Sri Sri Vishnu Festival: ধৰমতুল বিষ্ণু মন্দিৰত শ্ৰী শ্ৰী বিষ্ণু মহোৎসৱৰ প্ৰস্তুতি

By

Published : Feb 4, 2023, 2:27 PM IST

Updated : Feb 6, 2023, 4:07 PM IST

thumbnail

ৰহা, ৪ ফ্ৰেব্ৰৱাৰী: নানান মঠ-মন্দিৰেৰে ভৰপূৰ অসম । প্ৰতিটো প্ৰান্ততে যেন বৈ থাকে আধ্যাত্মিকতাৰ সুঁতি । জনবিশ্বাস অনুসৰি বহু মঠ-মন্দিৰত পূজা-অৰ্চনা কৰিলে সিদ্ধি হয় মনৰ আশা । তেনে এক মন্দিৰ হৈছে মৰিগাঁও জিলাৰে পাৰ হৈ যোৱা 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা ধৰমতুলৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ । বিগত কিছুদিন ধৰি এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত ধৰমতুলৰ এই ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বিষ্ণু মন্দিৰত । 

উখল-মাখল পৰিৱেশৰ মাজেৰে শ্ৰী শ্ৰী বিষ্ণু মন্দিৰত ব্যাপক প্ৰস্তুতি চলিছে শ্ৰী শ্ৰী বিষ্ণু মহোৎসৱ আয়োজন কৰাৰ(Sri Sri Vishnu Festival at Dharamtul) । শ্ৰী শ্ৰী বিষ্ণু মন্দিৰত পৰিচালনা সমতিয়ে জনোৱা অনুসৰি, এইবাৰ মন্দিৰ ভাগত অনুষ্ঠিত কৰা হ'ব ৩০ সংখ্যক শ্ৰী শ্ৰী বিষ্ণু মহোৎসৱ(30th Sri Sri Vishnu Mahotsav) । ৫ ফ্ৰেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ধৰমতুলত অনুষ্ঠিত কৰা হ'ব শ্ৰী শ্ৰী বিষ্ণু মহোৎসৱ । অহা ইংৰাজী ৫, ৬ আৰু ৭ ফেব্ৰুৱাৰীত তিনিদিনীয়াকৈ মৰিগাঁৱৰ ধৰমতুলস্থিত বিষ্ণু মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হ'ব শ্ৰী শ্ৰী বিষ্ণু মহোৎসৱ । 

তাৰেই প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে মন্দিৰ পৰিচালনা সমিতি তথা স্থানীয় ৰাইজ(Preparations for Sri Sri Vishnu Festival at Dharamtul) । মন্দিৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিয়া অনুসৰি তিনিওটা দিনতে দিনে-নিশাই বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ দিহা কৰা হৈছে । তিনিওটা দিনতে মূল মন্দিৰত পূজা-অৰ্চনাৰে কাৰ্যসূচীৰ আৰম্ভ কৰা হ'ব । বিশিষ্ট অভিজ্ঞ পণ্ডিতৰ দ্বাৰা কৰা হ'ব ভাগৱত বাখ্যা । মূল মন্দিৰৰ সমীপতে থকা বিষ্ণুক্ষেত্ৰত নাম-কীৰ্তন তথা ভক্তসকলৰ থকা মেলাৰ ব্যৱস্থা কৰিছে আয়োজকসকলে । 

ইফালে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰাৰ কথা উল্লেখ কৰে মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদকগৰাকীয়ে । হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ আয়োজক সমিতি সাজু বুলি কোৱাৰ লগতে সমূহ অসমবাসীক সাদৰেৰে আমন্ত্ৰণ জনাইছে মন্দিৰ পৰিচালনা সমিতিয়ে । জানিব পৰা মতে উক্ত অনুষ্ঠানত উপস্থিত থাকিব অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । সকলোকে অংশগ্ৰহণ কৰি অনুষ্ঠানটি সফল কৰি তোলাৰ আহ্বান জনাই উদ্যোক্তা সকলে ।

লগতে পঢ়ক: Heated situation in Nagaon Civil Hospital: ৰাজপথত সন্তান প্ৰসৱক লৈ নগাঁও চিভিলত উত্তপ্ত পৰিস্থিতি

Last Updated : Feb 6, 2023, 4:07 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.