ETV Bharat / state

1 বজাৰ শীৰ্ষ দহটা বাতৰি...

author img

By

Published : Oct 16, 2021, 1:01 PM IST

TOP 10 AT 1 PM
1 বজাৰ শীৰ্ষ দহটা বাতৰি

1 বজাৰ শীৰ্ষ দহটা বাতৰি...

উত্তৰ গুৱাহাটীত ১০০ ফুট উচ্চতাৰ ৰাৱণ দাহ

উত্তৰ গুৱাহাটী বাৰোৱাৰী দুৰ্গাপূজা প্ৰাংগণত এইবাৰৰ মূল আকৰ্ষণ আছিল ১০০ ফুট উচ্চতাৰ ৰাৱণ । সমাজৰ পৰা অপায়-অমংগল, অসূয়া শক্তিক বিনাশ কৰি এখন সুন্দৰ সমাজ গঢ়াৰ সংকল্পৰে উত্তৰ গুৱাহাটীত আয়োজন কৰা হয় এই ৰাৱণ দহনৰ কাৰ্যসূচী ।

দশমীৰ নিশা নগাঁৱৰ আমবাগানত কিহৰ উত্তেজনা

বিজয়া দশমীৰ নিশা হঠাতে উত্তপ্ত হৈ পৰে নগাঁৱৰ আমবাগান । এজন যুৱকক আৰক্ষীয়ে প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি উত্তাল হৈ পৰে আমবাগান । আৰক্ষীৰ তৎপৰতাত নিয়ন্ত্ৰণ পৰিস্থিতি ।

পৰম্পৰাগত পোছাকেৰে বালিসত্ৰ বামন গোঁসাই থানত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ তিথি উপলক্ষে শুকুৰবাৰে হৰিনাম ধ্বনিৰে মুখৰিত হৈ পৰে ৰাজ্যৰ সত্ৰসমূহ ৷ কলিয়াবৰৰ শ্ৰীশ্ৰী বালিসত্ৰ বামন গোঁসাই থানতো পালন কৰা হয় শংকৰদেৱৰ জন্মোৎসৱ ৷

অতুল বৰাৰ উপস্থিতিত নুমলীগড়ৰ ধনশিৰি ঘাটত প্ৰতিমা বিসৰ্জন

পৰম্পৰা অনুসৰি বোকাখাতৰ নুমলীগড় ধনশিৰি ঘাটত প্ৰতিমা বিসৰ্জন কাৰ্যসূচী সমাপন হয় । বিসৰ্জনস্থলী নুমলীগড় ধনশিৰি ঘাটত উপস্থিত থাকে বোকাখাতৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰা ।

বিজয়া দশমীত অশুভ শক্তি নিয়ন্ত্ৰণ কৰি মাৰণাস্ত্ৰ উদ্ধাৰ আৰক্ষীৰ

ডিব্ৰুগড়ৰ দেৱী বিসৰ্জনস্থলীত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা ৷ ডিব্ৰুগড়ৰ চহৰৰ তিনিকুনীয়াৰ ব্ৰহ্মপুত্ৰৰ ঘাটত প্ৰতিমা বিসৰ্জনৰ মাজতেই ব্ৰহ্মপুত্ৰৰ বুকুত নিখোঁজ এজন 16 বছৰীয়া কিশোৰ ।

দেশত একেৰাহে তৃতীয় দিনাও বাঢ়িল পেট্ৰ'ল-ডিজেলৰ মূল্য

শনিবাৰে দেশত পুনৰ বাঢ়িল পেট্ৰ'ল-ডিজেলৰ মূল্য । ৰাজধানী চহৰত ০.৩৫ পইচাকৈ বৃদ্ধি হৈ প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ১০৫.৪৯ টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য হৈছে প্ৰতি লিটাৰত ৯৪.২২ টকা । সমান্তৰালকৈ বাকী চহৰবোৰতো বাঢ়িল পেট্ৰ'ল-ডিজেলৰ মূল্য ।

জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীৰ জালত লস্কৰ-ই-তৈবাৰ কমাণ্ডাৰ

দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাৰ পাম্পোৰ অঞ্চলত হোৱা সংঘৰ্ষৰ সময়তে নিৰাপত্তা বাহিনীৰ জালত পৰিল সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা(Lashkar-e-Toiba)ৰ শীৰ্ষ কমাণ্ডাৰ উমৰ মুস্তাক খাণ্ডে ।

টী 20 বিশ্বকাপৰ পিছতেই ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষকৰ দায়িত্ব ল’ব ৰাহুল দ্ৰাবিড়ে

টী 20 বিশ্বকাপৰ পিছতেই সলনি হ’ব ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক ৷ ইতিমধ্যে বি চি আইৰে চুক্তি সমাপ্ত হৈছে বৰ্তমান দলটোৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ ৷ দলৰ পৰৱৰ্তী প্ৰশিক্ষক হিচাপে নিশ্চিত হৈছে প্ৰাক্তন ক্ৰিকেটাৰ ৰাহুল দ্ৰাবিড়ৰ নাম ৷

IPL 2021 : চতুৰ্থবাৰলৈ ট্ৰফী দখল চেন্নাই চুপাৰ কিংছৰ

শুকুৰবাৰে অনুষ্ঠিত হৈ যায় 2021 বৰ্ষৰ IPL ৰ ফাইনেল মেচ ৷ কলকাতা আৰু চেন্নাইৰ মাজত অনুষ্ঠিত মেচখনত কলকাতাক 27 ৰাণত পৰাস্ত কৰি চতুৰ্থবাৰলৈ IPL ৰ বিজয়ীৰ সন্মান লাভ কৰে চেন্নাইয়ে

শিল্পা চেট্টী-ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে গোচৰ ৰুজু শ্বেৰলিন চোপ্ৰাৰ

পৰ্ণ'গ্ৰাফী গোচৰৰ বিতৰ্কত সোমাই পৰা ৰাজ কুন্দ্ৰা আৰু পত্নী শিল্পা চেট্টীৰ সন্মুখত আন এক বিপদ । এইবাৰ অভিনেত্ৰী শ্বেৰলিন চোপ্ৰাই গোচৰ ৰুজু কৰিলে দুয়োগৰাকীৰ বিৰুদ্ধে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.