ETV Bharat / state

Forest Land Conversion: উন্নয়নৰ নামত এটা দশকত শ্ৰেণী পৰিৱৰ্তন হ'ল ১৯ হাজাৰ বিঘা অৰণ্যভূমিৰ

author img

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 9:20 PM IST

Forest Land Conversion Assam
এটা দশকত শ্ৰেণী পৰিৱৰ্তন হ'ল ১৯ হাজাৰ বিঘা অৰণ্যভূমিৰ

ৰাজ্যত আন্তঃগাঁথনি উন্নয়ন আৰু ঔদ্যোগিক ক্ষেত্ৰ সম্প্ৰসাৰণৰ নামত ব্যাপক হাৰত ধ্বংস কৰা হৈছে অৰণ্য ৷ অচিৰেই সৰু-বৰ ১৫৬ টা প্ৰকল্পৰ বিপৰীতে বনভূমিক আন ভূমিলৈ পৰিবৰ্তন কৰাৰ প্ৰস্তুতি ৰাজ্য চৰকাৰৰ । বনভূমি অন্য ভূমিলৈ পৰিৱৰ্তন কৰি অহা চৰকাৰখনে প্ৰায় ৪ হাজাৰ বিঘা অৰণ্যভূমি আন ভূমিলৈ পৰিবৰ্তন কৰাৰ ব্যৱস্থা কৰিছে । এফালে গছপুলি ৰোপণৰ বিয়াগোম কাৰ্যসূচী আৰু আনফালে বন ধ্বংসৰ প্ৰতিযোগিতা ।

গুৱাহাটী, ৭ অক্টোবৰ : অসম চৰকাৰে অমৃত বৃক্ষ আন্দোলনৰ যোগেদি কেইবাটাও বিশ্ব অভিলেখ গঢ়িলে । ৰাজ্যজুৰি উৎসৱৰ দৰে গছপুলি ৰোপন কৰা হ'ল । কোটি কোটি টকা ব্যয় কৰি ৰোপন কৰা এই গছপুলিসমূহৰ কিমান শতাংশই পূৰ্ণতা লাভ কৰিব সেয়া সময়েহে ক'ব । কাৰণ গছপুলিৰ ঠাইত শিপা নথকা গছৰ ডালো বিতৰণ কৰাৰ অভিযোগ উত্থাপন হৈছিল । তেনেস্থলত এই বিয়াগোম গছপুলি ৰোপণৰ কাৰ্যসূচীৰ সফলতাৰ মাপকাঠি সময়তহে গম পোৱা যাব । লক্ষ্যণীয় বিষয় যে চৰকাৰখনে বিশাল পৰিমাণৰ পুঁজি ব্যয় কৰি গছপুলি ৰোপণৰ ব্যৱস্থা কৰিলে যদিও প্ৰকৃতিপ্ৰদত্ত অৰণ্যৰ সংৰক্ষণত গুৰুত্ব প্ৰদান কৰা নাই । দেশৰ আন ৰাজ্যৰ দৰে অসমতো উন্নয়নৰ নামত ধ্বংস কৰা হৈছে অৰণ্য ।

উল্লেখ্য যে অসমসহ উত্তৰ-পূৰ্বাঞ্চল প্ৰাকৃতিক ক্ষেত্ৰত বিশেষভাৱে চহকী । প্ৰকৃতিয়ে হিয়া উজাৰি দিয়া সম্পদক কিন্তু চৰকাৰখনে ৰক্ষা কৰিব পৰা নাই । বৰং আন্তঃগাঁথনি উন্নয়ন আৰু ঔদ্যোগিক ক্ষেত্ৰ সম্প্ৰসাৰণৰ নামত ব্যাপক হাৰত অৰণ্য ধ্বংস কৰা হৈছে । বিগত সময়ছোৱাত খাৰুৱা তেল, প্ৰাকৃতিক গেছ উদঘাটন, ৰে'লপথ সম্প্ৰসাৰণকে ধৰি ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বিদ্যুৎ পৰিবাহী তাঁৰ সংস্থাপনলৈকে, ম'বাইল টাৱাৰ স্থাপনৰ পৰা অন্যান্য খনন তথা কুৱেৰী প্ৰতিষ্ঠা কৰালৈ বিভিন্ন প্ৰকল্পৰ নামত বিঘাৰ পৰা বিঘালৈ অৰণ্যভূমি আন ভূমিলৈ পৰিবৰ্তন কৰা হৈছে ।

আনহাতে মাথোঁ এটা দশকৰ ভিতৰতে ৰাজ্যখনত ২৫৫৮.৭৪ হেক্টৰ অর্থাৎ ১৯ হেজাৰ বিঘাকৈ অধিক অৰণ্যভূমি আন ভূমিলৈ পৰিবৰ্তন কৰা হৈছে । উদ্বেগৰ বিষয় যে অচিৰেই ৰাজ্য চৰকাৰে সৰু-বৰ ১৫৬ টা প্ৰকল্পৰ বিপৰীতে বনভূমিক আন ভূমিলৈ পৰিবৰ্তন কৰাৰ বাবে বিভাগীয় প্ৰস্তুতি আৰম্ভ কৰিছে । ৰাজ্যৰ পৰিবেশ তথা জীৱ-বৈচিত্যৰ প্ৰতি প্ৰচণ্ড ভাবুকি কঢ়িয়াই যি হাৰত অৰণ্যভূমি আন ভূমিলৈ পৰিবৰ্তনত ৰাজ্য চৰকাৰখনে হাত উজান দিছে, তাকে লৈ প্ৰকৃতিপ্ৰমী উদ্বিগ্ন হৈ পৰিছে । ৰাজ্য চৰকাৰৰ অধীনস্থ বন আৰু পৰিবেশ তথা জলবায়ু পৰিবৰ্তন বিভাগৰ তথ্যত কেতবোৰ উদ্বেগজনক দিশ উন্মোচিত হৈছে ।

তথ্য ‍অনুসৰি ৰাজ্যখনত ভয়াৱহ হাৰত বনভূমিক আন ভূমিলৈ পৰিবৰ্তন কৰাৰ লগতে চৰকাৰে বিভিন্ন প্ৰকল্পৰ বাবে পৰিবেশ অনুকূল আৰু বন্যপ্ৰাণী অনুকূলৰ আপত্তিবিহীন প্ৰমাণপত্ৰ প্ৰদান কৰি আহিছে । লক্ষ্যণীয় বিষয় যে ৰাজ্যখনত ভূমিৰ শ্ৰেণী পৰিৱৰ্তন ২০১৪-১৫ বৰ্ষৰ পৰা একেৰাহে ২০১৮-১৯ বৰ্ষলৈ বন্ধ আছিল । কিন্তু ইয়াৰ পাছতে অবিৰতভাৱে বনভূমিক আন ভূমিলৈ পৰিবৰ্তন কৰা হৈছে ।

ইফালে প্ৰাপ্ত তথ্য অনুসৰি শীঘ্ৰেই আৰু প্ৰায় ৪ হাজাৰ বিঘা বনভূমিক আন ভূমিলৈ পৰিবৰ্তন কৰাত বিভাগীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে । এনেদৰে এতিয়া ৰাজ্যত ভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰি অবাধ হাৰত বনভূমি ধ্বংস কৰা হৈছে । উন্নয়নৰ নামত প্ৰকৃতিৰ ওপৰত চলিছে আক্ৰমণ । বন বিভাগৰ তথ্য অনুসৰি ২০০৮-০৯ বৰ্ষত ৰাজ্যৰ ৬৫.৫১ হেক্টৰ বনভূমি আন ভূমিলৈ পৰিৱৰ্তন কৰা হৈছিল । তেনেদৰে ২০০৯-১০ বৰ্ষত ৯১২.২৬ হেক্টৰ, ২০১০-১১ বৰ্ষত ১৬.১৮ হেক্টৰ, ২০১১-১২ বৰ্ষত ১০০.৯২ হেক্টৰ, ২০১২-১৩ বৰ্ষত ১২১.৬০ হেক্টৰ আৰু ২০১৩-১৪ বৰ্ষত ৮.৮৮ হেক্টৰ বনভূমি অন্য ভূমিলৈ পৰিৱৰ্তন কৰাৰ বাবে চৰকাৰে অনুমতি প্ৰদান কৰিছিল । ইয়াৰ পাছত একেৰাহে পাঁচটা বিত্তীয় বছৰ এই প্ৰক্ৰিয়া স্থগিত ৰখা হৈছিল যদিও পুনৰ ২০১৯-২০ বৰ্ষত ১৯.৯৮ হেক্টৰ বনভূমি অন্য ভূমিলৈ পৰিৱৰ্তন কৰা হয় । তাৰ পাছত ২০২০-২১ বৰ্ষত একেলগে ১১৫৭.৩৫ হেক্টৰ বনভূমি, ২০২১-২২ বৰ্ষত ১০৯.৬৫ হেক্টৰ আৰু ২০২২-২৩ বৰ্ষত ৪৫.৪২ হেক্টৰ বনভূমি আন ভূমিলৈ পৰিবৰ্তন কৰা হয় ।

এনেদৰে বনভূমি অন্য ভূমিলৈ পৰিবৰ্তন কৰি অহা চৰকাৰখনে অচিৰেই প্ৰায় ৪ হাজাৰ বিঘা অৰণ্যভূমি আন ভূমিলৈ পৰিবৰ্তন কৰাৰ কাম হাতত লৈছে । অ’ এন জি চি, অইলৰ পৰা ৰে'লৱে বিভাগ, ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ পৰা টেলিফোন সংযোগলৈ বিভিন্ন প্ৰস্তাৱৰ ভিত্তিত চৰকাৰে অচিৰেই পুনৰ অৰণ্যভূমিক আন ভূমিলৈ পৰিবৰ্তন কৰাত অনুমোদন জনাব । উল্লেখ্য যে অ’ এন জি চিয়ে শিলচৰত খনন চলোৱাৰ নামত ৩.৭৫ হেক্টৰ ভূমিৰ পৰিবৰ্তন বিচাৰিছে । সেইদৰে ৰূপচী এয়াৰপ'ৰ্ট সম্প্ৰসাৰণৰ নামত ৪৩.৮৫ হেক্টৰ অৰণ্যভূমি, অসম মালাৰ অধীনত ঘগ্ৰাবস্তিৰ পৰা হাৱাজানলৈ ৪৪.৭৮ হেক্টৰ অৰণ্যভূমি, শিলচৰ চৰাইবাৰীত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে ১৭.৭ হেক্টৰ, উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ বৈদ্যুতিক তাঁৰ সংযোগ আৰি সম্প্ৰসাৰণৰ নামত ৭.৯ হেক্টৰ, কাৰ্বি আংলঙত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত ১৪.৫৬ হেক্টৰ, চাপাগুৰিৰ পৰা আমটেকা (ভূটান সীমান্ত) পথ নিৰ্মাণৰ নামত ৩৬.৯২ হেক্টৰ অৰণ্যভূমি অন্যভূমিলৈ পৰিবৰ্তন বিচাৰি বিভাগত প্ৰস্তাৱ দাখিল কৰা হৈছে । বন বিভাগে ইয়াত অনুমতি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যদিও এতিয়ালৈ মাথোঁ চূড়ান্ত হ'বলৈহে বাকী আছে । তেনেদৰে তৈলখননৰ ব্যক্তিগত কোম্পানী বেদান্ত লিমিটেডেও শিলচৰত তেল উদঘাটনৰ বাবে অৰণ্যভূমিৰ পৰিবৰ্তন বিচাৰিছে ।

অইল ইণ্ডিয়া লিমিটেডে তিনিচুকীয়া জিলাত তৈল খননৰ বাবে ৫০ হেক্টৰ অৰণ্যভূমিৰ পৰিবৰ্তন বিচাৰিছে । তেনেদৰে ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ বাবে গহপুৰৰ পৰা হলঙিলৈ ২৩.৫৪ হেক্টৰ, ৰে’ল বিভাগে নিউ মইনাগুৰিৰ পৰা যোগীঘোপালৈ ৰে'লপথ সম্প্ৰসাৰণৰ নামত ২৯.৮৫ হেক্টৰ, এ পি জি চি এলে লামডিঙত ১৩২ কে ভি বৈদ্যুতিক লাইন সম্প্ৰসাৰণৰ নামত ১৭.১৯ হেক্টৰ অৰণ্যভূমিক আন ভূমিলৈ পৰিবৰ্তন কৰাৰ প্ৰস্তাৱ বন বিভাগৰ ওচৰত দাখিল কৰিছিল । তদুপৰি ৰাজ্যখনৰ অৰণ্য কাষৰীয়া অঞ্চলত ম'বাইল সেৱা সম্প্ৰসাৰণৰ নামত ভাৰতী এয়াৰটেলে ৫০ টাতকৈ অধিক টাৱাৰ স্থাপনৰ বাবে অৰণ্যভূমিক অন্য ভূমিলৈ পৰিবৰ্তন বিচাৰি প্ৰস্তাৱ দাখিল কৰিছে । তেনেদৰে কেৱল কুৱেৰী স্থাপনৰ বাবে প্ৰায় ১২৫ হেক্টৰ অৰণ্যভূমি আন ভূমিলৈ পৰিবৰ্তন হোৱাৰ আশংকা কৰা হৈছে ।

ৰাজ্যৰ বন বিভাগৰ ওচৰত চৰকাৰী-বেচৰকাৰী বিভিন্ন প্ৰতিষ্ঠানৰ পৰা ১৫৬ টা প্ৰস্তাৱ দাখিল হৈছে । এই প্ৰস্তাৱমৰ্মে ৰাজ্যখনৰ পৰা প্ৰায় ৪ হাজাৰ বিঘা অৰণ্যভূমি আন ভূমিলৈ পৰিবৰ্তন হোৱাৰ সম্ভাৱনা আছে । এনেদৰে অৰণ্যভূমি নোহোৱা কৰি গছপুলি ৰোপণৰ ঢাক-ঢোল বজালে প্ৰকৃতি কেতিয়াও সুৰক্ষিত নহ'ব ।

লগতে পঢ়ক: Charaideo Maidam : ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত উপস্থিত ইউনেস্কোৰ পৰ্যবেক্ষক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.