ETV Bharat / bharat

Kumily road accident: কেৰালাত শোকাৱহ দুৰ্ঘটনাত নিহত 8 গৰাকী তীৰ্থযাত্ৰী

author img

By

Published : Dec 24, 2022, 7:49 AM IST

Updated : Dec 24, 2022, 11:47 AM IST

কেৰালাত শোকাৱহ ঘটনা (Kumily road accident)৷ তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া এখন বাহন দুৰ্ঘটনাগ্ৰস্থ ৷ নিহত কেইবাজনো লোক ৷

Kumily road accident
কেৰালাত শোকাৱহ দুৰ্ঘটনাত নিহত 8 গৰাকী তীৰ্থযাত্ৰী

তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া এখন বাহন দুৰ্ঘটনাগ্ৰস্থ

নেশ্যনেল ডেস্ক, 24 ডিচেম্বৰ : কেৰালাত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা (Kumily road accident)৷ তীৰ্থস্থান সবৰীমালালৈ গৈ থকা অৱস্থাত পাহাৰৰ পৰা বহু ফুট তলত থকা নদীত বাগৰি পৰিল তীৰ্থযাত্ৰী কঢ়িয়া নিয়া এখন বাহন ৷ ফলত ঘটনাস্থলীতে নিহত হৈছে আঠ গৰাকীকৈ তীৰ্থযাত্ৰী ৷ গুৰুতৰভাৱে আহত 2 গৰাকী যাত্ৰী (Eight Sabarimala pilgrims killed in Kumily road accident) ৷ আহত দুজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ ৷

প্ৰাপ্ত তথ্য অনুসৰি কেৰালাৰ এখন পৱিত্ৰ তীৰ্থস্থান সবৰীমালালৈ তীৰ্থযাত্ৰী কঢ়িয়াই নি থকা অৱস্থাত শুকুৰবাৰে নিশা প্ৰায় 9:30 কুমিলা-কাম্বাম পথত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো ৷ তামিলনাডুৰ পৰা শিশুসহ 9 গৰাকী তীৰ্থযাত্ৰী কঢ়িয়াই পাহাৰীয়া পথটোৰে গৈ অৱস্থাতে পাহাৰৰ তলত থকা নদীত বাগৰি পৰেগৈ বাহনখন ৷

ঘটনাৰ খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ আৰম্ভ কৰে উদ্ধাৰ অভিযান ৷ উদ্ধাৰকাৰী দলে মৃত অৱস্থাত আঠগৰাকী যাত্ৰীক উদ্ধাৰ কৰাৰ লগতে গুৰুতৰ ভাৱে আহত অৱস্থাত উদ্ধাৰ কৰিছে দুগৰাকী যাত্ৰীক (Eight killed two injured as Sabarimala pilgrims vehicle)৷ সন্দেহ কৰা অনুসৰি, মৃতকৰ সংখ্যা আৰু অধিক হোৱাৰ সম্ভাৱনা আছে ৷

জানিব পৰা মতে বৰ্তমানেও আৰু তিনিগৰাকী লোক দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ ভিতৰত আবদ্ধ হৈ আছে ৷ ইডুক্কি জিলাৰ উপায়ুক্তগৰাকীৰ তদাৰকত এই উদ্ধাৰ অভিযান বৰ্তমানেও অব্যাহত আছে ৷

লগতে পঢ়ক: Worker died in Numaligarh refinery: ট্ৰাকৰ চেপাত মৃত্যু শোধনাগাৰৰ অস্থায়ী শ্ৰমিকৰ

Last Updated :Dec 24, 2022, 11:47 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.