ETV Bharat / state

Electricity tariff hike in Assam: পুতলা মন্ত্ৰীৰ দ্বাৰা চলিছে বিভাগ: ৰিপুন বৰা

author img

By

Published : Feb 4, 2023, 3:23 PM IST

Electricity tariff hike in Assam
বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে TMC ৰ প্ৰতিবাদ

ৰাজ্যৰ বিদ্যুৎ বিভাগে পুনৰ সাধাৰণ জনতাৰ মূৰত ৰামটাঙোন সোধাই ১ ফ্ৰেব্ৰুৱাৰীৰ পৰা বৃদ্ধি কৰিছে বিদ্য়ুতৰ মাচুল (Electricity tariff hike in Assam) । ঘাটি বাজেট পূৰণ কৰিবলৈ বিদ্যুৎ বিভাগে গ্ৰহণ কৰিছে এই সিদ্ধান্ত । বিদ্যুৎ বিভাগৰ এই সিদ্ধান্তৰ বিৰুদ্ধে বিজুলী ভৱনত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অসম তৃণমূল কংগ্ৰেছে(TMC opposes Electricity tariff hike) ।

বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে TMC ৰ প্ৰতিবাদ

গুৱাহাটী,৪ ফেব্ৰুৱাৰী: ঘাটি বাজেটৰ দোহাই দি ১ ফ্ৰেব্ৰুৱাৰীৰ পৰা ৰাজ্যৰ বিদ্যুৎ বিভাগে বৃদ্ধি কৰে বিদ্যুৎ মাচুল(Electricity tariff hike in Assam) । সাধাৰণ জনতাৰ মূৰত ৰাম টাঙোন সোধাই ঘৰুৱা বিদ্যুতৰ মাচুল বৃদ্ধি কৰিবলৈ সিদ্ধান্তৰ পাছতেই জাঙুৰ খাই উঠিছে ৰাজ্যৰ দল সংগঠন । আছুকে আদি কৰি বিভিন্ন দল-সংগঠনে ইয়াৰ বিৰুদ্ধে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ । বিদ্যুৎ বিভাগৰ এই সিদ্ধান্তৰ বিৰুদ্ধে অসম তৃণমূল কংগ্ৰেছে তীব্ৰ প্ৰতিবাদেৰে কঁপাই তোলে বিজুলী ভৱন(TMC opposes Electricity tariff hike) ।

বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে অসম তৃণমূল কংগ্ৰেছে ৰূপায়ন কৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী । শনিবাৰে পল্টনবজাৰস্থিত বিজুলী ভৱনত তৃণমূল কংগ্ৰেছ কৰ্মী সকলে অসম চৰকাৰ হায় হায়, হিমন্ত বিশ্ব শৰ্মা হায় হায়, বিদ্যুৎ বিভাগ হায় হায়, বিজেপি চৰকাৰ হায় হায়, জনবিৰোধী নীতি বাতিল কৰক, শক্তিমন্ত্ৰী হায় হায়, বিদ্যুৎ মাচুল বৃদ্ধি বন্ধ কৰক আদি চৰকাৰ বিৰোধী শ্লোগান দি হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ প্ৰায় শতাধিক প্ৰতিবাদকাৰীয়ে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ(TMC protest against Electricity tariff hike) ।

প্ৰতিবাদত অংশগ্ৰহণ কৰি অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয় যে এফালে চৰকাৰে GST বৃদ্ধি কৰিছে আনহাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি কৰি গেলাতে টেঙা দি উপৰ্যুপৰি বিদ্যুতৰ মাচুল বৃদ্ধি কৰিছে । যাৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্নজনৰ উৰ্দ্ধহাৰত বিদ্যুতৰ মাচুল বৃদ্ধি পাইছে । বাৰম্বাৰ বিদ্যুতৰ মাচুল বৃদ্ধি কৰাৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছ তথা আন আন দল-সংগঠনে ধাৰাবাহিকভাৱে কৰি অহা প্ৰতিবাদলৈয়ো চৰকাৰে কোনো কাণসাৰ নিদি পুণৰ বিদ্যুতৰ মাচুল বৃদ্ধি কৰিছে ।

বিদ্যুতৰ মাচুল বৃদ্ধিক লৈ মন্ত্ৰীসকলে দায়সৰা মন্তব্য কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰে তৃণমূল কংগ্ৰেছৰ সভাপতিগৰাকীয়ে । চৰকাৰ চলাবলৈ অন্যধৰণে ৰাজসংগ্ৰহ কৰিব নোৱাৰি সাধাৰম নাগৰিকৰ মুৰত মাধমাৰ সোধাই মূল্যবৃদ্ধি কৰি সহজ উপায়ৰে ৰাজহ সংগ্ৰহ কৰিব বিচাৰিছে । অৰ্থনৈতিক, পৰিচালনাৰ জ্ঞান তথা দক্ষতাৰ অভাৱত ৰাজসংগ্ৰহৰ বাবে সহজ উপায়ৰে মূল্যবৃদ্ধি কৰিছে বুলি চৰকাৰক সমালোচনা কৰে ৰিপুন বৰাই ।

তেওঁ মন্ত্ৰীসকলক সমালোচনা কৰি কয় যে সকলো মন্ত্ৰী বৰ্তমান পুতলা মন্ত্ৰী । 'ৱান মেন আৰ্মি'ৰে অসম চৰকাৰ চলি আছে বুলি কটাক্ষ কৰি তেওঁ কয় যে মন্ত্ৰীসকলে গাড়ী, ৰঙালাইট, পুলিচ আৰু কোৱাটাৰহে পাইছে । বাকী বিবেক প্ৰয়োগ কৰাৰ সুবিধা পোৱা নাই । 'ৱান মেন আৰ্মি' মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে সকলো হৈ আছে বুলি মুখ্যমন্ত্ৰীক সমালোচনা কৰে মন্ত্ৰীসকলক । ইফালে পৰৱৰ্তী সময়ত প্ৰতিবাদকাৰীসকলক প্ৰতিবাদথলীৰ পৰা আৰক্ষীয়ে টানি আজুৰি আটক কৰি চচললৈ লৈ যোৱা পৰিলক্ষিত হয় ।

লগতে পঢ়ক: Sri Sri Vishnu Festival: ধৰমতুল বিষ্ণু মন্দিৰত শ্ৰী শ্ৰী বিষ্ণু মহোৎসৱৰ প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.