ETV Bharat / state

চেন্নাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত অসমীয়া ছবি দ্য লাষ্ট অনাৰ

author img

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 4:44 PM IST

The Last Honor selected for Chennai International Film Festival 2023
অসমীয়া ছবি দ্য লাষ্ট অনাৰ

The Last Honor selected for CIFF 2023: ২১ সংখ্যক চেন্নাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত অসমীয়া ছবি “দ্য লাষ্ট অনাৰ”। অসম কন্যা ৰ’জী বৰাৰ পৰিচালিত প্ৰথমখন ছবি ভাৰতীয় পেনোৰামাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ।

অসমীয়া ছবি দ্য লাষ্ট অনাৰ

গুৱাহাটী, 5 ডিচেম্বৰ: পুনৰ অসমৰ ছবি জগতলৈ এক সুখবৰ । "২১ সংখ্যক চেন্নাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৩"ত ভাৰতীয় পেনোৰামাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে এখন অসমীয়া ছবিয়ে । অসম কন্যা ৰ’জী বৰাৰ পৰিচালিত প্ৰথমখন ছবি “দ্য লাষ্ট অনাৰ” নিৰ্বাচিত হৈছে চেন্নাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ । অহা ১৪ ডিচেম্বৰৰ পৰা ২১ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব এইবর্ষৰ "২১ সংখ্যক চেন্নাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (চিআইএফএফ)-২০২৩" ।

জেউতি প্ৰডাকচনৰ বেনাৰত নিৰ্মিত “দ্য লাষ্ট অনাৰ” ছবিখন প্ৰযোজনা কৰিছে প্ৰযোজক মৃণাল বিন কুতুবে । ক’ভিড-১৯ মহামাৰীৰ সময়ত এটা চণ্ডাল পৰিয়ালে সন্মুখীন হোৱা কিছু প্ৰত্যাহ্বানৰ কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে ছবিখন । ইফালে সাংবাদিক জিতুমণি বৰাৰ কাহিনীৰ আধাৰত নিৰ্মাণ কৰা ছবিখনৰ চিত্ৰনাট্য ৰচনা কৰিছে কুশল কুমাৰ গগৈয়ে । ছবিখনৰ চিনেমেট’গ্ৰাফাৰ চন্দ্ৰ কুমাৰ দাস ।

"দ্য লাষ্ট অনাৰ"ৰ সম্পাদনাৰ কৰিছে ৰতন শীল শৰ্মাই । সংগীত পৰিচালক ড৹ সৌৰভ শৰ্মা । ছাউণ্ড ডিজাইন আৰু মিক্সিং কৰিছে প্ৰখ্যাত সংগীত শিল্পী অমৃত প্ৰীতম (এমপিএছই) আৰু দেৱজিৎ চাংমাইয়ে । “দ্য লাষ্ট অনাৰ”ত অভিনয় কৰিছে ক্ৰমে- প্ৰয়াস ফুকন, জীনা বৈশ্য, ৰাজীৱ ক্ৰ', মন্মথ বৰুৱা, হেমন্ত দেৱনাথ, ডাঃ হীতেশ বৰুৱা, দীপক কুমাৰ ৰয়, কুশল কুমাৰ গগৈ, অপূৰ্ব ডেকা, শিশুশিল্পী জীয়ান ৰঞ্জন শইকীয়া আৰু প্ৰজ্ঞাশ্ৰী হাজৰিকাই ।

উল্লেখ্য যে, চেন্নাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ উপৰিও ২০২৪ বৰ্ষত বাংলাদেশত অনুষ্ঠিত হ’বলগীয়া “২২ সংখ্যক ঢাকা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৪ লৈও নিমন্ত্ৰণ লাভ কৰিছে ছবিখনে । ২০২৪ বৰ্ষত ২০ জানুৱাৰীৰ পৰা ২৮ জানুৱাৰীলৈ বাংলাদেশত হ’বলগীয়া ঢাকা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এছিয়ান প্ৰিমিয়াৰৰ বাবেও ছবিখনে আমন্ত্ৰণ লাভ কৰিছে ।

লগতে পঢ়ক: গুৱাহাটী চিনে ক্লাবৰ ষষ্ঠদশ আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.