ETV Bharat / state

Cricketer Kaustab Kashyap passes away: ৰঞ্জি ট্ৰফীৰ প্ৰাক্তন ক্ৰিকেটাৰ কৌস্তুভ কাশ্যপ বৰুৱাৰ দেহাৱসান

author img

By

Published : Dec 24, 2022, 11:57 AM IST

Updated : Dec 24, 2022, 12:15 PM IST

ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীৰ বাবে এক দুঃখবৰ । প্ৰাক্তন ৰঞ্জি ক্ৰিকেটাৰ কৌস্তুভ কাশ্যপ বৰুৱা আৰু নাই । দীৰ্ঘদিনে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা সুদক্ষ খেলুৱৈগৰাকীয়ে শনিবাৰে পুৱতি নিশা ইহলীলা সম্বৰণ কৰে(Former Ranji trophy cricketer Kaustab Kashyap passes away) । সুদক্ষ খেলুৱৈগৰাকীক হেৰুৱাই শোকস্তব্ধ নগাঁওবাসী ।

Cricketer Kaustab Kashyap passes away
ৰঞ্জি ট্ৰফীৰ প্ৰাক্তন ক্ৰিকেটাৰ কৌস্তুভ কাশ্যপ বৰুৱাৰ দেহাৱসান

নগাঁও,২৪ ডিচেম্বৰ: ৰাজ্যৰ ক্ৰীড়াখণ্ডলৈ এক বেয়া খবৰ । সুদক্ষ ক্ৰিকেটাৰ তথা প্ৰাক্তন ৰঞ্জি ট্ৰফী খেলুৱৈ নগাঁৱৰ কৌস্তুভ কাশ্যপ বৰুৱা আৰু নাই(Former Ranji trophy cricketer Kaustab Kashyap passes away) । গুৱাহাটীৰ হেলথ চিটী চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন ৰঞ্জি খেলুৱৈ গৰাকীয়ে ৷ দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল সুদক্ষ ক্ৰিকেটাৰ গৰাকী ।

অৱশেষত নিয়তিৰ ওচৰত হাৰ মানি শনিবাৰে পুৱতি নিশা শেষ নিশ্বাস ত্যাগ কৰে ৰঞ্জি ট্ৰফী খেলা প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ।

প্ৰখ্যাত চিত্ৰশিল্পী প্ৰয়াত প্ৰণৱ বৰুৱাৰ পুত্ৰ আছিল মৃত কৌস্তুভ কাশ্যপ বৰুৱা ওৰফে পৃথু ৷ শচীন টেণ্ডুলকাৰৰ সৈতেও সু-সম্পৰ্ক আছিল পৃথুৰ । সুদক্ষ ক্ৰিকেটাৰ গৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰিছে নগাঁৱত ৷ প্ৰাক্তন খেলুৱৈ গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই(MLA Rupak Sharma condoles to Kaustubh Kashyap Baruah) । বাল্যকালৰ বন্ধু পৃথুক হেৰুৱাই মৰ্মাহত বিধায়কগৰাকী । এয়া অসমৰ ক্ৰীড়াজগতৰ বাবে এক বৃহৎ ক্ষতি বুলি উল্লেখ কৰে শৰ্মাই ।

Protest in Morigaon: মৰিগাঁৱত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী

Last Updated : Dec 24, 2022, 12:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.