ETV Bharat / state

বিধায়ক কিনা-বেচা বন্ধ কৰাৰ দাবীত TMCৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Jun 23, 2022, 12:56 PM IST

ৰেডিশ্বন ব্লুৰ সন্মুখত প্ৰতিবাদ(Maharashtra Political Crisis) । বিধায়কৰ কিনা বেচাক লৈ সৰৱ ৰিপুন বৰা । ৰিপুন বৰাৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত কৰে তৃণমূল কংগ্ৰেছৰ সমৰ্থকে(TMC protest in Radisson Blu Guwahati) । আৰক্ষীয়ে আটক কৰে প্ৰতিবাদকাৰীসকলক ।

tmc-protest-in-radisson-blu-guwahati
ৰেডিশ্বন ব্লুৰ সম্মূখত TMCৰ উত্তাল প্ৰতিবাদ

গুৱাহাটী, 23 জুন : গুৱাহাটীৰ ৰেডিশ্বন ব্লুত শিৱসেনাৰ বিসম্বাদী বিধায়কৰ সোঁত বৈ থকাৰ সময়তে বৃহস্পতিবাৰে তৃণমূল কংগ্ৰেছে ৰেডিশ্বন ব্লুৰ সম্মূখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে(TMC protest in Radisson Blu Guwahati) । অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি পৰিৱেশ পৰিস্থিতি উত্তপ্ত কৰি তোলে(State President of Assam Trinamool Congress protest) ।

ৰেডিশ্বন ব্লুৰ সম্মূখত TMCৰ উত্তাল প্ৰতিবাদ

উল্লেখ্য যে, 20ৰ পৰা 25 গৰাকী তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ, ফেষ্টুন লৈ ৰেডিশ্বন ব্লুৰ সম্মূখলৈ আগুৱাই আহে যদিও আৰক্ষীয়ে আগুছি ধৰে । প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাৰ লগতে প্ৰতিবাদকাৰীসকলক আটক কৰি চোঁচৰাই বাছেৰে সেই স্থানৰ পৰা লৈ যায় ।

ইফালে, অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে । বিজেপিক বিধায়ক কিনা বেচাৰ এনে কাৰ্যক লৈ তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি কঠোৰ সমালোচনা কৰে । লগতে সভাপতিগৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শমাকো কঠোৰ ভাষাৰে সমালোচনা কৰে ।

উল্লেখ্য যে, মহানগৰীৰ ৰেডিশ্বন ব্লুত বাহৰ পাতি আছে শিৱসেনাৰ বিদ্ৰোহী নেতা একনাথ সিন্দেৰ নেতৃত্বত শিৱসেনাৰ 45 আৰু নিদলীয় 8 গৰাকী বিধায়ক(Maharashtra Political Crisis) । লগতে উপস্থিত থাকে বিজেপিৰ কেইবাগৰাকীও মন্ত্ৰী আৰু বিধায়ক ।

লগতে পঢ়ক : Maharashtra Political Crisis: ৰেডিশ্বন ব্লুত উপস্থিত মহাৰাষ্ট্ৰৰ আৰু 7 বিসম্বাদী বিধায়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.