ETV Bharat / state

Special Review Meeting of Public Health: কলাক্ষেত্ৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশেষ পৰ্যালোচনা বৈঠক

author img

By

Published : Mar 22, 2023, 10:09 AM IST

Review Meeting of Public Health
জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশেষ পৰ্যালোচনা বৈঠক

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশেষ পৰ্যালোচনা বৈঠক ৷ চাহ বাগান এলেকাত জল জীৱন মিছনৰ সফলতা আৰু কামৰ অগ্ৰগতি সম্পৰ্কত এই বৈঠক আয়োজন কৰা হয় (Special Review Meeting of Public Health) ৷

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী পল্লৱ লোচন দাস

গুৱাহাটী, 22 মাৰ্চ: শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশেষ পৰ্যালোচনা বৈঠক ৷ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মঙলত অনুষ্ঠিত হয় এই বৈঠক ৷ চাহ বাগিচা পৰিচালনা আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে বৈঠকত মিলিত হয় জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা (Special Review Meeting of Public Health) ৷

চাহ বাগান এলেকাত জল জীৱন মিছনৰ সফলতা আৰু কামৰ অগ্ৰগতি সম্পৰ্কত এই বৈঠক আয়োজন কৰা হয় ৷ বৈঠকত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকে ধৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পবন সিং ঘাটোৱাৰ, শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ, মন্ত্ৰী যোগেন মোহন, জল জীৱন মিছনৰ এম ডি কৈলাশ কাৰ্তিক, খুমটাইৰ বিধায়ক মৃণাল শইকীয়া, বিধায়ক ৰূপেশ গোৱালা, বিধায়ক তেৰশ গোৱালা আৰু বিধায়ক ৰূপজ্যোতি কুর্মী ৷ লগতে বৈঠকত অংশগ্ৰহণ কৰে বিভিন্ন জিলাৰ পৰা অহা চাহ মজদুৰ সংঘৰ বিষয়ববীয়া, চাহ জনজাতি ছাত্ৰ সন্থাকে ধৰি বিভিন্ন চাহ জনগোষ্ঠীয় প্ৰতিনিধিয়ে ৷ শাসক-বিৰোধী সহিতে যিসকল বিধায়কৰ সমষ্টিত চাহ বাগিছা আছে, সেই সকলো বিধায়ককে পৰ্যালোচনা বৈঠকলৈ নিমন্ত্ৰণ জনোৱা হৈছে বুলি মন্তব্য কৰে বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই (Jayanta Malla Baruah Minister Public Health) ৷

কিছু সময়ৰ বাবে বৈঠকত উপস্থিত থাকে কংগ্ৰেছী বিধায়ক দেৱব্ৰত শইকীয়া অৰু কমলাক্ষ দে' পুৰকায়স্থ ৷ বৈঠকত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই চাহ বাগিচা এলেকাত ভাৰত চৰকাৰৰ জল জীৱন মিছন আচঁনি কিদৰে ৰূপায়ণ কৰা হৈছে তাৰ বিষয়ে বিশদভাৱে ব্যাখ্যা কৰে (Special review meeting of Public Health at Kalakshetra)।

মন্ত্ৰী গৰাকীয়ে কয় যে ৰাজ্যত 800 চাহ বাগিচাত 1800 কোটি টকা ব্যয় সাপেক্ষে 1600তকৈও অধিক আচঁনি ৰূপায়ণ কৰা হৈছে ৷ প্ৰতিখন চাহ বাগিচাত বিশুদ্ধ খোৱা পানী যোগানৰ লক্ষ্যৰে জল জীৱন মিছনৰ কাম তীব্ৰ গতিত আগবাঢ়িছে ৷ কম দিনৰ ভিতৰতে সকলো চাহ বাগিচা অঞ্চলত বিশুদ্ধ খোৱা পানী যোগানৰ কাম এশ শতাংশ সম্পূৰ্ণ কৰা হ'ব বুলিও মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷(Public Health Department meeting at Kalakshetra) ৷

মন্ত্ৰী গৰাকীয়ে লগতে কয় যে, এতিয়াৰে পৰা স্বচ্ছ ভাৰতৰ অধীনত শৌচাগাৰ নিৰ্মাণৰ বাবে হিতাধিকাৰী সকলক 12 হাজাৰ টকা, দুটাকৈ কিস্তিত পোনপটীয়াভাৱে বেংক একাউণ্টত প্ৰদান কৰা হ'ব ৷ যদিহে শৌচাগাৰৰ টকাৰ সদব্যৱহাৰ নকৰে তেন্তে হিতাধিকাৰী সকলৰ অৰুণোদয় আঁচনিৰ ধন কৰ্তন কৰা হ'ব বুলিও মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে (Srimanta sankardev kalakshetra Guwahati) ৷

কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা এই পৰ্যালোচনা বৈঠকত বিৰোধী দলৰ দলপতিকে ধৰি সকলোৱে এই ব্যৱস্থাটোৰ লগত নিজকে জড়িত কৰিব বিচৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰী গৰাকীয়ে। পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী পৰ্যায়তো একেধৰণৰ এখন বৈঠক হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই (Assam Orunodoi Scheme) ৷

লগতে পঢ়ক: LiFE campaign in Guwahati : ২২মাৰ্চৰ পৰা ৭ টা বিষয় সামৰি আৰম্ভ হ’ব সপ্তাহজোৰা LiFE ৰ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.