ETV Bharat / state

LiFE campaign in Guwahati : ২২মাৰ্চৰ পৰা ৭ টা বিষয় সামৰি আৰম্ভ হ’ব সপ্তাহজোৰা LiFE ৰ কাৰ্যসূচী

author img

By

Published : Mar 21, 2023, 10:54 PM IST

চলিত মাহৰ ২২ তাৰিখৰ পৰা ২৮ লৈকে ৰাজ্যজুৰি ৭ টা বিষয় সামৰি আৰম্ভ হ’ব সপ্তাহজোৰা LiFE ৰ কাৰ্যসূচী । মঙলবাৰে গুৱাহাটীত এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM inaugurates LiFE campaign in Guwahati) ।

Assam CM inaugurates LiFE campaign in Guwahati
গুৱাহাটীত LiFE অভিযানৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই

গুৱাহাটীত LiFE অভিযানৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই

গুৱাহাটী, ২১ মাৰ্চ : মঙলবাৰে শুভাৰম্ভণি কৰা হ’ল অসম চৰকাৰ বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ দ্বাৰা অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা সুদূৰ প্ৰসাৰী LiFE (পৰিৱেশৰ বাবে জীৱনশৈলী) অভিযানৰ (PM Modi aunch Mission Lifestyle for Environment) । এই অভিযানৰ নাম দিয়া হৈছে ‘‘LiFE বাবে এসপ্তাহ’’ ৷ অৰ্থাৎ A week For Life । মংগলবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নতুন প্ৰেক্ষাগৃহত এই অভিযানৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM inaugurates LiFE campaign in Guwahati)।

LiFE ৰ শুভাৰম্ভণি অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে উপস্থিত থাকে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত । অভিযানৰ শুভাৰম্ভণি কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, গোলকীয় উষ্ণতাৰ যি প্ৰত্যাহ্বান তাক সজাগতা অবিহনে এই সমস্যাৰ সমাধান অসম্ভৱ । যিধৰণে গোলকীয় উষ্ণতাৰ বাবে যিধৰণে সজাগতা হ’ব লাগিছিল, সেয়া হোৱা নাই । অসমৰ যদি ৫০% মানুহে বছৰত এজোপাকৈও গছ ৰোপণ কৰিলে বছৰত ৰাজ্যত ১.৫ কোটি গছ ৰোপণ হ’ব ।

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই আৰু কয়, ‘‘অসমত ব্যাপক হাৰত বনাঞ্চল নোহোৱা হৈছে । বনাঞ্চল নোহোৱাৰ বাবে মানুহ আৰু জন্তুৰ মাজত সংঘাত বৃদ্ধি পাইছে । আমাৰ চৰকাৰে দুটা বছৰত ৰাজ্যত ৬০৬৭ হেক্টৰ ভূমি বেদখল মুক্ত কৰিছে । পৰিৱেশ অনুকূল কৰাৰ বাবে চেষ্টা কৰিছো (LiFE promotes an environmentally conscious lifestyle) । অসমত ৩ হাজাৰ মেগাৱাট সৌৰ শক্তি উৎপাদনৰ লক্ষ্য লৈছোঁ । তদুপৰি অসমত ২০০ ইলেক্টনিক বাছ কিনা হ’ব’’ । ইতিমধ্যে গুৱাহাটীত ১০০ খন CNG বাছ চলি আছে বুলিও তেওঁ মন্তব্য কৰে ।

লগতে তেওঁ আৰু কয় যে LiFE বাবে এসপ্তাহৰ কাৰ্যসূচীৰ প্ৰথম দিনটো পানী সংৰক্ষণৰ, দ্বিতীয় দিনটো শক্তি সংৰক্ষণৰ বাবে, তৃতীয়টো দিন এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ প্ৰচলন হ্ৰাস কৰা, চতুৰ্থ দিন বহনক্ষম খাদ্য প্ৰণালী গ্ৰহণৰ দিন, পঞ্চম দিন আৱৰ্জনা হ্ৰাস (স্বচ্ছতা কাৰ্য) দিন কৰা, ষষ্ঠ দিন ইলেকট্ৰনিক আৱৰ্জনাৰ দিন সীমিতকৰণৰ বাবে, সপ্তম দিন সু-স্বাস্থ্যৰ বাবে অনুকৰণীয় জীৱনশৈলী প্ৰচাৰ কৰাৰ বাবে বুলি মন্তব্য কৰে ।

উল্লেখ্য যে, অহা ২২ মাৰ্চৰ পৰা ২৮ মার্চ লৈকে ৰাজ্যজুৰি ৭ টা বিষয় সামৰি আৰম্ভ হ’ব সপ্তাহজোৰা এই LiFE ৰ কাৰ্যসূচী ।

লগতে পঢ়ক : Supreme Court on Death Penalty : মৃত্যুদণ্ডৰ ক্ষেত্ৰত ফাঁচিৰ পৰিৱৰ্তে অন্য পদ্ধতিৰ চিন্তা ছুপ্ৰিম কোৰ্টৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.