ETV Bharat / state

Satya Pal Malik on Pulwama case: সত্যপাল মালিকৰ মন্তব্য সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ উত্তৰ বিচাৰিছে অজাপই

author img

By

Published : Apr 18, 2023, 9:34 PM IST

Supreme Court to investigate Satyapal Maliks allegations
উচ্চতম ন্যায়ালয়ে সত্যপাল মালিকৰ অভিযোগৰ তদন্ত কৰক

দেশ কঁপাইছে জম্মু আৰু কাশ্মীৰৰ পূৰ্বৰ ৰাজ্যপাল সত্যপাল মালিকৰ বিতৰ্কিত মন্তব্যই ৷ ৰাজ্যপাল সত্যপাল মালিকে (Ex Governor Satya Pal Malik controversy) উত্থাপন কৰা অভিযোগৰ উত্তৰ দিবলৈ দেশৰ প্ৰধানমন্ত্ৰীক আহ্বান জনাইছে অসম জাতীয় পৰিষদে ৷

উচ্চতম ন্যায়ালয়ে সত্যপাল মালিকৰ অভিযোগৰ তদন্ত কৰক

গুৱাহাটী, ১৮ এপ্ৰিল: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক পুলৱামাকাণ্ড আৰু দুৰ্নীতি সন্দৰ্ভত জম্মু আৰু কাশ্মীৰৰ পূৰ্বৰ ৰাজ্যপাল সত্যপাল মালিকে (Ex Governor Satya Pal Malik controversy) উত্থাপন কৰা অতি গুৰুত্বপূৰ্ণ অভিযোগৰ উত্তৰ দিবলৈ আহ্বান জনাইছে অসম জাতীয় পৰিষদে ৷ মঙলবাৰে এক সংবাদমেলযোগে অসম জাতীয় পৰিষদে এই দাবী তোলে (Asom Jatiya Parishad) ৷

দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, "প্ৰাক্তন ৰাজ্যপালগৰাকীয়ে পুলৱামা ঘটনাৰ (Pulwama surgical strike) চাৰি বছৰৰ মূৰত দেশবাসীৰ আগত ভাৰতীয় জোৱানৰ ওপৰত মাৰাত্মক আক্ৰমণ চলোৱাৰ আঁৰৰ কাহিনী সদৰী কৰা কাৰ্যই দেশবাসীক স্তম্ভিত কৰি তুলিছে ৷ ৰাজ্যপালগৰাকীয়ে দ্বিধাহীন ভাষাত প্ৰকাশ কৰিছে যে, কেন্দ্ৰীয় চৰকাৰৰ ভুলৰ বাবে ৪০ জনকৈ চি আৰ পি এফ জোৱানে প্ৰাণ বিসৰ্জন দিব লগা হৈছিল ৷ গোটেই ঘটনাটোৰ বেলিকা প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰীয় উপদেষ্টা অজিত ডোভালে ৰাজ্যপালগৰাকীক ‘মনে মনে থাকিবলৈ’ কোৱা কথাটোৱে দেশখনত অতি অস্বস্তিকৰ পৰিৱেশ সৃষ্টি কৰিছে ৷ প্ৰধানমন্ত্ৰীয়ে মৌনতা পৰিহাৰ কৰিলেহে কথাবোৰ অধিক স্পষ্ট হ’ব ৷ এই ক্ষেত্ৰত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীৰাজনাথ সিঙৰো ভূমিকা সন্দেহৰ ঊৰ্ধত নহয় (Ajp press meet on Satya Pal Malik controversy) ৷"

লগতে জাতীয় পৰিষদৰ নেতাগৰাকীয়ে কয়, "পুলৱামাৰ ঘটনাত মৃত্যু হোৱা ৪০ গৰাকী নিৰাপত্তাৰক্ষী জোৱানৰ জীৱনৰ সৈতে আপোচ কৰি বিজেপিয়ে ২০১৯ চনৰ নিৰ্বাচন খেলিছে আৰু জিকিছে ৷ প্ৰাক্তন ৰাজ্যপালগৰাকীয়ে পুলৱামাৰ ঘটনাৰ ক্ষেত্ৰত নিৰাপত্তামূলক ব্যৱস্থাবোৰ কেনেকৈ শিথিল কৰা হৈছিল তাৰ সবিশেষ দাঙি ধৰিছে ৷ সকলো কথাই পতিয়ন নিয়াই যে ক’ৰবাত জোৱানৰ নিৰাপত্তাৰ বেলিকা আপোচ কৰা হৈছিল ৷ এই দায়িত্ব প্ৰধানমন্ত্ৰীয়ে মূৰ পাতি লোৱাৰ বাহিৰে কোনো গত্যন্তৰ নাই ৷ মালিকে অভিযোগসমূহ উত্থাপন কৰাৰ কেইবাদিনৰ পিছতো আজিলৈকে প্ৰধান মন্ত্ৰীয়ে কোনো উত্তৰ নিদিয়া বাবে সন্দেহ দিনক দিনে ঘনীভূত হ’বলৈ ধৰিছে ৷ অসম জাতীয় পৰিষদে প্ৰধানমন্ত্ৰীক আৰু অধিক পলম নকৰিবলৈ আহ্বান জনাইছে ৷ অন্যথা প্ৰধানমন্ত্ৰীৰ নেতৃত্বত দেশৰ গোটেই শাসন ব্যৱস্থাটোৰ ওপৰতে জনসাধাৰণে আস্থা হেৰুৱাব ৷" (AJP Slams BJP govt)

মালিকে দাঙি ধৰা আন এটা দিশৰ ওপৰত মন্তব্য কৰি ভূঞাই কয় যে, মালিক গোৱাৰ ৰাজ্যপাল হৈ থাকোঁতে দুৰ্নীতিমূলক কাৰ্যকলাপত বাধা দিছিল আৰু সেইবাবেই মালিকক মাত্ৰ এসপ্তাহৰ মূৰতে গোৱাৰ পৰা অপসাৰণ কৰিছিল ৷ জম্মু আৰু কাশ্মীৰৰ ৰাজ্যপাল হৈ থাকোঁতে দুখন ডাঙৰ আঁচনি অনুমোদন জনাবলৈ আৰএছএছৰ এজন উচ্ছপদস্থ কৰ্মকৰ্তাই মালিকৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল ৷ দুয়োখন আঁচনিৰ অনুমোদন কৰাৰ লগত তিনিশ কোটি টকা অবৈধভাৱে আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি কৰ্মকৰ্তাগৰাকীয়ে দিছিল ৷

আচৰিতভাৱে মালিকে অনুমোদন নজনোৱা আঁচনি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা অনুমোদিত হৈছিল ৷ মালিকে অকপটে কৈছে যে, মোডীয়ে দুৰ্নীতিৰ সকলো কথা জানি-শুনিও কোনো হকা-বাধা কৰা নাছিল ৷ বৰঞ্চ কোন কোন ব্যক্তিয়ে অসাধু উপায়েৰে প্ৰধানমন্ত্ৰীৰ অনুগ্ৰহত ঠিকাবোৰ হস্তগত কৰিছিল সেই কথাও মালিকে প্ৰকাশ কৰিছে ৷ প্ৰধানমন্ত্ৰীয়ে দুৰ্নীতি নিৰ্মূল কৰাৰ নামত বিৰোধী পক্ষক ই ডি আৰু চি বি আইৰ জৰিয়তে আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৷ কিন্তু আম্বানি, আদানিকে ধৰি ঘনিষ্ঠসকলক প্ৰধানমন্ত্ৰীয়ে সকলো অপকৰ্মত লিপ্ত হৈ থাকিবলৈ সুযোগ দিছে ৷ এইদৰে মালিকে অভিযোগ উত্থাপন কৰিছিল (AJP criticizes PM Modi) ৷

অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদকগৰাকীয়ে উল্লেখ কৰে যে, প্ৰধানমন্ত্ৰীয়ে নিজাববীয়াকৈ পূৰ্বৰ ৰাজ্যপালগৰাকীৰ অতি গুৰুত্বপূৰ্ণ অভিযোগৰ উত্তৰ নিদিলে উচ্চতম ন্যায়ালয়ে নিজাববীয়াকৈ গোটেই বিষয়টো নিৰপেক্ষ আৰু উচ্চস্তৰীয় তদন্তৰ বাবে হাতত লোৱা উচিত ৷ উচ্চতম ন্যায়ালয়ৰ বাহিৰে আন কোনেও প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰিবলৈ সাহস নকৰিব ৷ মালিকৰ অভিযোগসমূহৰ লগত জোৱানৰ নিৰাপত্তাৰ লগতে দেশৰ নিৰাপত্তা, অখণ্ডতা জড়িত হৈ আছে ৷

তেওঁ লগতে কয় যে, বিশ্ববাসীয়ে জানিব যে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে নিজৰ জোৱানৰ নিৰাপত্তাৰ বিষয়তো আপোচ কৰে ৷ লগতে দুৰ্নীতিৰ বিষয়ত বিশ্ববাসীৰ আগত দেশৰ গৌৰৱো অধঃপতিত হ’ব ৷ ইতিমধ্যে দেশত গণতান্ত্ৰিক মূল্যবোধ অৱনমিত হোৱাৰ কথা বিশ্ববাসীয়ে জানিবলৈ লৈছে ৷ জনসাধাৰণৰ বাবে দেশৰ স্বাৰ্থ যি কোনো দলৰ আৰু যি কোনো ব্যক্তিৰ স্বাৰ্থতকৈ বহু উৰ্দ্ধত বুলি অসম জাতীয় পৰিষদে বিশ্বাস কৰে ৷

লগতে পঢ়ক: Farm laws ৰ বিৰোধী মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিকৰ বিশেষ সাক্ষাৎকাৰ

আনহাতে, ৰাষ্ট্ৰপতিৰ কাম-কাজত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে হস্তক্ষেপ কৰা বুলি সত্যপাল মালিকে কৰা অভিযোগ সন্দৰ্ভত ভূঞাই কয় যে, ৰাষ্ট্ৰপতি হৈছে দেশৰ সাংবিধানিক মুৰব্বী আৰৰু নিজৰ কাম-কাজ কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতি স্বাধীন ৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ৰাষ্ট্ৰপতিৰ কাম-কাজত হস্তক্ষেপ কৰি ৰাষ্ট্ৰপতিৰ মর্যাদা লাঘৱ কৰিছে ৷ ভাৰতৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহত যিসকল উপাচাৰ্য নিযুক্ত কৰা হৈছে সেই আটাইকেইগৰাকী সংঘৰ লগত সম্পৰ্ক থকা আৰু তেওঁলোকৰ কলেজৰ অধ্যক্ষ হোৱাৰো যোগ্যতা নাই বুলি সত্যপাল মালিকে কোৱা কথাখিনিলৈ আঙুলিয়াই দি এইটো অতি গুৰুত্বপূৰ্ণ অভিযোগ আৰু ইয়াৰ তদন্ত হোৱা উচিত বুলি সদৰী কৰে (Satya Pal Malik comments on Pulwama)৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.