ETV Bharat / state

Maharashtra Political Crisis: ৰেডিশ্বন ব্লুত উপস্থিত মহাৰাষ্ট্ৰৰ আৰু 7 বিসম্বাদী বিধায়ক

author img

By

Published : Jun 23, 2022, 9:53 AM IST

Updated : Jun 23, 2022, 12:23 PM IST

শিৱসেনাৰ বিদ্ৰোহী নেতা একনাথ সিন্দেৰ সমৰ্থনত বৃহস্পতিবাৰে পুৱা পুনৰ অসমলৈ আন 7 জন বিসম্বাদী বিধায়ক(Three another MLA of Maharastra reach guwahati) ৷ বৃহস্পতিবাৰে পুৱা ৭.৩০ বজাত প্ৰথমে তিনিজন আৰু তাৰপাছত 10.30 বজাত আন 4 জন বিসম্বাদী বিধায়ক উপস্থিত হয় বৰঝাৰ বিমানবন্দৰত ৷ বৰঝাৰৰ পৰাই কটকটীয়া নিৰাপত্তাৰে ৰেডিছন ব্লুলৈ লৈ যোৱা হয় বিধায়ককেইগৰাকীক ৷ সাংবাদিকৰ আগত কোনো মন্তব্য কৰাৰ পৰা বিৰত থাকে বিধায়ককেইগৰাকী ৷

Maharashtra Political Crisis
ৰেডিশ্বন ব্লুত আকৌ মহাৰাষ্ট্ৰৰ তিনি বিসম্বাদী বিধায়ক

গুৱাহাটী, 23 জুন : গুৱাহাটীৰ ৰেডিশ্বন ব্লুলৈ এতিয়া শিৱসেনাৰ বিসম্বাদী বিধায়কৰ সোঁত বৈছে । বৃহস্পতিবাৰে পুৱা অসমত উপস্থিত হয় 7 জনকৈ বিসম্বাদী বিধায়ক ৷ পুৱা ৭.৩০ বজাত প্ৰথমে তিনিজন আৰু তাৰপাছত 10.30 বজাত আন 4 জন শিৱসেনাৰ বিসম্বাদী বিধায়ক উপস্থিত হয় গুৱাহাটীৰ বিলাসী হোটেল ৰেডিশ্বন ব্লুত । মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়ককেইগৰাকীক বৰঝাৰ বিমানবন্দৰৰ পৰাই কটকটীয়া নিৰাপত্তাৰে ৰেডিছন ব্লুলৈ লৈ যোৱা হয় ।

অসমত উপস্থিত হোৱা বিধায়ককেইজন ক্ৰমে শিৱসেনাৰ চাদা চাৰৱাঙ্কাৰ, মংগেশ কুদালকাৰ, উদাৰকাৰ, দাদা ভুচেৰা, দীপক মেৰকান্ত আৰু শিৱসেনাৰ সমৰ্থিত আৱিচিনী জাছৱাল বুলি জানিব পৰা হৈছে ৷ অৱশ্যে ইয়াৰে এজন বিধায়কৰ নাম বৰ্তমানো জানিব পৰা হোৱা নাই ৷ ইতিমধ্যে শিৱসেনাৰ বিদ্ৰোহী নেতা একনাথ সিন্দেই শিৱসেনাৰ 38 আৰু নিৰ্দলীয় 7 গৰাকী বিধায়কক লগত লৈ গুৱাহাটীৰ ৰেডিশ্বন ব্লুত বাহৰ পাতি আছে ।

ৰেডিশ্বন ব্লুত উপস্থিত মহাৰাষ্ট্ৰৰ আৰু 7 বিসম্বাদী বিধায়ক

শিৱসেনাৰ বিদ্ৰোহী নেতা একনাথ সিন্দেৰ নেতৃত্বত মহাৰাষ্ট্ৰৰ 41 গৰাকী বিসম্বাদী বিধায়কে বুধবাৰে পুৱা বৰঝাৰ বিমানবন্দৰৰ পৰাই কটকটীয়া নিৰাপত্তাৰে ৰেডিছন ব্লুলৈ আহিছিল । এই বিধায়কসকল চুৰাটত বাহৰ পাতি আছিল । তাৰ পৰাই তেওঁলোকক গুৱাহাটীলৈ অনা হয় । আকৌ বুধবাৰে নিশা 9 বজাত মহাৰাষ্ট্ৰৰ চাৰি শিৱসেনাৰ বিসম্বাদী বিধায়ক উপস্থিত হৈছিল গুৱাহাটীৰ ৰেডিশ্বন ব্লুত । লগতে গুজৰাটৰ বিজেপিৰ ৰাজ্যিক সভাপতি চন্দকান্ত পাটিলো আহিছিল ।

গুৱাহাটীত এতিয়া 48 জন বিসম্বাদী বিধায়কে আৰম্ভ কৰিছে একনাথ সিন্দেৰ নেতৃত্বত ৰাজনীতিৰ নতুন অংক । অবিজেপি শাসিত মহাৰাষ্ট্ৰৰ চৰকাৰ ভঙা-পতাৰ খেলখন অসমত হোৱাক লৈ চলিছে বিশেষ চৰ্চা । মহাৰাষ্ট্ৰৰ তিনি বিসম্বাদী বিধায়কৰ বাহন ৰেডিশ্বন ব্লুৰ সম্মুখত সাংবাদিকে ঘেৰি ধৰে যদিও তেওঁলোকে কোনো মন্তব্য কৰাৰ পৰা বিৰত থাকে ।

লগতে পঢ়ক : ৰেডিশ্বন ব্লুলৈ মহাৰাষ্ট্ৰৰ আৰু চাৰি বিসম্বাদী বিধায়কৰ আগমণ

Last Updated : Jun 23, 2022, 12:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.