ETV Bharat / state

Asam Sahitya Sabha executive meeting : অসম সাহিত্য সভাৰ নিৰ্বাচনৰ ভোটগণনা আৰম্ভ

author img

By

Published : Dec 24, 2022, 11:32 AM IST

নলবাৰীত অসম সাহিত্য সভাৰ সপ্তম পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে (Asam Sahitya Sabha executive meeting at Nalbari)। সমান্তৰালকৈ নলবাৰী পুথিভঁৰাল প্ৰেক্ষাগৃহত আৰম্ভ হৈছে অসম সাহিত্য সভাৰ নিৰ্বাচনৰ ভোটগণনা ।

Asam Sahitya Sabha
অসম সাহিত্য সভাৰ নিৰ্বাচনৰ ভোটগণনা আৰম্ভ

অসম সাহিত্য সভাৰ নিৰ্বাচনৰ ভোটগণনা আৰম্ভ

নলবাৰী, ২৪ ডিচেম্বৰ : কোন হ'ব অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি ? কোনে কোনে অসম সাহিত্য সভাৰ ২০২৩-২০২৫ বৰ্ষৰ বাবে গঠন হ'বলগীয়া নতুন সমিতিত স্থান পাব ? কাৰ কাৰ ভাগ্য উদয় হ'ব ? আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পাছতে সকলো পোহৰলৈ আহিব !

কিয়নো ইতিমধ্যে নলবাৰীত অসম সাহিত্য সভাৰ সপ্তম পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে (Asam Sahitya Sabha executive meeting at Nalbari)। সমান্তৰালকৈ অসম সাহিত্য সভাৰ নিৰ্বাচনৰ ভোটগণনাও এই সভাৰ সমান্তৰালকৈ চলি থাকিব (Asam Sahitya Sabha Election vote counting) ।

পুৱাই পতাকা উত্তোলনৰ দ্বাৰা নলবাৰীত আৰম্ভ হয় অসম সাহিত্য সভাৰ সপ্তম কাৰ্যনিৰ্বাহক সভা । নলবাৰী জিলা সাহিত্য সভাৰ অন্তৰ্গত কেৱল মহিলাসকলৰ দ্বাৰা গঠিত মৈত্ৰেয়ী শাখা সাহিত্য সভাৰ সভাপতি দীপামণি গোস্বামীয়ে পতাকা উত্তোলন কৰে । অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰি নলবাৰী নাট্য মন্দিৰত এই অধিৱেশনৰ শুভাৰম্ভ কৰা হয় ৷ লগে লগে আৰম্ভ হয় কাৰ্যনিৰ্বাহক সভা ৷

জানিব পৰা মতে দিনৰ ১১ বজাৰ পৰা আৰম্ভ ভোট গণনাও আৰম্ভ হয় ৷ মুঠ ৭৯১ টা শাখাৰ ৭৯১ টা ভোটাৰৰ ভোটে নিৰ্ণয় কৰিব অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদকৰ ভাগ্য ৷

উল্লেখ্য যে এইবাৰ সভাপতিৰ দৌৰত আছে বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচি (Yeshe Dorjee Thongchi), সূৰ্য হাজৰিকা, নাহেন্দ্ৰ পাদুন আৰু জগদীশ পাটগিৰি । উপ-সভাপতি পদৰ প্ৰাৰ্থী হৈছে ধীৰেণ শৰ্মা, গিৰীশ সন্দিকৈ, বসন্ত কুমাৰ শৰ্মা, পবিত্ৰ বৰবৰা, গোৱিন্দ তালুকদাৰ, গণেশ চন্দ্ৰ নাথ ৷ আনহাতে প্ৰধান সম্পাদক পদৰ প্ৰাৰ্থী যাদৱ চন্দ্ৰ শৰ্মা, উপেন্দ্ৰজিৎ শৰ্মা, অনুপ কুমাৰ বৰঠাকুৰ, দেৱজিৎ বৰা আৰু ৰমানন্দন বৰা ।

ইফালে নলবাৰীতে আছে ৫১ টা শাখা আৰু বহিঃৰাজ্য আৰু বহিঃৰাষ্ট্ৰ মিলি আছে অসম সাহিত্য সভাৰ ১১ টা শাখা ৷ নলবাৰী পুথিভঁৰাল প্ৰেক্ষাগৃহত ভোট গণনাৰ জৰিয়তে নিশা ঘোষণা হ'ব নিৰ্বাচনৰ ফলাফল (Asam Sahitya Sabha Election results) ।

ইফালে কাৰ্যনিৰ্বাহক সভাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হ'ব বুলি জানিব পৰা গৈছে । অসম সাহিত্য সভাৰ কৰ্মচাৰীসকলৰ কৰ্মবিৰতি, পৰৱৰ্তী নাৰায়ণপুৰ অধিৱেশনকে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ে কাৰ্যনিৰ্বাহকত স্থান পাব । ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা সাহিত্য সভাৰ সদস্যসকল নলবাৰীত গৈ উপস্থিত হৈছে ।

লগতে পঢ়ক :Students community programme: বৰপেটাৰ বৰাদিত ছাত্ৰ-ছাত্ৰীসকলক লৈ সম্প্ৰদায় উৎসৱ পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.