ETV Bharat / state

ৰূপকোঁৱৰৰ স্মৃতিত ৰাজ্যবাসীয়ে পালন কৰিলে শিল্পী দিৱস

author img

By

Published : Jan 17, 2022, 7:32 PM IST

অসমীয়া সমাজ জীৱনত নতুন দিগন্তৰ সূচনা কৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি 71 তম মৃত্যু বাৰ্ষিকী (Death anniversary of Jyoti Prasad Agarwala) ৷ সেই উপলক্ষে ৰাজ্যজুৰি সোমবাৰৰ দিনটোত পালন কৰা হ’ল শিল্পী দিৱস (Silpi Divas observed in memory of Jyoti Prasad Agarwala) ৷ চাওঁ আহক এই সম্পৰ্কীয় আমাৰ এক বিশেষ প্ৰতিবেদন ৷

silpi-divas-observed-across-assam-in-memory-of-jyoti-prasad-agarwala
ৰূপকোঁৱৰৰ স্মৃতিত ৰাজ্যবাসীয়ে পালন কৰিলে শিল্পী দিৱস

নিউজ ডেস্ক, 17 জানুৱাৰী : আজি 17 জানুৱাৰী, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 71 তম মৃত্যু বাৰ্ষিকী (Death anniversary of Jyoti Prasad Agawala) ৷ ৰাজ্যজুৰি এইজনা মহান মণিষীৰ মৃত্যু দিনটো পালন কৰা হয় শিল্পী দিৱস হিচাপে (Silpi Divas observed in memory of Jyoti Prasad Agarwala) ৷

সুন্দৰৰ সাধনাৰে অসমীয়া সংস্কৃতি-সাহিত্য তথা সমাজ জীৱনত অনন্য মাত্ৰা প্ৰদান কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই ৷ 1903 চনৰ 17 জুনত ডিব্ৰুগড় জিলাৰ মদাৰখাত মৌজাৰ তামোলবাৰী চাহ বাগিচাত জন্ম হৈছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৷

তেওঁৰ মাতৃ আছিল কিৰণময়ী আগৰৱালা আৰু পিতৃ পৰমানন্দ আগৰৱালা ৷ ৰাজস্থানৰ মাৰৱাৰ প্ৰদেশৰ পৰা অসমলৈ 1811 চনত অহা এটা পৰিয়ালত, এক কথাত সোণৰ চামুচ মুখত লৈ জন্ম লাভ কৰিছিল জ্যোতিপ্ৰসাদে ৷ এক বৰ্ণিল জীৱনৰ গৰাকী আছিল তেওঁ, তেওঁৰ দৃষ্টি আৰু দৰ্শনত লুকাই আছিল জাতীয়তাবাদী চিন্তাৰ চেতনা । কিন্তু সেই চিন্তা-চেতনা নিৰ্দিষ্ট ভৌগোলিক পৰিসীমাৰ ভিতৰত আৱদ্ধ নাছিল ।

ৰূপকোঁৱৰৰ স্মৃতিত ৰাজ্যবাসীয়ে পালন কৰিলে শিল্পী দিৱস

জাৰ্মানীৰ বাৰ্লিনত চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ গ্ৰহণ কৰিও স্বদেশলৈ ঘূৰি আহিছিল জ্যোতিপ্ৰসাদ আগৰৱালা ৷ দেশ-বিদেশত শিক্ষা গ্ৰহণ কৰাৰ অন্তত নিজ ঘৰলৈ ঘূৰি আহি স্বাধীনতাৰ সপোন বুকুত লৈ স্বাধীনতা আন্দোলনত জপিয়াই পৰা জ্যোতিপ্ৰসাদে 15 মাহৰ বাবে কাৰাবন্দীৰ জীৱন যাপন কৰিছিল (Jyoti Prasad Agarwala in Freedom Movement) ৷

কেৱল সিমানেই নহয়, 1935 চনত জ্যোতিপ্ৰসাদে নিৰ্মাণ কৰি উলিয়াইছিল অসমৰ প্ৰথমখন কথা ছবি জয়মতী (First Assamese film Joymoti) ৷ ৰূপকোঁৱৰক ব্যৱসায়িক সফলতা দিয়াত ব্যৰ্থ হোৱা জয়মতীয়ে কিন্তু অসমতেই নহয় সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰিছিল ৷ ইয়াৰ পিছতে নতুন দিগন্তৰ সূচনা হৈছিল অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনত ৷

অসমীয়া সাহিত্য-সংস্কৃতিৰ ভঁৰাল চহকী কৰি তেখেতে শোণিত কুঁৱৰী, ৰূপালীম, লভিতা, কাৰেঙৰ লিগিৰী, নিমাতী কইনা আদি নাটক ৰচনা কৰে ৷ ইয়াৰ লগতে তেওঁ বহুকেইটা কালজয়ী গীতৰো ৰচনা কৰে ৷ পৰৱৰ্তী সময়ত এই গীতসমূহ জ্যোতি সংগীত ৰূপে সমাদৃত হয় ৷

জ্যোতিপ্ৰসাদৰ কলমৰ পৰা নিগৰিত ৰূপহী, বগীতৰা, সোণতৰা আদি বহুকেইটা গল্পয়ো অসমীয়া সাহিত্যৰ ভঁড়াল চহকী কৰে ৷ এটা বৰ্ণাঢ্য অথচ চুটি জীৱন যাত্ৰাৰে অসমীয়া সমাজ জীৱনত এক নতুন যুগৰ সূচনা কৰি মাত্ৰ 48 বছৰ বয়সত 1951 চনৰ 17 জানুৱাৰীত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ইহলীলা সম্বৰণ কৰে ৷ 17 জানুৱাৰীৰ তেখেতৰ মৃত্যু তিথিটোক সমগ্ৰ ৰাজ্যত শিল্পী দিৱসৰূপে পালন কৰা হয় ৷

সেইজনা ৰূপকোঁৱৰৰ প্ৰতি সন্মান জনাই আজিও প্ৰতিবাৰৰ দৰে ৰাজ্যজুৰি পালন কৰা হৈছে শিল্পী দিৱস ৷ ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰূপকোঁৱৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰি স্মৰণ কৰে মহান শিল্পীগৰাকীক (Sarbananda Sonowal pays Tribute to Jyoti Prasad Agarwala) ৷ সদৌ অসম ছাত্ৰ সন্থায়ো প্ৰতিবছৰৰ দৰে ৰাজ্যজুৰি পালন কৰিছে শিল্পী দিৱস ৷ জাতীয় সংগঠনটোৱে এইবেলি তিনিচুকীয়া জিলাৰ ডুমডুমাত আয়োজন কৰিছে কেন্দ্ৰীয় শিল্পী দিৱস ৷ অসমীয়া সাহিত্য-সংস্কৃতিৰ ভঁৰাল চহকী কৰা সুন্দৰৰ সাধক ৰূপকোঁৱৰৰ মৃত্যু দিৱসত সমগ্ৰ অসমৰ লগতে ইটিভি ভাৰতৰ তৰফৰ পৰাও যাঁচিলো সশ্ৰদ্ধ প্ৰণিপাত ৷

লগতে পঢ়ক : ৰূপকোঁৱৰৰ অমৰ সৃষ্টিক সজীৱ কৰি ৰাখিবলৈ নতুন প্ৰজন্মক আহ্বান সৰ্বানন্দ সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.