ETV Bharat / business

Secure your girlchild future : আপুনি কন্যাৰ ভৱিষ্যত কেনেদৰে সুৰক্ষিত কৰিব ?

author img

By

Published : Dec 24, 2022, 12:34 PM IST

Secure your girlchild future
আপুনি কন্যাৰ ভৱিষ্যত কেনেদৰে সুৰক্ষিত কৰিব

নিজৰ কন্যা সন্তানটিক লৈ বহুতৰে বহুত সপোন থাকে । তেওঁৰ ভৱিষ্যত সুৰক্ষিত হোৱাটো সকলোৱে বিচাৰে (Secure your girlchild future)। আনকি তাৰ বাবে প্ৰতিমাহে বিনিয়োগ কৰিব বা ধন জমা কৰিবও বিচাৰে । কিন্তু সঠিক দিশত বিনিয়োগ নকৰিলে আপোনাৰ সপোন ভংগ হ'ব ? সেয়ে কেনে ধৰণৰ বিনিয়োগ বাছনি কৰিব লাগে ? বিশেষজ্ঞসকলে এই ক্ষেত্ৰত কি কয় ?

নিউজ ডেস্ক,২৪ ডিচেম্বৰ : এক দম্পতীৰ জীৱনলৈ শেহতীয়াকৈ এগৰাকী কন্যা সন্তানৰ আগমন হৈছে । তেওঁলোকে কন্যা সন্তানটিৰ ভৱিষ্যতৰ বিত্তীয় প্ৰয়োজনীয়তা সুৰক্ষিত কৰিব বিচাৰে । প্ৰতি মাহে ১৫,০০০ টকালৈকে বিনিয়োগ কৰিবলৈ সাজু তেওঁলোক । আন সকলৰ দৰে, তেওঁলোকেও কন্যাক সোণৰ অলংকাৰ উপহাৰ দিব বিচাৰে ।

দম্পতীটোৱে এতিয়া কেনে ধৰণৰ বিনিয়োগ বাছনি কৰিব লাগিব (Investments for girl child) ? বিশেষজ্ঞসকলে কৈছে যে তেওঁলোকে পৰৱৰ্তী কেইবছৰমানত তেওঁলোকৰ কন্যাৰ আৰ্থিক প্ৰয়োজনীয়তা কি হ'ব তাক বিশ্লেষণ কৰা উচিত । সেই অনুসৰি, তেওঁলোকে বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে ।

তেওঁলোকে বাৰ্ষিক উপাৰ্জনৰ কমেও ১২ শতাংশ জীৱন বীমা পলিচিৰ (Life insurance policy for baby girl) বাবে খৰচ কৰিব পাৰে । ইয়াৰ বাবে এক ম্যাদী বীমা পলিচি বাছনি কৰিব পাৰি যি কম প্ৰিমিয়ামত অধিক সুৰক্ষা প্ৰদান কৰে । যদি তেওঁলোকে দীঘলীয়া সময়ৰ বাবে বিনিয়োগ কৰিব বিচাৰে, তেওঁলোকে সম্পূৰ্ণ সুৰক্ষিত পিপিএফ একাউণ্টত প্ৰতি মাহে ৪,০০০ টকা জমা কৰিব পাৰে ।

এছ.আই.পি.-ৰ (systematic investment plan) জৰিয়তে হাইব্ৰিড ইকুইটি ফাণ্ড (Hybrid Equity Funds) আৰু বেলেন্সড এডভাণ্টেজ ফাণ্ডত ৬,০০০ টকাৰ অধিক বিনিয়োগ কৰিব পাৰি । এইটো অলপ বিপদজনক হ'ব পাৰে কিন্তু দীঘলীয়া সময়ৰ বাবে ইয়াৰ ভাল লাভ পোৱা যাব ।

সকলোৰে বাবে যোগ্য ইকুইটি মিউচুৱেল ফাণ্ডত ১৫,০০০ টকাৰ ভিতৰত ৮,০০০ টকা কমাই অনা উচিত । ২,০০০ টকা গোল্ড মিউচুৱেল ফাণ্ডলৈ (Gold mutual fund) সলনি কৰক । বাকী ৫,০০০ টকা সুকন্যা সমৃদ্ধি যোজনাত জমা দিয়ক । যদি আপুনি ২০ বছৰৰ বাবে প্ৰতি মাহে এনেদৰে বিনিয়োগ কৰে, আপুনি গড় ১১ শতাংশ ৰিটাৰ্ণৰ সৈতে ১ কোটি ১৫ লাখ ৫৬ হাজাৰ ৫০০ টকা জমা কৰিব পাৰিব ।

যদি আপুনি চাৰি বছৰ পূৰ্বে Unit based policy এটা লৈছিল, আপুনি এতিয়া ইয়াক বাতিল কৰিব পাৰিবনে নাই সন্দেহ হয় । বিশেষজ্ঞসকলৰ মতে আপুনি দিয়া প্ৰিমিয়ামৰ তুলনাত এইটো কম হোৱাৰ সম্ভাৱনা আছে । আপুনি এতিয়া কি কৰা উচিত ? Unit based policy বোৰ কমেও পাঁচ বছৰৰ বাবে অব্যাহত ৰাখিব লাগে । তেতিয়াহে সেইবোৰ বাতিল কৰাৰ সুযোগ থাকে । এতিয়া আপুনি প্ৰিমিয়াম পৰিশোধ কৰা বন্ধ কৰিলেও, আপুনি পলিচিখনৰ পাঁচ বছৰৰ ভিতৰত সম্পূৰ্ণ পৰিমাণটো উলিয়াব পাৰে ।

Unit based policyৰ বাবেও Possession মাচুল প্ৰযোজ্য হয় । প্ৰথমে, আপুনি বীমা কোম্পানীৰ সেৱা কেন্দ্ৰ বা শাখাৰ সৈতে যোগাযোগ কৰিব । আপোনাৰ পুঁজিৰ মূল্য কিমান জানি লওক । তাৰ কিছু অংশ আংশিকভাৱে এৰিব পাৰিনে ? পলিচিখন পুনৰ উদ্ধাৰ কৰিব পাৰিনে ? সকলো জানি লওক ।

ধৰি লওক এগৰাকী ব্যক্তিৰ বয়স ৬৯ বছৰ । তেওঁ এতিয়া স্বাস্থ্য বীমা পলিচি ল'ব বিচাৰে (Health Insurance policy for above 60 years man)। বিশেষজ্ঞসকলে কয় যে বেংকবোৰেও এই পলিচি প্ৰদান কৰে । এইটো সঁচা নেকি ?

কিছুমান বেংকে গ্ৰুপ স্বাস্থ্য বীমা পলিচি আগবঢ়ায় । আপোনাৰ একাউণ্ট থকা বেংকৰ এনে সুবিধা আছে নেকি আগতীয়াকৈ জানি লওক । এই পলিচিবোৰৰ প্ৰিমিয়াম কম যদিও ইয়াৰ ভিতৰত কোঠাৰ ভাড়াৰ সীমা, সহ-পৰিশোধ ইত্যাদি উল্লেখ থাকে । প্ৰথমে চৰ্তাৱলী জানক । নিয়মীয়া বীমা পলিচি লোৱাৰ উপৰিও এজন লোকে এই পলিচিখন বাছনি কৰিব পাৰে ।

এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ীয়ে প্ৰতি মাহে ১০,০০০ টকালৈকে যিকোনো বিনিয়োগ কৰিব বিচাৰে । তেওঁৰ বয়স এতিয়া ৩৭ বছৰ । তেওঁ অলপ সুৰক্ষিত হ'বলৈ কি পৰিকল্পনা কৰা উচিত ? প্ৰথমে, এক জৰুৰীকালীন পুঁজি জমা কৰক যিয়ে কমেও ৬ মাহৰ ব্যয় সামৰি লয় ।

এইবোৰ বেংক ফিক্সড ডিপজিট বা liquid fundsত জমা কৰক । আপোনাৰ নামত এক ম্যাদী বীমা পলিচি আৰু গোটেই পৰিয়ালৰ বাবে স্বাস্থ্য বীমা পলিচি এখন লওক । তাৰ পাছত, বিনিয়োগ আৰম্ভ কৰক ।

লগতে পঢ়ক :Maintain a good credit score : ঋণ লাভৰ ক্ষেত্ৰত Credit score কিমান গুৰুত্বপূৰ্ণ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.