৰে অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ অন্তিম দিনা অধিবেশনৰ কাম-কাজ মাজতে এঘন্টাৰ বাবে বন্ধ কৰি দিয়া হয় (Assam Assembly session adjourned)।

Asam Sahitya Sabha executive meeting : অসম সাহিত্য সভাৰ নিৰ্বাচনৰ ভোটগণনা আৰম্ভ

নলবাৰীত অসম সাহিত্য সভাৰ সপ্তম পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে (Asam Sahitya Sabha executive meeting at Nalbari)। সমান্তৰালকৈ নলবাৰী পুথিভঁৰাল প্ৰেক্ষাগৃহত আৰম্ভ হৈছে অসম সাহিত্য সভাৰ নিৰ্বাচনৰ ভোটগণনা ।

অনিল কাপুৰৰ 66 সংখ্যক জন্মদিনত তেওঁৰ শীৰ্ষ 10 খন ছবিৰ বিষয়ে আগবঢ়াইছো

অভিনেতা অনিল কাপুৰৰ জন্মদিনত চাওঁ আহক তেওঁ ৰূপায়ণ কৰা বিশেষ কেইটামান চৰিত্ৰ

Rhino scare: মাজুলীত গঁড়ৰ মুক্ত বিচৰণ, আতংকিত ৰাইজ

সত্ৰনগৰী মাজুলীত পুনৰ গঁড়ৰ আতংক (Rhino scare in Majuli)। মধ্য মাজুলী বামুণগাৱত দুটাকৈ গঁড়ৰ মুক্ত বিচৰণক লৈ আতংকিত হৈ পৰিছে ৰাইজ । পুৱাই গাঁৱৰ লোকসকলে গঁড় দুটা প্ৰত্যক্ষ কৰে । ইফালে গঁড় দুটা খেদি পঠিওৱাৰ বাবে গাঁওবাসীয়ে চেষ্টা অব্যাহত ৰাখিছে ।

Cricketer Kaustab Kashyap passes away: ৰঞ্জি ট্ৰফীৰ প্ৰাক্তন ক্ৰিকেটাৰ কৌস্তুভ কাশ্যপ বৰুৱাৰ দেহাৱসান

ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীৰ বাবে এক দুঃখবৰ । প্ৰাক্তন ৰঞ্জি ক্ৰিকেটাৰ কৌস্তুভ কাশ্যপ বৰুৱা আৰু নাই । দীৰ্ঘদিনে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা সুদক্ষ খেলুৱৈগৰাকীয়ে শনিবাৰে পুৱতি নিশা ইহলীলা সম্বৰণ কৰে(Former Ranji trophy cricketer Kaustab Kashyap passes away) ।

Operation drink drive: 80 টকাত দুটা পেগ খাই কেনেকৈ 10 হাজাৰ দিম: সুৰাপায়ী চালক

এইবাৰ দুৰ্ঘটনা প্ৰতিৰোধৰ ক্ষেত্ৰত কঠোৰ হৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Assam CM strict on accident prevention)। জিলা প্ৰশাসনৰ লগতে পৰিবহণ বিভাগক দুৰ্ঘটনা প্ৰতিৰোধৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে ।

Singer Deeplina being mentally harassed: কণ্ঠশিল্পী দীপলিনা ডেকাক মানসিক হাৰাশাস্তি কৰি আটক হ’ল যুৱক

মাজনিশা গুৱাহাটী মহানগৰীৰ চানমাৰি থানাত কণ্ঠশিল্পী দীপলিনা ডেকা (Singer Dipleena Deka at Chnadmari police station) । গুৱাহাটীৰ মৃদুল নাথ নামৰ এজন লোকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি থানাত উপস্থিত হয় শিল্পীগৰাকী (FIR by Singer Deeplina Deka)। দীৰ্ঘদিন ধৰি লোকজনে মানসিক অত্যাচাৰ চলাই আহিছিল দীপলিনা ডেকাক (Singer Deeplina being mentally harassed)।

Secure your girlchild future : আপুনি কন্যাৰ ভৱিষ্যত কেনেদৰে সুৰক্ষিত কৰিব ?

নিজৰ কন্যা সন্তানটিক লৈ বহুতৰে বহুত সপোন থাকে । তেওঁৰ ভৱিষ্যত সুৰক্ষিত হোৱাটো সকলোৱে বিচাৰে (Secure your girlchild future)। আনকি তাৰ বাবে প্ৰতিমাহে বিনিয়োগ কৰিব বা ধন জমা কৰিবও বিচাৰে । কিন্তু সঠিক দিশত বিনিয়োগ নকৰিলে আপোনাৰ সপোন ভংগ হ'ব ? সেয়ে কেনে ধৰণৰ বিনিয়োগ বাছনি কৰিব লাগে ? বিশেষজ্ঞসকলে এই ক্ষেত্ৰত কি কয় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.