ETV Bharat / state

Charaideo Maidam : ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত উপস্থিত ইউনেস্কোৰ পৰ্যবেক্ষক

author img

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 8:42 PM IST

ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত উপস্থিত ইউনেস্কোৰ পৰ্যবেক্ষক ৷ ইউনেস্কোৰ পৰ্যবেক্ষকক চৰকাৰ আৰু দল-সংগঠনৰ উষ্ম আদৰণি ৷ ফুৰালুং পূজাত অংশগ্ৰহণ কৰিলে ইউনেস্কোৰ প্ৰতিনিধিয়ে ৷

UNESCO Representative visits Charaideo Maidam
ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত উপস্থিত ইউনেস্কোৰ পৰ্যবেক্ষক

ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত উপস্থিত ইউনেস্কোৰ পৰ্যবেক্ষক

ডিব্ৰুগড়/শিৱসাগৰ, 7 অক্টোবৰ : অসমবাসীৰ বাবে আজি এক ঐতিহাসিক দিন ৷ ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ প্ৰথম ৰাজধানী ঐতিহাসিক চৰাইদেউ মৈদামস্থলী বিশ্ব ঐতিহ্যক্ষেত্ৰত অন্তৰ্ভুক্তিৰ বাবে ইউনেস্কোৰ বিশেষজ্ঞ প্ৰতিনিধি লিম চিং চিয়াং চৰাইদেউ মৈদামস্থলী পৰ্যবেক্ষণৰ বাবে শনিবাৰে বিয়লি চৰাইদেউ মৈদামস্থলীত উপস্থিত হয় ৷ চিয়াঙক চৰাইদেউ আৰু শিৱসাগৰ জিলা প্ৰশাসনে আদৰণি জনোৱাৰ লগতে উৎফুল্লিত স্থানীয় ৰাইজ আৰু বিভিন্ন দল-সংগঠনে উষ্ম আদৰণি জনায় ৷

তেখেতে চৰাইদেউ মৈদামস্থলীত স্থাপন কৰা ৰেনচেঙত মলুংসকলে অনুষ্ঠিত কৰা ফুৰালুং পূজাত অংশগ্ৰহণ কৰে ৷ ইয়াৰ পাছতে তেওঁ মৈদামস্থলীত এক বৃক্ষৰোপণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে । মৈদামক্ষেত্ৰ পদব্ৰজে ভ্ৰমণ কৰা সময়ত বিশেষজ্ঞগৰাকীক সংগ দিয়ে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈ, কেন্দ্ৰীয় আৰু ৰাজ্যিক পুৰাতত্ত্ব বিভাগৰ বিষয়াসকল তথা দুয়োখন জিলাৰে বিশেষ দায়িত্বত থকা প্ৰশাসনিক বিষয়াসকলে ।

উল্লেখযোগ্য যে দেওবাৰে পুৱাৰে পৰা ইউনেস্কোৰ পৰ্যবেক্ষকগৰাকীয়ে বিস্তৃতভাৱে মৈদামক্ষেত্ৰৰ সকলো যাৱতীয় বিষয় সামৰি পৰ্যবেক্ষণ কাৰ্য সম্পন্ন কৰিব । জানিব পৰা অনুসৰি তিনিদিন চৰাইদেউ মৈদাম পৰিদৰ্শন কৰিব ইউনেস্কোৰ পৰ্যবেক্ষকগৰাকীয়ে । আনহাতে এই তিনিদিন সাধাৰণ পৰ্যটকৰ বাবে বন্ধ থাকিব ঐতিহাসিক চৰাইদেউ মৈদাম । উল্লেখযোগ্য যে কোনো আসোঁৱাহ নথকাকৈ ইতিমধ্যে মৈদামৰ মনোনয়ন ইউনেস্কোত গ্ৰহণ কৰা পাছতেই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ নাম তালিকাত স্থান পোৱাৰ দিশে আগবাঢ়িছে আহোমৰ ৬০০ বছৰীয়া সোণালী ইতিহাস বহন কৰা ঐতিহাসিক চৰাইদেউ মৈদামে ।

ইউনেস্কোৰ এই প্ৰতিনিধিয়ে কেন্দ্ৰীয় চৰকাৰৰ সঠিক প্ৰতিবেদ দাখিল কৰিলে বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি লাভ কৰিব চৰাইদেউ মৈদামে । সকলোৱে আশা প্ৰকাশ কৰিছে এইবাৰ ৬০০ বছৰীয়া সোণালী ইতিহাস বহন কৰা ঐতিহাসিক চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাবে স্বীকৃতি লাভ কৰিব ৷

লগতে পঢ়ক: Historic Charaideo Maidam: ঐতিহাসিক চৰাইদেউ মৈদাম পৰিদৰ্শন ৪ কেবিনেট মন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.